নেপালৰ কণ্ঠশিল্পী
১৫ প্ৰবন্ধ
-
টিকা ভাণ্ডাৰী
টিকা ভাণ্ডাৰী (, নেপালী: टीका भण्डारी) এগৰাকী নেপালৰ নেপালী ভাষাৰ গীতিকাৰ আৰু নেপালী সংগীতৰ গায়ক। তেওঁ ৫০০ তকৈও অধিক নেপালী আধুনিক গানৰ বাবে সংগীত ৰচনা কৰিছে আৰু মুঠ ২৩টা সংগীত এলবাম মুকলি কৰিছে। তেওঁ 'গোলী চিশাকো'ৰ দৰে গান ৰচনা কৰাৰ বাবে সৰ্বাধিক জনাজাত।
-
নাৰায়ণ গোপাল
নাৰায়ণ গোপাল গুৰুবাচাৰ্য (Narayan Gopal Gurubacharya) আৰু নেপালী ভাষাত नारायणगोपाल गुरबाचार्य (জন্ম হৈছিল ৪ অক্টোবৰ ১৯৩৯ – মৃত্যু ৫ ডিচেম্বৰ ১৯৯০), পেছাদাৰীভাৱে নাৰায়ণ গোপাল আৰু এন গোপাল নামেৰে জনাজাত।
-
বিষ্ণু মাঝি
বিষ্ণু মাঝি (ইংৰাজী: Bishnu Majhi; নেপালী: विष्णु माझी; জন্ম ১৯৮৬) এগৰাকী নেপালী লোক-গায়ক। তেওঁ নেপালৰ সৰ্বাধিক উপাৰ্জন কৰা গায়িকা, তেওঁ ১৫ বছৰ ধৰি চলি থকা কেৰিয়াৰত ৫,০০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে৷ ২০২০ চনৰ আৰম্ভণিলৈকে তেওঁৰ ২০১৮ চনৰ গীত "ছালকো পাটকো তাপৰি হুনি" ইউ-টিউবত সৰ্বাধিক দৰ্শন কৰা…
-
কৈইলী দেৱী
কৈইলীদেৱী মাথেমা (নেপালী: कोइलीदेवी माथेमा; প্ৰায় ১৯২৯–২০০৭) নেপালী সংগীত জগতৰ প্ৰথম মহিলা গীতিকাৰ লগতে গায়িকা আৰু সুৰকাৰ। নেপালী ভাষাত তেওঁৰ নাম ‘কৈইলী’ৰ শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে ‘কুলি চৰাই’। সুৰীয়া আৰু মিঠা কণ্ঠৰ বাবে পৰিচিত কুলি চৰাইৰ বৰ্ণনাৰ সৈতে এয়া উপযুক্ত উপমা।
-
কোমল ওলী
কোমল ওলী (নেপালী: कोमल ओली) (জন্ম ১৬ এপ্ৰিল) এগৰাকী নেপালী বাতৰি পৰিবেশক, ৰেডিঅ' আৰু দূৰদৰ্শনৰ ব্যক্তিত্ব, লোক-গায়িকা, আৰু ৰাজনীতিবিদ। তেওঁ বহু লোক-গীতত কণ্ঠদান কৰিছে।
-
জ্ঞানু ৰাণা
জ্ঞানু ৰাণা (ইংৰাজী: Gyanu Rana, নেপালী: ज्ञानु राणा; জন্ম: ৩ অক্টোবৰ, ১৯৪৯) এগৰাকী নেপালী লোক-গায়িকা৷ জ্ঞানু ৰাণাৰ জন্ম হৈছিল নেপালৰ বাতুলেচৌৰ, পখৰাত৷ তেওঁ "শিৰি মা শিৰি নি কাঞ্চা" আৰু "মাঞ্চে কো মায়া য়াহা" আদি জনপ্ৰিয় নেপালী গীত লিখিছিল আৰু নাৰায়ণ গোপালৰ সৈতে গাইছিল।
-
দেৱী ঘৰ্তী মগৰ
দেৱী ঘৰ্তী মগৰ (নেপালী: देवी घर्ती मगर) এগৰাকী নেপালী লোক-গায়ক। নেপালৰ বাগলুং জিলাৰ ৰামুৱা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। ২০০৮ চনত ৰাজু ঢাকালৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। ২০০৪ চনত ফ'ক ডুৱেট অনুষ্ঠানত তেওঁ ঢাকালক লগ পাইছিল।
-
প্ৰমোদ খৰেল
প্ৰমোদ খৰেল (प्रमोद खरेल; জন্ম ৬ নৱেম্বৰ ১৯৭৯) নেপালী সংগীত জগতৰ এগৰাকী বহুমুখী গায়ক। তেওঁ ২০০০ৰো অধিক বিভিন্ন ধৰণৰ গীত ৰেকৰ্ডিং কৰিছে। তেওঁ ২০১৮ চনৰ পৰা ২০২৩ চনলৈকে "ভয়েচ অৱ নেপাল"ৰ ছিজন ১-ৰ পৰা ছিজন ৫-লৈকে প্ৰশিক্ষক হিচাপে কাম কৰিছে।
-
বৰ্তিকা এম ৰাই
বৰ্তিকা এম ৰাই (ইংৰাজী: Bartika Eam Rai, নেপালী: बर्तिका एम राई;) নিউয়ৰ্ক চহৰত বাস কৰা নেপালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ৷ ২০১৬ চনত ৰাইৰ প্ৰথম এলবাম বিম্বাকাশ মুক্তিৰ লগে লগে জনপ্ৰিয়কা লাভ কৰে৷ তেওঁ এতিয়ালৈকে চাৰিটা এলবাম মুকলি কৰিছে।
-
ভূমিকা গিৰি
ভূমিকা গিৰি এগৰাকী নেপালী লোক-গায়িকা। মঞ্চত অভিনয় কৰাৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে Stage Queen (মঞ্চ ৰাণী) বুলি জনা যায়। ২০১৬ চনৰ জুলাই মাহলৈকে গিৰিয়ে ৩০০ৰো অধিক গীত বাণীবদ্ধ কৰিছে।
-
মনু লিম্বু
মনু লিম্বু (ইংৰাজী: Manu Limbu; জন্ম: ১৬ মাৰ্চ ১৯৮৪) নেপাল সংগীত উদ্যোগৰ এগৰাকী লোক-গায়িকা। তেওঁ ২০১০ চনত বছৰৰ শ্ৰেষ্ঠ গায়িকা বঁটা আৰু ২০১৬ চনত দ্বিতীয় নেচনেল কেপিটেল এৱাৰ্ড লাভ কৰিছে।
-
মুনা থাপা মগৰ
মুনা থাপা মগৰ (নেপালী: मुना थापा मगर) এগৰাকী নেপালী লোক-গায়িকা। তেওঁ নেপালৰ গোৰ্খা জিলাৰ মনকমনা গাঁও উন্নয়ন সমিতিৰ চিলিং লামছাপা গাঁৱত জন্মগ্ৰহণ কৰিছিল।
-
সুনীতা দুলাল
সুনীতা দুলাল (ইংৰাজী: Sunita Dulal, নেপালী: सुनिता दुलाल; জন্ম: ২৮ নৱেম্বৰ, ১৯৮৫) নেপালৰ কাঠমাণ্ডুৰ এগৰাকী বিশিষ্ট নেপালী লোক-গায়িকা। জন্ম সিন্ধুলপালচক জিলাৰ জলবিৰেত তেওঁৰ জন্ম হৈছিল। যোৱা দহ বছৰে নেপালী লোক-সংগীত আৰু আধুনিক গীত গাই আহিছে। সুনীতা দুলাল এগৰাকী বহু প্ৰতিভাসম্পন্ন নেপালী যুৱতী।
-
হৰি দেৱী কৈৰালা
হৰি দেৱী কৈৰালা (নেপালী: हरिदेवी कोइराला; জন্ম: ৩০ মাৰ্চ ১৯৫৯) এগৰাকী নেপালী গায়িকা। ৫ দশকজোৰা তেওঁৰ সংগীত জীৱনত প্ৰায় ৮০০ৰো অধিক গীত গাইছে আৰু ৮০ খনতকৈও অধিক এলবাম বাণীবদ্ধ কৰিছে। কৈৰালাই সাহিত্য, সংগীত, আৰু সামাজিক সংগঠনৰ পৰা ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছে।
-
ৰৌশনী ৰসাইলী
ৰৌশনী ৰসাইলী (নেপালী: रोशनी रसाइली) নেপালৰ এগৰাকী দ্বৈত আৰু লোক-সংগীতৰ গায়িকা। নেপালী সংগীত জগতলৈ তেওঁৰ অৱদানৰ বাবে তেওঁ পৰিচিত। ১৯৮৪ চনত নেপালৰ বাগলুং জিলাত তেওঁ জন্মগ্ৰহণ কৰিছিল। ২০০৯ চনত তেওঁৰ প্ৰথম গীত "কতি পলায়ো ডালি" মুক্তিৰ জৰিয়তে সংগীত জীৱন আৰম্ভ কৰে।