থাইলেণ্ডৰ খাদ্য
৫ প্ৰবন্ধ
-
পিঠাগুড়ি
পিঠাগুড়ি (Rice flour) হৈছে মিহিকৈ পিহি লোৱা চাউলৰ পৰা তৈয়াৰী গুড়ি। ই সাধাৰণতে লাইত চাউল ডুবাই দিলে উৎপন্ন হোৱা শ্বেতসাৰৰ পৰা পৃথক। ঘেঁহুৰ আটাৰ সাধাৰণ বিকল্প হিচাপে পিঠাগুড়ি ব্যৱহাৰ হয়।
-
থাই ৰন্ধনপ্ৰণালী
থাই ৰন্ধনপ্ৰণালী (อาหารไทย, আহান থাই) হৈছে থাইলেণ্ডৰ ৰাষ্ট্ৰীয় ৰন্ধনপ্ৰণালী। থাই ৰন্ধনত সুগন্ধি উপাদান আৰু মচলাৰ সৈতে পাতলকৈ প্ৰস্তুত কৰা ব্যঞ্জনৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
আমৰ সৈতে আঠাজাতীয় চাউল
আমৰ সৈতে আঠাজাতীয় চাউল (Mango sticky rice) হৈছে দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ এবিধ পৰম্পৰাগত মিঠা খাদ্য। এই মিঠা খাদ্যবিধ বৰা চাউল, আম আৰু নাৰিকলৰ গাখীৰেৰে ৰন্ধা হয়। ইয়াক চামুচ বা হাতেৰে খোৱা হয়।
-
কেন খাও ৱান
কেন খাও ৱান বা সেউজীয়া তৰকাৰী (แกงเขียวหวาน, Green curry) হৈছে মধ্য থাইলেণ্ডৰ এবিধ থলুৱা ব্যঞ্জন। থাই ভাষাত ইয়াৰ আক্ষৰিক অৰ্থ মিঠা-সেউজ তৰকাৰী।
-
খাও চে
খাও চে (ข้าวแช่) হৈছে 'শীতল পানীত তিয়াই ৰখা চাউল'। খাও শব্দৰ অৰ্থ হৈছে চাউল আৰু চে শব্দৰ অৰ্থ 'তিয়াই ৰখা'। ৰজা দ্বিতীয় ৰামৰ সময়ত এই ৰন্ধন প্ৰকৰণটো এবিধ মন খাদ্যৰ পৰা অভিযোজিত কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াৰ সংশোধন কৰা হৈছিল।