অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প'লা উৎসৱ

প'লা (Pola) হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীছগঢ়, মধ্য প্ৰদেশ, তেলঙ্গানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰে।

হালনাগাদ: ১২ জানুৱাৰী ২০২১ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

প'লা (Pola) হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীসগঢ়, মধ্য প্ৰদেশ, তেলংগানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধন্যবাদ জ্ঞাপন কৰে। এই ৰাজ্যসমূহত প'লা উৎসৱৰ মাধ্যমেৰে খেতিয়ক সকলে তেওঁলোকৰ ষাঁড় আৰু বলধ কেইটাৰ গুৰত্বক স্বীকৃতি দিয়ে, যি নেকি তেওঁলোকৰ কৃষি কৰ্মৰ প্ৰদান প্ৰয়োজন। উৎসৱ উদযাপনৰ দুই তিনিদিন আগৰে পৰা তেওঁলোকে ষাঁড়বোৰ সজোৱা আদি কামত জড়িত হৈ পৰে।১., মহাৰাষ্ট্ৰৰ গাঁও অঞ্চলত এই উৎসৱ উপলক্ষে স্কুল সমূহত এদিনীয়া চৰকাৰী বন্ধ থাকে। এই সময়চোৱাত কেতিয়ক সকলে তেওঁলোকৰ গৰু হালক কোনো কামত নলগাই,১ খেতিয়ক সকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ উৎসৱ। তেওঁলোকে গোটেই দিনটো তেওঁলোকৰ ষাঁড় সমূহৰ বাবে উৎসৰ্গা কৰে। সাধাৰণতে মহিলা সকলে ঘৰৰ সমুখত ৰংগলী বনাই, ঘৰৰ দুৱাৰমুখত 'টৰান' লগাই, আৰু গৰুক পূজা কৰিবলৈ সেন্দূৰ, পানী, মিঠাই আৰু মাটিৰ ঘি চাকিৰে পূজাৰ থাল সঁজাই।১ পৰিয়ালৰ সকলোৱেই তেওঁলোকৰ ষাঁড়ৰ পৰা আশীৰ্বাদ বিচাৰে, ঠেঙত স্পৰ্শ কৰি সেৱা জনাই। উৎসৱৰ আগে আগে ষাঁড় গৰুক গা ধুৱাই শিংত ৰঙ কৰে, পুৰণা পঘা চলাই নতুন পঘা দিয়ে, ডিঙিত নতুন ঘণ্টা লগাই সঁজাই আৰু বিভিন্ন শস্য যেনেঃ ধান, ঘেঁহু ইত্যাদি খাবলৈ দিয়ে। পূজাৰ থালী ঘূৰাই আৰতি কৰে আৰু নৈবেদ্য গ্ৰহণ কৰে। It also শাওন মাহৰ আমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়।২

উদযাপন প্ৰক্ৰিয়া

প'লা হৈছে বিশেষ ভাবে খেতিয়ক সকলৰ দ্বাৰা পালিত উৎসৱ। তেওঁলোকে তেওঁলোকৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু খেতি-বাতিৰ কামত কৰা সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জ্ঞাপন কৰে। এই উৎসৱ বাৰিষা কালৰ শেষত সাধাৰণতে আগষ্ট মাহৰ শেষ বা পহিলা ছেপ্টেম্বৰত উদযাপন কৰা হয় যেতিয়া সকলো খেতিৰ কাম সম্পূৰ্ণ হৈ উঠে। প'লাৰ দিনা প্ৰথমেই গৰুক গা ধুৱাই শিংত ৰঙ কৰি গলত ফুলৰ মালা, নতুন ঘণ্টা লগোৱা ৰঙীন পঘা, বিভিন্ন অলংকাৰ, পিঠিত স্বল ইত্যাদিৰে সজোৱা হয়। সেইদিনা গৰুৰ দ্বাৰা একো কাম কৰা নহয়। খেতিয়ক সকলে নিজৰ নিজৰ ষাঁড়লৈ উৎসৱৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত খেতিয়ক সকলে গান-বাজনাৰে নৃত্য কৰে। সাধাৰণতে বিয়লি ভাগত শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ প্ৰথমটো ষাঁড়ৰ বাবে গাঁৱৰ একেবাৰে বৃদ্ধ গৰুটো নিৰ্বাচিত কৰা হয়। এটা কাঠৰ ফ্ৰেম (মাখাৰ/মখৰ) ষাঁড়টোৰ শিংত বান্ধি দিয়া হয়। দুটা খুটাত বান্ধি ৰখা আম পাতৰ মালা চিঙি ষাঁড়টো আগুৱাই যাব লাগে আৰু পিছৰ ষাঁড়বোৰেও প্ৰথমটোকে অনুসৰণ কৰি আগুৱাই যায় এই উৎসৱ মহাৰাষ্ট্ৰৰ পূৱ আৰু মধ্য অংশত মাৰাঠা সকলৰ দ্বাৰা পালন কৰা দেখা যায়।৩ ভাৰতৰ বিভিন্ন অঞ্চলত হিন্দু সকলৰ দ্বাৰা এনে সম পৰ্যায়ৰ উৎসৱ উদযাপন কৰা দেখা যায়। দক্ষিণ ভাৰতত উদযাপন কৰা মট্টো পোঙ্গল, উত্তৰ আৰু পশ্চিম ভাৰতত "গোধান" ইত্যাদি।৪ ইয়াৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ অসমতো বহাগ বিহুৰ অংশ হিচাপে গৰুক পূজনৰ প্ৰথা আছে। অসমীয়া সকলে ব'হাগ বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰে।

তথ্যসূত্ৰ

  1. ↑ Tinkhede, Shreya. (30 August 2019). Pola festivities endure even in urban milieu. Times of India
  2. ↑ (1976). Maharashtra State Gazetteers: Kolhapur District (Volume 1). Directorate of Govt. Print., Stationery and Publications, Maharashtra State. পৃ. 280
  3. ↑ Edward Balfour. (1885). The Cyclopædia of India and of Eastern and Southern Asia. B. Quaritch. পৃ. 241
  4. ↑ Usha Sharma. (2008). Festivals In Indian Society. Mittal Publications. পৃ. 77. ISBN 978-81-8324-113-7

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহভাৰতৰ উৎসৱসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'লা উৎসৱ” প্ৰবন্ধৰ সংশোধন ২৫৮৯৪৭ (১২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।