ভাৰতীয় ৰাণী
২৮ প্ৰবন্ধ
-
কুন্তী
মহাভাৰতৰ আখ্যানমতে কুন্তী (कुन्ती) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা, আৰু ৰজা কুন্তীভোজৰ তোলনীয়া কন্যা। তেওঁ বাসুদেৱৰ ভনীয়েক আছিল। হস্তিনাপুৰৰ ৰজা পাণ্ডুলৈ তেওঁৰ বিয়া হৈছিল আৰু কৰ্ণৰ লগতে প্ৰথম তিনিজন পাণ্ডৱৰ মাতৃ হৈছিল। সম্পৰ্কত তেওঁ কৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ পেহীয়েক।
-
গান্ধাৰী
গান্ধাৰী (गांधारी, অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা।
-
গায়ত্ৰী দেৱী
মহাৰাণী গায়ত্ৰী দেৱী (Maharani Gayatri Devi; জন্ম কোঁচবিহাৰৰ ৰাজকুমাৰী গায়ত্ৰী দেৱী; ২৩ মে ১৯১৯-২৯ জুলাই ২০০৯) মহাৰজা সাৱাই মান সিং দ্বিতীয়ৰ সৈতে বিবাহসূত্ৰে ১৯৪০ৰ পৰা ১৯৪৯লৈ জয়পুৰৰ তৃতীয় মহাৰাণী আছিল।
-
ৰাণী লক্ষ্মীবাই
ৰাণী লক্ষ্মীবাই (; ১৯ নৱেম্বৰ ১৮২৮ – ১৮ জুন ১৮৫৮), উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী আছিল। ঠাইখন এতিয়াৰ উত্তৰ প্ৰদেশৰ ঝান্সী জিলাত অৱস্থিত। ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবায়ো অন্যতম আছিল।
-
কুৰংগনয়নী
কুৰংগনয়নী (Kuranganayani) বা তেখাও-লেইমা মণিপুৰৰ ৰাজকুমাৰী তথা অসমৰ বৰকুঁৱৰী আছিল। তেওঁ মেইটেই শাসক চিঙ থাং খমবাৰ জীয়ৰী তথা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী আৰু প্ৰধান ৰাণী আছিল।
-
দেৱযানী
দেৱযানী ( Devayani; देवयानी, Devayānī) হিন্দু পৌৰাণিক কথা অনুসৰি দৈত্যগুৰু শুক্ৰাচাৰ্য্য আৰু উৰ্জস্বতীৰ জীয়ৰী। যযাতিৰ সৈতে তেওঁৰ বিবাহ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানৰ জন্ম হৈছিল- যদু আৰু তুৰ্বসু। বিবাহৰ পূৰ্বে তেওঁ এবাৰ বৃহস্পতিৰ পুত্ৰ কচৰ প্ৰতি আসক্ত হৈছিল।
-
ফুলেশ্বৰী কুঁৱৰী
ফুলেশ্বৰী (ইংৰাজী ভাষা:Phuleswari) আহোম ৰজা শিৱ সিংহৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা। পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়।
-
কিট্টুৰ চেন্নাম্মা
কিট্টুৰ চেন্নাম্মা ( Kittur Chennamma ২৩ অক্টোবৰ ১৭৭৮- ২১ ফেব্ৰুৱাৰী ১৮২৯ চন) বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী আছিল। ১৮২৪ চনত, চিপাহী বিদ্ৰোহৰ তেইশ বছৰ আগতে স্বত্ববিলোপ নীতিৰ প্ৰতিবাদকল্পে আৰু কিট্টুৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে সশস্ত্ৰ…
-
মমতাজ মহল
মমতাজ মহল ( ممتاز محل;; Mumtaz Mahal; জন্ম আৰ্জুমন্দ বানু বেগম; ২৭ এপ্ৰিল ১৯৫৩- ১৭ জুন ১৬৩১) ১৯ জানুৱাৰী ১৬২৮-ৰ পৰা মৃত্যুৰ দিনলৈকে মোগল সম্ৰাট শ্বাহ জাহানৰ বেগম আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিৰ ওপৰত সম্ৰাট শ্বাহজাহানে বিশ্বৰ এক আশ্চৰ্য্য বুলি গণ্য কৰা আগ্ৰাৰ তাজমহল নিৰ্মাণ কৰাইছিল।
-
ৰমণী গাভৰু
নাং-ছেং ওৰফে ৰমণী গাভৰু (জন্ম- আনুমানিক ১৬৫৬) আছিল আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি গাভৰুৰ একমাত্ৰ জী, আহোম ৰাজ্যৰ ৰাজকুঁৱৰী। বিবাহ সূত্ৰে তেওঁৰ নাম ৰহমত বানু বেগম (رحمت بانو بیگم) হয় যি মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ প্ৰথমগৰাকী পত্নী হৈছিল।
-
ৰাণী পদ্মিনী
পদ্মিনী (Padmini) তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী আছিল। তেওঁক পদ্মাৱতী হিচাপেও জনা যায়। সোতৰ শতিকাৰ বহুকেইখন গ্ৰন্থত তেওঁৰ উল্লেখ পোৱা যায়, যাৰ প্ৰচীমতম সূত্ৰ পদ্মাৱত। ১৫৪০ খ্ৰীষ্টাব্দত মালিক মহম্মদ জায়সীয়ে এই মহাকাব্য ৰচনা কৰিছিল।
-
অহল্যাবাই হোলকাৰ
মহাৰাণী অহল্যাবাই হলকাৰ (৩১ মে ১৭২৫ – ১৩ আগষ্ট ১৭৯৫) ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল। ৰাজমাতা অহল্যাবাই মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ জামখেদ অঞ্চলৰ গ্ৰাম চৌণ্ডিত জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ৰাজধানী ইন্দোৰৰ দক্ষিণে নৰ্মদা নদীৰ পাৰৰ মহেশ্বৰত স্থাপন কৰিছিল।
-
নুৰ জাহান (মোগল সম্ৰাজ্ঞী)
নুৰ জাহান (Nur Jahan; জন্ম মেহেৰ-উন-নিচা; ৩১ মে ১৫৭৭- ১৮ ডিচেম্বৰ ১৬৪৫) মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী আছিল। আকবৰ এজন উজীৰ-এ-আজমৰ (মন্ত্ৰী) কন্যা আছিল নুৰ জাহান। নুৰ জাহান শব্দৰ অৰ্থ বিশ্বৰ পোহৰ।
-
মায়া (বুদ্ধদেৱৰ মাতৃ)
ৰাণী মায়াদেৱী (Queen Māyā of Sakya; Māyādevī) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক সন্ত গৌতম বুদ্ধৰ জন্মদাত্ৰী মাতৃ। তেওঁ প্ৰথম বৌদ্ধ ভিক্ষুণী প্ৰজাপতি গৌতমীৰ বায়েক আৰু ৰজা শুদ্ধোধনৰ পত্নী। গৌতম বুদ্ধ বা সিদ্ধাৰ্থৰ প্ৰসৱৰ সময়ত তেওঁৰ মৃত্যু হৈছিল।
-
ৰাণী কৰ্ণাৱতী
ৰাণী কৰ্ণাৱতী বা ৰাণী কৰ্মাৱতী (Rani Karnavati; মৃত্যু: ৮ মাৰ্চ ১৫৩৪) ভাৰতৰ বুন্দিৰ এগৰাকী ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক আছিল। মেৱাৰৰ ৰাণা সংগ্ৰাম সিংহৰ সৈতে তেওঁৰ বিবাহ হয়। পৰৱৰ্তী দুই ৰাণা, ৰাণা বিক্ৰমাদিত্য আৰু ৰাণা উদয় সিংহৰ মাতৃ আৰু মহাৰাণা প্ৰতাপৰ আইতাক।
-
বেগম হজৰত মহল
বেগম হজৰত মহল (Begum Hazrat Mahal, ১৮২০ – ৭ এপ্ৰিল ১৮৭৯) অৱধ ৰাজ্যৰ বেগম আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ অৱধ ৰাজ্যৰ শাসনকৰ্তা নৱাব ৱাজিদ আলি শ্বাহৰ দ্বিতীয় পত্নী আছিল। নৱাব ৱাজিদ আলি শ্বাহে তেওঁক তেওঁৰ ৰাজপ্ৰাসাদত লগ পাইছিল।
-
অৱন্তীবাই
অৱন্তীবাই লোধী ( Avantibai lodhi; মৃত্যু ২০ মাৰ্চ ১৮৫৮) এগৰাকী মুক্তি যুঁজাৰু আৰু বৰ্তমান দিনদোৰী, মধ্যপ্ৰদেশৰ অন্তৰ্গত ৰামগড়ৰ ৰাণী আছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
-
ধ্ৰুৱদেৱী
ধ্ৰুৱ-দেৱী আছিল বৰ্তমানৰ উত্তৰ ভাৰতত শাসন কৰা গুপ্ত ৰজা দ্বিতীয় চন্দ্ৰগুপ্ত (৩৮০ খ্ৰীষ্টাব্দ – ৪১৫ খ্ৰীষ্টাব্দ)ৰ ৰাণী। তেওঁৰ উত্তৰাধিকাৰী প্ৰথম কুমাৰগুপ্তৰ মাতৃ আছিল আৰু সম্ভৱতঃ ধ্ৰুৱস্বামিণীৰ সৈতে একে আছিল, যিগৰাকীক মাটিৰ ছীলৰ শিলালিপিত চন্দ্ৰগুপ্তৰ ৰাণী আৰু ৰাজকুমাৰ গোবিন্দগুপ্তৰ মাতৃৰ লগতে…
-
প্ৰজাপতি গৌতমী
মহাপ্ৰজাপতি গৌতমী বা গোতমী (Mahapajapati Gotami; Pali; Sanskrit Mahāprajāpatī Gautamī) গৌতম বুদ্ধৰ পালিতা মাতৃ, সতীয়া মাতৃ আৰু মাহীয়েক আছিল। বুদ্ধ পৰম্পৰাত তেৱেঁ প্ৰথম ভিক্ষুণী হ’বলৈ আকাঙ্খা কৰা নাৰী। বুদ্ধদেৱে তেওঁক বৌদ্ধ ধৰ্মত শৰণ দিছিল।
-
মৰাণ চৰকাৰ
মৰাণ চৰকাৰ ( Moran Sarkar; ) এগৰাকী পঞ্জাবী মুছলমান সম্প্ৰদায়ৰ এগৰাকী দৰবাৰী নাচৰ নাচনী (nutch girl) আছিল। ১৯০২ চনত তেওঁ মহাৰজা ৰঞ্জিত সিঙক বিয়া কৰাইছিল। এগৰাকী নাচনী ছোৱালীক বিয়া কৰোৱা বাবে শিখ ধৰ্মগুৰু আকালি ফুল সিঙে মহাৰজাক বেত্ৰাঘাটেৰে শাস্তি প্ৰদান কৰিছিল।
-
ৰাণী দুৰ্গাৱতী
ৰাণী দুৰ্গাৱতী (Rani Durgavati, ৫ অক্টোবৰ ১৫২৪ - ২৪ জুন ১৫৬৪) এগৰাকী ভাৰতীয় বীৰাংগনা।
-
ৰাণী ভৱানী
ৰাণী ভৱানী (Rani Bhabani; ১৭১৬–১৮০৩) ব্ৰিটিছ ঔপনিবেশিক শাসনৰ আমোলত বৰ্তমান বাংলাদেশৰ ৰাজশাহীৰ হিন্দু জমিদাৰ আছিল। তেওঁক অৰ্ধবংগেশ্বৰী আৰু নাটোৰৰ ৰাণী বুলিও জনা যায়। নাটোৰ ইষ্টেটৰ জমিদাৰ ৰাজা ৰমাকান্ত মৈত্ৰৰ মৃত্যুৰ পিছত তেওঁ স্বামীৰ জমিদাৰী লাভ কৰে।
-
ঔৰংগাবাদী মহল
ঔৰংগাবাদী মহল ( Aurangabadi Mahal; اورنگ آبادی محل; অৰ্থ "ৰাজ সিংহাসনৰ সমৃদ্ধি"; মৃত্যু.১৬৮৮) মোগল সম্ৰাট ঔৰৎজেৱৰ পত্নী আছিল।
-
জীনত মহল
বেগম চাহিবা জীনত মহল বা জীনত মহল ( زینت محل; Zeenat Mahal, ১৮২৩- ১৭ জুলাই ১৮৮৬) বাহাদুৰ শাহ (দ্বিতীয়) জফৰৰ প্ৰিয়তম পত্নী আছিল। তেওঁ সাম্ৰাজ্যৰ প্ৰশাসনত যথেষ্ঠ পৰিমানে হস্তক্ষেপ কৰাৰ উপৰিও নিজৰ পুত্ৰ মিৰ্জা জৱান বখটক সিংহাসনৰ উত্তৰাধিকাৰ পাতিবৰ প্ৰচেষ্টা চলাইছিল।
-
ত্ৰিভূৱন মহাদেৱী প্ৰথম
পৰমবৈষ্ণৱী গোস্বামিনী দেৱী বা ত্ৰিভূৱন মহাদেৱী প্ৰথম(Tribhuvana Mahadevi I) প্ৰাচীন উৰিষ্যাৰ ভৌমকৰ সাম্ৰাজ্যৰ প্ৰথম মহিলা শাসক আৰু ৰজা শান্তিকৰ প্ৰথমৰ বিধৱা পত্নী আছিল।
-
দেৱল দেৱী
দেৱল দেৱী (Deval Devi) গুজৰাটৰ বাঘেলা সাম্ৰাজ্যৰ শেষ সাৰ্বভৌম শাসক কৰ্ণ দেৱ দ্বিতীয়ৰ জীয়ৰী আছিল। ১৩০৮ খ্ৰীষ্টাব্দত তেওঁৰ আলাউদ্দিন খিলজীৰ জ্যেষ্ঠ পুত্ৰ খিজিৰ খানৰ সৈতে বিবাহ হয়। আঠ বছৰ পিছত খিজিৰ খাঁক তেওঁৰ ভাতৃ মুবাৰক শ্বাহে (১৩১৬-২০) মৃত্যুদণ্ড দিয়ে আৰু দেৱল দেৱীক নিজৰ হাৰেমলৈ লৈ যায়।
-
ৰাজকুমাৰী বজিৰা
বাজিৰা (বজিৰাকুমাৰী বুলিও কোৱা হয়) ৰজা অজাতশত্ৰুৰ প্ৰধান পত্নী হিচাপে মগধৰ ৰাণী পত্নী আছিল। স্বামীৰ উত্তৰাধিকাৰী হিচাপে ৰজা উদয়ভদ্ৰৰ মাতৃ আছিল। জন্মতে কোশলা ৰাজ্যৰ ৰাজকুমাৰী হিচাপে জন্মগ্ৰহণ কৰা বজিৰা আছিল ৰজা পসেনদি আৰু ৰাণী মল্লিকাৰ কন্যা।
-
ৰূপমতী
ৰাণী ৰূপমতী (Roopmati) এগৰাকী কবি আৰু মালৱাৰ চুলতান বাজ বাহাদুৰ পত্নী আছিল। ৰূপমতীক বিশেষভাৱে মালৱাৰ লোককাহিনীসমূহত উল্লেখ কৰা হৈছে। এই লোককাহিনীসমূহত চুলতান আৰু ৰূপমতীৰ মাজত প্ৰেমৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ৰূপমতীৰ সৌন্দৰ্যই মাণ্ডু জয় কৰিবলৈ আদম খানক আংশিকভাৱে প্ৰয়োচিত কৰিছিল।