নাফিছা আলী এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। বৰ্তমান তেওঁ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ এগৰাকী কৰ্মী।
প্ৰাথমিক জীৱন
কলিকতাত জন্মগ্ৰহণ কৰা নাফিছা আলীৰ পিতৃ আছিল এজন বাঙালী মুছলমান পুৰুষ, আহমেদ আলী আৰু মাতৃ আছিল। এংলো-ইণ্ডিয়ান ধাৰাৰ ৰোমান কেথলিক মহিলা, ফিলোমেনা টৰেছান। নফিছাৰ পিতাকৰ ফালৰ ককাক এছ ৱাজিদ আলী আছিল এজন বিশিষ্ট বাংলা সাহিত্যিক। তেওঁৰ পেহীয়েক (পিতৃৰ ভগ্নী) আছিল জাইব-উন-নিচা হামিদুল্লা, এগৰাকী পাকিস্তানী সাংবাদিক আৰু নাৰীবাদী মহিলা। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামী আৰু সৈনিক বীৰ প্ৰতীক আখতাৰ আহমেদৰ সৈতেও নাফিছাৰ সম্পৰ্ক আছে।১ নাফিছাৰ মাতৃ এতিয়া অষ্ট্ৰেলিয়াত বসতি স্থাপন কৰিছে।২
নাফিছাই লা মাৰ্টিনিয়েৰ কলিকতাত পঢ়িছিল, য'ত তেওঁ হাউছ কেপ্তেইন আছিল।[4] চেণ্টাৰ চিন্ময়া, মিছন অৱ ৱৰ্ল্ড আণ্ডাৰষ্টেণ্ডিং আৰম্ভ কৰা স্বামী চিন্ময়ানন্দৰ দ্বাৰা শিকোৱা বেদান্ত দৰ্শনৰ বিষয়েও তেওঁ অধ্যয়ন কৰিছে।
তেওঁৰ স্বামী প’ল’ খেলুৱৈ আৰু অৰ্জুন বঁটা বিজয়ী, অৱসৰপ্ৰাপ্ত কৰ্ণেল আৰ. সোধি। বিয়াৰ পিছত তেওঁ কাম বন্ধ কৰি নিজৰ তিনিটা সন্তানৰ ওপৰত গুৰুত্ব দিবলৈ লয়: সন্তানকেইটিৰ নাম: কন্যা অৰ্মানা আৰু পিয়া আৰু পুত্ৰ অজিত।৩ ১৮ বছৰৰ বিৰতিৰ পিছত তেওঁ পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে।
কেৰিয়াৰ
নাফিছা আলীয়ে কেইবাটাও ক্ষেত্ৰত সফলতা লাভ কৰিছে। ১৯৭২ চনৰ পৰা ১৯৭৪ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়ন আছিল। ১৯৭৬ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰিছিল আৰু মিছ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ২য় ৰানাৰ্ছ আপ ঘোষিত হৈছিল। ১৯৭৯ চনত কলিকতা জিমখানাতো তেওঁ জকী আছিল।
অভিনয় কেৰিয়াৰ
নাফিছা আলীয়ে বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। তেওঁৰ উল্লেখযোগ্য ছবিসমূহ হ’ল, শশী কাপুৰৰ সৈতে জুনুন (১৯৭৯), অমিতাভ বচ্চনৰ সৈতে মেজৰ চাব (১৯৯৮), বেৱাফা (২০০৫), লাইফ ইন এ... মেট্ৰ’ (২০০৭) আৰু ধৰ্মেন্দ্ৰৰ সৈতে যমলা পাগলা দীৱানা (২০১০ ) ছবি কৰিছিল।
ইয়াৰ উপৰিও তেওঁ মামুটীৰ সৈতে বিগ বি (২০০৭) নামৰ এখন মালয়ালম ছবিত অভিনয় কৰিছে, আৰু এইডছ সজাগতা প্ৰচাৰৰ বাবে কাম কৰা সংস্থা একচন ইণ্ডিয়াৰ সৈতেও তেওঁ জড়িত।
ৰাজনৈতিক জীৱন
২০০৪ চনৰ লোকসভা নিৰ্বাচনত নামনি কলকাতাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি নফিছা আলীয়ে পৰাজয় বৰণ কৰে। ২০০৯ চনৰ ৫ এপ্ৰিলত সঞ্জয় দত্তক পূৰ্বৰ দোষত দোষী সাব্যস্ত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে অযোগ্য ঘোষণা কৰাৰ পিছত নাফিছা আলীয়ে সমাজবাদী পাৰ্টিৰ টিকট লৈ লক্ষ্ণৌৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। ইয়াৰ পিছত ২০০৯ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে আৰু আজীৱন কংগ্ৰেছলৈ ঘূৰি অহা বুলি কয়।৪ কিন্তু ২০২২ চনৰ গোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ পুনৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছত যোগদান কৰে।৫
ব্যক্তিগত জীৱন
ভাৰতৰ অৰ্জুন বঁটা লাভ কৰা প'লো খেলুৱৈ কৰ্ণেল ৰবিন্দৰ সিং সোধিৰ সৈতে তেওঁৰ বিবাহ হয়।৩ ২০০৫ চনত ছেপ্টেম্বৰ মাহত তেওঁ ভাৰতীয় শিশু চলচ্চিত্ৰ সমাজ(CFSI)ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। ২০১৮ চনৰ নৱেম্বৰ মাহত নাফিছা আলীৰ ষ্টেজ-৩ পেৰিটনিয়েল আৰু অভেৰিয়ান কেন্সাৰ ধৰা পৰে।৬
তথ্যসূত্ৰ
- ↑ (22 March 2016). Major Akhter: Salute and an embrace from our heart. The Opinion Pages
- ↑ Rival has no clue about Nafisa's secret weapon
- ↑ Children's Film Society, India
- ↑ Nafisa Ali Rejoins Congress | news.outlookindia.com
- ↑ Actor Nafisa Ali joins TMC in Goa ahead of 2022 polls
- ↑ Actress Nafisa Ali diagnosed with Stage 3 cancer; Here is what you should know. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাফিছা আলী” প্ৰবন্ধৰ সংশোধন ৪২০৩৭৯ (৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।