জাতীয় সংগীত
৫ প্ৰবন্ধ
-
বন্দে মাতৰম্
বন্দে মাতৰম্ (সংস্কৃত: 'वन्दे मातरम्'; "মাতৃ বন্দনা") বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প।
-
অসমৰ জাতীয় গীত
অ’ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীত। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাসমূহৰ ভিতৰত ই এক অন্যতম কবিতা। অসমৰ জাতীয় সংগীতটোৰ মূল কথাখিনি "মোৰ দেশ" নামেৰে ১৯১০ চনৰ মে' মাহৰ বাঁহীত (শ্ৰী কৃপাবৰ বৰুৱা ছদ্মনামত) আৰু ১৯১৩ চনত 'কদমকলি' পুথিত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিল।
-
নতুনেৰ গান
নতুনেৰ গান (নতুনেব় গান, The Song of Youth) হ'ল ১৯২৯ চনত বাংলাদেশৰ জাতীয় কবি কাজী নজৰুল ইছলামৰ দ্বাৰা ৰচিত তথা সুৰাৰোপিত সন্ধ্যা কাব্যগ্ৰন্থৰ অন্তৰ্গত এটা গান। দাদৰা তালৰ এই সংগীতটো ১৯৭২ চনৰ ১৩ জানুৱাৰীত অনুষ্ঠিত বাংলাদেশৰ তৎকালীন মন্ত্ৰীসভাৰ প্ৰথম বৈঠকত বাংলাদেশৰ ৰণ-সংগীত হিচাপে নিৰ্বাচন কৰা হয়।
-
কিমিগায়'
কিমিগায় (জাপানী ভাষাত: 君が代|君が代,, "তেওঁৰ ঔপনিৱেশিক মহিমাৰ ৰাজত্ব") জাপানৰ জাতীয় সংগীত। কিমিগায়'ৰ কথা সম্ভৱতঃ বিশ্বৰ ভিতৰতেই পুৰণি। ৩২টা আখৰ থকা এই জাতীয় সংগীত বিশ্বৰ ভিতৰতেই আতাইতকৈ চুটি জাতীয় সংগীতো হয়।
-
বন্দে উৎকল জননী
বন্দে উৎকল জননী ভাৰতৰ উৰিষ্যা ৰাজ্যৰ জাতীয় সংগীত। এই গীত কান্ত কবি লক্সমিকান্ত মহাপাত্ৰৰ দ্বাৰা ৰচিত। ১৯৩৬ চনত উৰিষ্যা স্বতন্ত্ৰ হোৱাৰ পিছত এই গীতক জাতীয় সংগীতৰ স্বীকৃতি দিয়া হ'ল। এই গীতত উৎকল বা উৰিষ্যা গৌৰৱময়ী কৰাৰ পৰিকল্পনা প্ৰকাশ পাইছে। এই গীতে পৃথক উড়িশ্যাৰ আন্দোলনক তীব্ৰতৰ কৰি তুলিলে।