অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হালধীয়া-গালৰ হলৌ বান্দৰ

হালধীয়া-গালৰ হলৌ বান্দৰ (Yellow-cheeked gibbon; বৈ‍জ্ঞানিক নামঃ Nomascus gabriellae)ক সোণালী গালৰ হলৌ বান্দৰ, হালধীয়া গালৰ জঁযুক্ত হলৌ বান্দৰ, সোণালী গালৰ জঁযুক্ত হলৌ বান্দৰ, ৰঙা গালৰ হলৌ বান্দৰ বা হালধীয়া গালৰ হলৌ বান্দৰ বুলি‍ কোৱা হয়।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৪ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হালধীয়া-গালৰ হলৌ বান্দৰ (Yellow-cheeked gibbon; বৈ‍জ্ঞানিক নামঃ Nomascus gabriellae)ক সোণালী গালৰ হলৌ বান্দৰ, হালধীয়া গালৰ জঁযুক্ত হলৌ বান্দৰ, সোণালী গালৰ জঁযুক্ত হলৌ বান্দৰ, ৰঙা গালৰ হলৌ বান্দৰ বা হালধীয়া গালৰ হলৌ বান্দৰ বুলি‍ কোৱা হয়। ই হৈছে ভিয়েটনাম, লাওছ আৰু কম্বোডিয়াৰ স্থানীয় হলৌ বান্দৰৰ এটা প্ৰজাতি। এই প্ৰজাতিটো ব্ৰিটিছ প্ৰকৃতিবিদ গেব্ৰিয়েল মড ভাচালে আৱিষ্কাৰ আৰু নামকৰণ কৰিছিল।১

হালধীয়া গালৰ হলৌ বান্দৰ জন্মগতভাৱে হালধীয়া আৰু পিছত ক'লা হৈ পৰে। মতাবোৰে‍ এই ৰং গোটেই জীৱনজুৰি বহন কৰে আৰু সিহঁতৰ গালৰ ৰং সোণালী হয়। মাকৰ নোমৰ লগত মিলি যোৱাকৈ‍ মাইকী পোৱালিৰ জন্মৰ সময়ত গাৰ বৰণ সোণালী হয় কিন্তু পিছলৈ সেই ৰং ক'লালৈ‍ ৰূপান্তৰিত হয়। লৈংগিক পৰিপক্বতাৰ সময়ত মাইকী হলৌবোৰৰ মূৰৰ ওপৰত কেৱল এটা ক'লা টুপী থাকে আৰু শৰীৰটো সোণালী হৈ পৰে।২

এই দিবাচৰ আৰু বৃক্ষবাসী হলৌবিধ প্ৰাথমিক ক্ৰান্তীয় বনাঞ্চলত বাস কৰে আৰু খাদ্যৰ বাবে‍ ফলৰ সন্ধানত গছৰ ডালে ডালে‍ ইফালৰ পৰা সিফাললৈ বগাই যায়।

চিনাচিনাটি চিৰিয়াখানাত হালধীয়া গালৰ প্ৰাপ্তবয়স্ক মাইকী হলৌ বান্দৰ
চিনাচিনাটি চিৰিয়াখানাত হালধীয়া গালৰ প্ৰাপ্তবয়স্ক মাইকী হলৌ বান্দৰছবি: Greg Hume · CC BY-SA 3.0

বনাঞ্চলত থকা এই প্ৰজাতিটোৰ বিষয়ে অলপহে জনা যায়, কিন্তু ইয়াৰ জীৱনকাল প্ৰায় ৪৬ বছৰ বুলি ধাৰণা কৰা হয়।৩

হালধীয়া গালৰ হলৌ বান্দৰবোৰে পুৱাৰ ভাগত ডাঙৰকৈ শব্দ কৰি‍ চিঞৰ‍ে। সেই চিঞৰে‍ সম্ভৱতঃ ভূখণ্ড, খাদ্য বৃক্ষ, সঙ্গীক ৰক্ষা কৰাত সহায় কৰে, তাৰ লগতে যৌণ সম্পৰ্ক গঢি়বলৈ‍ সম্ভাৱ্য সঙ্গীক আকৰ্ষিত কৰাত সহায়ক হয়। দ্বৈতগীত যোৰাপতা হলৌৰ মাজত হয়, গীতটো সমন্বিত আৰু ইয়াত যৌন সম্পৰ্কৰ ইংগিত থাকে।৪৩

সংৰক্ষণ আৰু পুনৰ্বাসন

এই প্ৰজাতিৰ হলৌ সৰ্বাধিক সংখ্যক কম্বোডিয়াৰ কেঅ'ছেইমা বন্যপ্ৰাণী অভয়াৰণ্যত আছে। ২০২০ চনত আনুমানিক ১৪৩২টা এইবিধ হলৌ আছে‍। যোৱা দশকত ইয়াৰ সংখ্যা স্থিৰ হোৱা দেখা গৈছে। ৫ এই স্থানত কেইবাটাও সংৰক্ষণ কাৰ্যসূচী সক্ৰিয় হৈ আছে, যাৰ ভিতৰত আছে বন্যপ্ৰাণী সংৰক্ষণ সমিতিৰ দ্বাৰা সমৰ্থিত সংৰক্ষিত এলেকা ব্যৱস্থাপনা আৰু মানুহৰ সৈতে অভ্যস্ত হলৌক কেন্দ্ৰ কৰ‍ি সামূহিক পৰিৱেশ পৰ্যটন প্ৰকল্প গঢি় তোলা।৬৭ কেট টিয়েন ৰাষ্ট্ৰীয় উদ্যানত বৃহৎ সংখ্যক এইবিধ বন্য হলৌ পোৱা যায়, তাত বিপন্ন এছিয়ান প্ৰজাতি ন্যাস (ইউকে) আৰু পিংটুং বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ (টাইৱান)ৰ সহযোগিতাত দাও টিয়েন বিপন্ন প্ৰাইমেট প্ৰজাতি কেন্দ্ৰ স্থাপন কৰা হৈছে যিয়ে‍ এন. গেব্ৰিয়েলা আৰু অন্যান্য বিপন্ন বান্দৰ প্ৰজাতি‍ উদ্ধাৰ, পুনৰ্বাসন আৰু মুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে‍।

এটা মতা হালধীয়া গালৰ হলৌ বান্দৰ।
এটা মতা হালধীয়া গালৰ হলৌ বান্দৰ।ছবি: Julielangford · CC BY-SA 3.0

তথ্যসূত্ৰ

  1. ↑ Gulliver. (April 2020). Gabrielle Vassal (1880–1959): collecting specimens in Indochina for the British Museum (Natural History), 1900–1915. Archives of Natural History. পৃ. 29–40
  2. ↑ Geissman, Thomas. Fact Sheet: Yellow-Cheeked Crested Gibbon
  3. ↑ Quist, Erin. Nomascus gabriella. Animal Diversity Web
  4. ↑ Geissmann, T. Evolution of communication in gibbons (Hylobatidae). Anthropological Institute, Philosoph. Faculty II, Zürich University
  5. ↑ Nuttall; Griffin, Olly; Fewster, Rachel M. (2021). Long-term monitoring of wildlife populations for protected area management in Southeast Asia. Conservation Science and Practice. পৃ. e614
  6. ↑ Griffin; Nuttall, M. (2020-12-04). Status of Key Species in Keo Seima Wildlife Sanctuary 2010-2020
  7. ↑ (2020-08-25). Jahoo · Ecotourism, Gibbon Conservation and Research

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন ৰঙা তালিকাৰ বিলুপ্তপ্ৰায় প্ৰজাতিবিপন্ন প্ৰজাতিবান্দৰকম্বোডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালধীয়া-গালৰ হলৌ বান্দৰ” প্ৰবন্ধৰ সংশোধন ৪৫৫১১৮ (১৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।