প্ৰিয়ংকা অৰুল মোহন (Priyanka Arul Mohan; জন্ম: ২০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কন্নড় ছবি অন্ধ কাথে হেল্লা (২০১৯)ৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়। পিছলৈ তেলেগু ছবি গেং লিডাৰ (২০১৯) আৰু তামিল ছবি ডক্টৰ (২০২১), ডন (২০২২) আৰু এথাৰকুম থুনিন্ধৱন (২০২২) আদিত নায়িকাৰ চৰিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৯৪ চনৰ ২০ নৱেম্বৰত প্ৰিয়ংকা অৰুল মোহনে জন্মগ্ৰহণ কৰিছিল।১ মুদাবিদ্ৰীৰ আলভাছ পিইউ কলেজৰ পৰা তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল।১২ তেওঁ বেংগালুৰুৰ পিইএছ বিশ্ববিদ্যালয়ৰ পৰা বায়’লজিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছিল।৩ বৰ্তমান তেওঁ চেন্নাইত থাকে।৪
কৰ্মজীৱন
২০১৯ চনত গিৰীশ জীৰ দ্বাৰা পৰিচালিত কন্নড় ছবি অন্ধ কাথে হেল্লাত অভিনয়েৰে প্ৰিয়ংকাই ছবিজগতত অভিষেক ঘটায়।৫ পিছলৈ বিক্ৰম কুমাৰৰ দ্বাৰা পৰিচালিত তেলেগু বোলছবি নানি'জ গেং লিডাৰতো তেওঁ অভিনয় কৰে।৬ দ্য নিউজ মিনিটৰ কৃষ্ণা শ্ৰীপদাই তেওঁৰ অভিনয় সন্দৰ্ভত লিখিছে, "এগৰাকী পৰিচালকে এগৰাকী নায়িকাৰ ভিতৰত বিচৰা প্ৰায় সকলোখিনিয়েই প্ৰিয়ংকাৰ আছে।" ৭ পিংকভিলাৰ হৰিচৰণ পুদিপেদ্দীয়ে মন্তব্য কৰে যে "নৱাগত অভিনেত্ৰী প্ৰিয়ংকা অৰুল মোহনে পৰ্দাত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে।" ৮ দ্বিভাষিক ছবি মায়ান আৰু টিক টকৰ ইংৰাজী সংস্কৰণৰ বাবেও তেওঁ শ্বুটিং কৰিছিল; অৱশ্যে দুয়োখন ছবি মুক্তি পাওঁতে পলম হ'ল।৯১০

২০২১ চনত নেলছন দিলীপকুমাৰৰ পৰিচালনাত নিৰ্মিত শিৱকাৰ্তিকেয়নৰ ডক্টৰ নামৰ ছবিৰে তেওঁ তামিল ছবিজগততো খোজ পেলায়।১১ ছবিখনৰ লগতে তেওঁৰ অভিনয়ো সমালোচকৰ দ্বাৰা প্ৰশংসিত হয়। এই ছবিখনে বক্স অফিচত বিশ্বব্যাপী ১০০ কোটি টকা উপাৰ্জন কৰি ব্যৱসায়িক ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰে।১২ তেওঁ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শিতানত সাইমা বঁটা লাভ কৰে।১৩ ২০২২ চনত সুৰিয়া অভিনীত, পৰিচালক পাণ্ডিৰাজৰ ছবি এথাৰকুম থুনিন্ধৱনত নায়িকাৰ চৰিত্ৰত অভিনয় কৰে। এইখন তেওঁৰ দ্বিতীয়খন তামিল ছবি।১৪ মুভি ক্ৰ'ৰ অশ্বিন ৰামে তেওঁৰ অভিনয়ৰ পৰ্যালোচনা কৰি কয় যে, "ছবিখনত প্ৰিয়ংকা মোহনৰ চৰিত্ৰটি এক ছাৰপ্ৰাইজৰ দৰে আৰু লগতে তেওঁৰ চৰিত্ৰটিয়ে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে।" ১৫ পিংকভিলাই লিখিছিল, "কাহিনীভাগত প্ৰিয়ংকাৰ চৰিত্ৰটিৰ বিশেষ কাম নাই যদিও ছবিখনত গ্লেমাৰৰ ড’জ যোগ কৰিছে।" ১৬ ডক্টৰ ছবিখনৰ পিছত পুনৰ তেওঁ শিৱকাৰ্তিকেয়নৰ সৈতে ডন নামৰ ছবি এখনত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৭১৮ ছবিখনে সমালোচক তথা দৰ্শকৰ পৰা বেছিভাগেই ইতিবাচক সমালোচনা লাভ কৰিছিল।১৯ অ'টিটি প্লে'ৰ এছ শুভকীৰ্তনাই লিখিছিল, "প্ৰিয়ংকা মোহনে আকাংক্ষিত ধৰণেই অভিনয় কৰে।" ২০ ইয়াৰ পিছতে তেওঁ ধনুষৰ বিপৰীতে কেপ্তেইন মিলাৰ আৰু নানীৰ বিপৰীতে চাৰিপোধা চানিভাৰাম'' নামৰ ছবি দুখনত অভিনয় কৰে।২১
তেওঁৰ আগন্তুক ছবিসমূহৰ ভিতৰত জয়ম ৰবিৰ বিপৰীতে অভিনীত তথা এম. ৰাজেশ পৰিচালিত তামিল ছবি ব্ৰাদাৰ উল্লেখযোগ্য।২২ তাৰ পিছত পৱন কল্যাণৰ বিপৰীতে দে কল হিম অ’ জি ছবিত অভিনয়েৰে তেওঁ পুনৰ তেলেগু চলচ্চিত্ৰলৈ ঘূৰি আহিব।
চলচ্চিত্ৰপুঞ্জী
| বৰ্ষ | শিৰোনাম | ভূমিকা(সমূহ) | ভাষা(সমূহ) | টোকা | তথ্য. |
|---|---|---|---|---|---|
| ২০১৯ | অন্ধ কাথে হেল্লা | অদিতি | কন্নড় | ৫ | |
| নানি'জ গেং লিডাৰ | প্ৰিয়া | তেলেগু | ২৩ | ||
| ২০২১ | শ্ৰীকৰম | চৈত্ৰা | ২৪ | ||
| ডক্টৰ | পদ্মিনী (মিনি) | তামিল | ২৫ | ||
| ২০২২ | এথাৰকুম থুনিন্ধৱন | আধিনি কন্নবিৰণ | ১৪ | ||
| ডন | অংগাইয়াৰকান্নী | ২৬ | |||
| ২০২৩ | টিক টক | কীৰ্তনা | ১০ | ||
| 2024 | কেপ্টেইন মিলাৰ | ভেলমতী | ২৭ | ||
| চাৰিপোধা চানিভাৰাম | পি চি চাৰুলতা "চাৰু" / কল্যাণী "কল্লু" | তেলেগু | ২৮ | ||
| তামিল | সম্পূৰ্ণ হ’ল | ২৯ | |||
| নিজেই | "গ'ল্ডেন স্পেৰো" গীতত বিশেষ উপস্থিতি | ৩০ | |||
| তেলেগু | পোষ্ট-প্ৰডাকচন | ৩১ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | পুৰস্কাৰ | শিতান | চলচ্চিত্ৰ | ফলাফল | তথ্য. |
|---|---|---|---|---|---|
| ২০১৯ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তেলেগু | নানি'জ গেং লিডাৰ | ৩২ | |
| ২০২২ | শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী – তামিল | ডক্টৰ | ৩৩ |
তথ্যসূত্ৰ
- ↑ (20 April 2023). Priyanka Arul Mohan Biography: Age, Personal Life, Career, Height, Weight, Net Worth, Movies, Photos. The Hans India
- ↑ Chowdhary, Y. Sunita. (27 August 2019). Priyanka Arul Mohan on her debut in Nani's 'Gang Leader'. The Hindu
- ↑ Happy Birthday Priyanka Arul Mohan: Exquisitely beautiful photos of the actress that will make you go crazy. The Times of India
- ↑ #PriyankaMohan Reveals Her Husband Name, salary | Etharkum Thuninthavan | Priyanka Mohan Exclusive
- ↑ Priyanka Arul Mohan in talks for Sharwanand's film. Deccan Chronicle
- ↑ Chowdhary, Y. Sunita. (27 August 2019). Priyanka Arul Mohan on her debut in Nani's 'Gang Leader'. The Hindu
- ↑ (13 September 2019). ‘Gang Leader’ review: Nani’s heist comedy is wacky and entertaining. The News Minute
- ↑ (15 September 2019). Gang Leader review: A slightly bloated but fun revenge comedy. Pinkvilla
- ↑ Ramachandran, Avinash. (25 December 2019). Mayan is the first proper commercial Tamil-English bilingual. Cinema Express
- ↑ 'Tik Tok' movie producer files a police complaint after Priyanka Mohan's portions deleted from the film. The Times of India
- ↑ Priyanka Arul Mohan to make her Kollywood debut. The Times of India
- ↑ 'Doctor' turns as the best grossing film of Sivakarthikeyan's career. The Times of India
- ↑ (12 September 2022). SIIMA Awards 2022 Winners List: Allu Arjun, Pushpa team win, Puneeth Rajkumar honoured posthumously and more. PINKVILLA
- ↑ Priyanka Mohan to star in Suriya and Pandiraj film. India Today
- ↑ (10 March 2022). Etharkkum Thunindhavan Review. Movie Crow
- ↑ (10 March 2022). Etharkkum Thunindhavan Movie Review: Suriya elevates this entertainer which lacks a proper story. PINKVILLA
- ↑ 'Doctor' duo Sivakarthikeyan and Priyanka Arul Mohan to reunite for 'Don'. The Times of India
- ↑ (12 May 2022). 'The Focus Was On.. ': Sivakarthikeyan on Priyanka Mohan's Role in Don. News18
- ↑ (16 May 2022). Don Movie Review: Netizens Declare Sivakarthikeyan's College Entertainer Superhit. ABP Live
- ↑ Don movie review: An engaging entertainer, elevated by performances of Sivakarthikeyan, Samuthirakani and SJ Suryah. OTTPlay
- ↑ Priyanka Mohan to act alongside Dhanush in Captain Miller. First look out. India Today
- ↑ (5 August 2022). JR30: M Rajesh's project starring Jayam Ravi, Priyanka Mohan officially launched; details inside. OTTPlay
- ↑ Gang Leader Movie Review: Gang Leader shines in parts but is let down by a haphazard screenplay. The Times of India
- ↑ Priyanka Arul Mohan in Sharwanand's Sreekaram. Cinema Express
- ↑ (9 October 2021). Doctor Movie Review: Doctor is a deliciously dark comedy. The Times of India
- ↑ It's Official: Priyanka Mohan, Samuthirakani and SJ Suryah in Sivakarthikeyan's DON. The Times of India
- ↑ Priyanka Mohan joins the cast of Dhanush's Captain Miller. CinemaExpress
- ↑ (2023-10-21). Official: 'Nani 31' directed by Vivek Athreya to go on floors from October 24!. The Times of India
- ↑ (18 September 2023). Jayam Ravi's film with M Rajesh titled 'Brother'; first look revealed. Times of India
- ↑ (26 August 2024). Priyanka Mohan to play a cameo in Dhanush’s next directorial. The Hindu
- ↑ Bureau, The Hindu. (19 April 2023). Priyanka Mohan joins the cast of Pawan Kalyan’s ‘OG’. The Hindu
- ↑ (28 August 2021). Dhanush, Manju Warrier, Chetan Kumar, others: SIIMA Awards announces nominees. The News Minute
- ↑ (14 October 2022). Gorgeous Priyanka Mohan Impressed Everyone With Her Adorable Winning Speech At SIIMA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰিয়ংকা মোহন” প্ৰবন্ধৰ সংশোধন ৪৯৬৯২৩ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।