ডাউক
৫ প্ৰবন্ধ
-
উলূম’ৰা
উলূম'ৰা (Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে।
-
কুটুম চৰাই
কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
-
কামচৰাই
কামচৰাই (Purple Swamphen, বৈজ্ঞানিক নাম-Porphyrio porphyrio) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভু্ক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই কুকুৰাৰ সমান আকাৰৰ আৰু গাৰ উজ্জল বৰণ তথা ৰঙা ঠোঁটৰ বাবে ইয়াক সহজে চিনাক্ত কৰিব পৰা যায়৷
-
ডাউক
ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।
-
পানীডাউক
পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।