ফটোগ্ৰাফাৰ
২৩ প্ৰবন্ধ
-
হোমাই ভ্যাৰাৱালা
হোমাই ভ্যাৰাৱালা (Homai Vyarawalla; ৯ ডিচেম্বৰ ১৯১৩ – ১৫ জানুৱাৰী ২০১২) আছিল ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক। তেখেত সাধাৰণতে ছদ্মনাম "ডালডা ১৩" নামেৰে পৰিচিত। তেওঁ ১৯৩০ৰ দশকত ফটো সাংবাদিকতাৰ জগত খনৰ জড়িত হৈছিল আৰু ১৯৭০ৰ দশকৰ প্ৰথমাৰ্ধত তেওঁ অৱসৰ গ্ৰহণ কৰে।
-
অ'লা আলশ্বেইখ
অ'লা আলশ্বেইখ, বা অ'লা আব্বাছ আলশ্বেইখ ওমৰ (عُلا عباس الشيخ عمر; জন্ম ওমডুৰমান, চুদান) এগৰাকী চুদানী মুক্ত-প্ৰাণ প্ৰামাণ্য আলোকচিত্ৰশিল্পী। তেওঁ মুখ্যতঃ খাৰ্তুমৰ দৈনন্দিন জীৱন আৰু সমাজিক ঘটনাসমূহ আলোকচিত্ৰত বন্দী কৰাৰ বাবে পৰিচিত।
-
আজালিয়া চুহাইমি
আজালিয়া চুহাইমি (Azalia Suhaimi; জন্মঃ ১৮ মে’ ১৯৮৫) হৈছে মালয়েছিয়াৰ এগৰাকী গল্পকাৰ, কবি আৰু শিল্পী। কাহিনী কোৱাৰ ক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বিষয়ত সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিভিন্ন মাধ্যমৰ সংমিশ্ৰণ ঘটায়।
-
আৰৱা আবৌন
আৰৱা আবৌন (Arwa Abouon) জন্ম: ১৯৮২ – মৃত্যু: ২০২০) এগৰাকী লিবিয়ান-কানাডিয়ান ফটোগ্ৰাফাৰ আছিল।
-
গুও ইংগুয়াং
গুও ইংগুয়াং (郭盈光; জন্ম ১৯৮৩) এগৰাকী চীনা আলোকচিত্ৰশিল্পী। তেওঁৰ সৃষ্টিসমূহ আধুনিক চীনৰ সামাজিক সমস্যাসমূহ—বিশেষকৈ বিবাহৰ চাপত পৰা নাৰী, ব্যৱস্থাপিত বিবাহ, আৰু তেনে বিবাহৰ ফলত স্বামী-স্ত্ৰীৰ মাজত গঢ় লৈ উঠা ছদ্ম-আন্তৰিকতা—ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।
-
চাবেৰ আবৰ
চাবেৰ আবৰ (ফাৰ্চী: صابر اَبَر; জন্ম ৮ জুন, ১৯৮৪) হৈছে এজন ইৰানী অভিনেতা, পৰিচালক আৰু লেখক। অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰদ্বাৰা পৰিচালিত এবাউট এল্মী (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
ছাদিয়া খত্ৰী
ছাদিয়া খত্ৰী (Sadia Khatri) হৈছে কৰাচীত বাস কৰা এগৰাকী পাকিস্তানী লেখিকা, ফটোগ্ৰাফাৰ খত্ৰী Girls at Dhabas-ৰ অন্যতম প্ৰতিষ্ঠাপক।.
-
ছাৰা ফাচিও
ছাৰা ফাচিও ( Sara Facio; ১৮ এপ্ৰিল ১৯৩২ – ১৮ জুন ২০২৪) আছিল এগৰাকী আৰ্জেণ্টিনাৰ ফটো সাংবাদিক আৰু প্ৰকাশক। তেওঁ এলিচিয়া ডি'এমিকোৰ সৈতে আৰ্জেণ্টিনাৰ লেখক জুলিও ক'ৰ্টাজাৰ, মাৰিয়া এলেনা ৱালছ আৰু আলেজান্দ্ৰা পিজাৰ্নিককে ধৰি বিভিন্ন সাংস্কৃতিক ব্যক্তিত্বৰ ফটো তোলাৰ বাবে বেছিকৈ জনাজাত আছিল।
-
জোহৰা বেনচেম্ৰা
জোহৰা বেনচেম্ৰা ( Zohra Bensemra; জন্ম অক্টোবৰ ১৯৬৮) এগৰাকী আলজেৰিয়ান ফটোগ্ৰাফাৰ, যিয়ে মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়াত কাম কৰে। বৰ্তমান আফ্ৰিকাত থাকে।
-
নোৰা আছলান
নোৰা আচলান (Nora Aslan) জন্ম: ১৯৩৭ চনৰ ১৯ ডিচেম্বৰ, এগৰাকী আৰ্জেণ্টিনাৰ ভিচুৱল আৰ্টিষ্ট আৰু ফটোগ্ৰাফাৰ। তেওঁ টেপেষ্ট্ৰী ডিজাইন আৰু কলাজৰ বাবে পৰিচিত। তেওঁৰ কামক মেক্স আৰ্নষ্ট, ফ্ৰেড টমাচেলি, হাইৰ’নিমাছ বছৰ আৰু মাথিয়াছ গ্ৰুনেৱাল্ডৰ সৈতে তুলনা কৰা হৈছে।
-
পামেলা বৰ্ডেছ
পামেলা সিং (জন্ম ১৯৬১), কিছু বছৰৰ বাবে পামেলা বৰ্ডেছ নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ এগৰাকী খিতাপধাৰী, যিয়ে ১৯৮২ চনত মিছ ইণ্ডিয়া লাভ কৰে।
-
ফাৰ্জানা ওৱাহিদী
ফাৰ্জানা ওৱাহিদী ( Farzana Wahidy; জন্ম: ১৯৮৪) এগৰাকী আফগান তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। আফগানিস্তানৰ বহু মহিলা আৰু ছোৱালীৰ তেওঁ ফটোগ্ৰাফী কৰিছে।
-
মজিদ বাৰ্জেগাৰ
মজিদ বাৰ্জেগাৰ (ফাৰ্চী: مجید برزگر; জন্ম ৬ মাৰ্চ, ১৯৭৩) এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু ফটোগ্ৰাফাৰ। ইৰানত স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে তেওঁ ২০০৫ চনত নিজাকৈ চলচ্চিত্ৰ প্ৰতিষ্ঠান ৰেইনী পিকচাৰ্ছ প্ৰতিষ্ঠা কৰে।
-
মেহতাব চাৰ্ভাটী
মেহতাব চাৰ্ভাটী (ফাৰ্চী: مهتاب ثروتی; জন্ম ২২ জানুৱাৰী, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। ৭০সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ’ল্ডেন বিয়েৰ বঁটা লাভ কৰা দেয়াৰ ইজ নো ইভিল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
মৌড এডিথ ভিক্টোৰিয়া ফ্লে
মৌড এডিথ ভিক্টোৰিয়া গ্ল’ভাৰ ফ্লে (১৮৬৯–১৯৬৫) অষ্ট্ৰেলিয়াৰ প্ৰথম দিশৰ বন্যপ্ৰাণী চিত্ৰশিল্পীসকলৰ মাজৰ এগৰাকী আছিল। তেওঁ অষ্ট্ৰেলিয়ান মাৰ্ছুপিয়াল জন্তুসমূহৰ চিত্ৰাংকনৰ বাবে বিশেষকৈ জনাজাত আছিল।
-
মৰিয়ম ঘনী
মৰিয়ম ঘনী (পশতু/দাৰি: مریم غنی; জন্ম: ১৯৭৮) এগৰাকী আমেৰিকান দৃশ্য শিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী। বেনিংটন কলেজৰ ভিজুৱেল আৰ্টছ ফেকাল্টিৰ এগৰাকী সদস্য ঘনী হ’ল চিত্ৰা গণেশৰ সহযোগী তথা অংশীদাৰ আৰু ৰিয়ান লী গেলেৰীয়ে তেওঁক প্ৰতিনিধিত্ব কৰে।
-
লুও ইয়াং
লুও ইয়াং (চীনা: 罗洋; জন্ম ১৯৮৪) এগৰাকী চীনা ফটোগ্ৰাফাৰ, মহিলাৰ ফটোগ্ৰাফীৰ বাবে পৰিচিত। তেওঁ সমসাময়িক চীনদেশৰ যুৱতী আৰু মহিলাসকলৰ ব্যক্তিত্ব, স্বতন্ত্ৰতা আৰু সামাজিক পৰিৱৰ্তনৰ চিত্ৰায়ণৰ বাবে বিশেষভাৱে স্বীকৃত।
-
শ্বেবা ছাছি
শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।
-
শ্বোজা আজাৰী
শ্বোজা আজাৰী (ফাৰ্চী:شجاع آذری) হৈছে নিউয়ৰ্ক চহৰত বসবাস কৰা ইৰানত জন্মগ্ৰহণ কৰা এজন দৃশ্যকলা শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ তেওঁৰ চলচ্চিত্ৰ আৰু মাল্টিমিডিয়া ইনষ্টলেশ্যনসমূহৰ বাবে জনাজাত।
-
সুনী তাৰাপোৰেবালা
সুনী তাৰাপোৰেবালা (Sooni Taraporevala; জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা যি মিচিচিপি মছলা, দ্য নেমচেক আৰু অস্কাৰৰ বাবে মনোনীত ছালাম বম্বে! , এই সকলোবোৰ পৰিচালিত মীৰা নায়াৰৰ চিত্ৰনাট্যকাৰ।
-
হেলেনা ক্ৰীষ্টেনচেন
হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল।
-
হোডা আফশ্বাৰ
হোডা আফশ্বাৰ ( Hoda Afshar; জন্ম: ১৯৮৩) মেলবৰ্ণত বাস কৰা এগৰাকী ইৰাণী তথ্যচিত্ৰ ফটোগ্ৰাফাৰ। ২০১৮ চনত অষ্ট্ৰেলিয়া চৰকাৰে পৰিচালনা কৰা মানুছ দ্বীপৰ ডিটেনচন চেণ্টাৰ (Manus Island detention centre)ত দীৰ্ঘদিন ধৰি কাৰাবাস খাটি থকা কুৰ্দি-ইৰাণী শৰণাৰ্থী বেহৰুজ বুচানীৰ পুৰস্কাৰ বিজয়ী প্ৰতিকৃতিৰ বাবে…
-
ৰোমিনা ৰেছিয়া
ৰোমিনা ৰেছিয়া ( Romina Ressia), জন্ম: ১১ মাৰ্চ, ১৯৮১, বুয়েনছ আয়াৰ্ছৰ আজুলত। সমসাময়িক বস্তুৰ সৈতে সংযুক্ত শক্তিশালী ৰেনেছাঁ প্ৰভাৱৰ ছবিত প্ৰয়োগ কৰা এনাক্ৰ’নিজমৰ ব্যৱহাৰৰ পথ প্ৰদৰ্শক হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে।