পশ্চিম বংগৰ ভৌগলিক সূচক
১৪ প্ৰবন্ধ
-
পট্টচিত্ৰ
পটচিত্ৰ বা পট্টাচিত্ৰ হৈছে পৰম্পৰাগত, কাপোৰত স্ক্ৰল চিত্ৰকলাৰ জৰিয়তে প্ৰস্তুত কৰা এক কাৰুকাৰ্য। এই কলা পূব ভাৰতৰ ৰাজ্য ওড়িশা, পশ্চিম বংগ আৰু বাংলাদেশৰ কিছু অংশত দেখিবলৈ পোৱা যায়। পটচিত্ৰ শিল্পৰূপ ইয়াৰ জটিল বিৱৰণৰ লগতে ইয়াত লিপিবদ্ধ পৌৰাণিক আখ্যান আৰু লোককথাৰ বাবে জনাজাত।
-
ৰসগোল্লা
ৰসগোল্লা (Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনিৰ ৰসযুক্ত মিঠাই। ইয়াক চানাৰ গুড়িৰ বল আকৃতিৰ কৰি লৈ তৈয়াৰ কৰা হয় আৰু পাতল চেনিৰ ৰসত ডুবোৱা হয়। চেনিৰ ৰস বলটোৰ ভিতৰত সোমাই নোযোৱালৈ এই প্ৰক্ৰিয়া চলি থাকে।
-
নক্সি কাঁথা
নক্সি কাঁথা (Nakshi kantha) হ’ল এক ধৰণৰ পৰম্পৰাগত সূচিকৰ্ম বা এম্ৰয়দাৰী; বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গ, ত্ৰিপুৰা, অসম আদি ৰাজ্যত বাস কৰা বঙালীসকলৰ শতিকা পুৰণি এক কলা-পৰম্পৰা। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল- বেজী (সূচি), সূতা আৰু পুৰণি কাপোৰ।
-
কাঁথা
কেঁথা (Kantha) হ'ল বাংলাদেশ আৰু ভাৰতৰ পূব অঞ্চল বিশেষকৈ ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু ওড়িশাৰ এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী শিল্প, যাক কান্তা বা কোৱান্তা বুলিও উচ্চাৰণ কৰা হয়। ওড়িশাত পুৰণি শাৰীবোৰ ইটো সিটোৰ ওপৰত থুপ খােৱাই হাতেৰে চিলাই কৰি কুশ্বনৰ পাতল টুকুৰা এটা তৈয়াৰ কৰা হয়।
-
কোৰিয়াল শাৰী
কোৰিয়াল শাৰী ( Korial Saree) পশ্চিম বংগৰ পৰম্পৰাগত হাতে বোৱা শাৰী। এই হস্ততাঁত শাৰীবোৰ ৰঙা পাৰি, নক্সাৰ অভিনৱত্ব, অলংকাৰযুক্ত আঁচল, বয়নত প্ৰাকৃতিক আঁহৰ (পাটসূতা) ব্যৱহাৰৰ বাবে বিখ্যাত। শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক।
-
গৰদ শাৰী
গৰদ শাৰী ( Garad saree ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা শাৰী। পশ্চিম বংগৰ মুৰ্চিদাবাদ আৰু বীৰভূম জিলাত ইয়াৰ উৎপাদন হয়। মিৰ্জাপুৰৰ বোৱনী মৃত্যুঞ্জয় সৰকাৰ এই বিখ্যাত শাৰীৰ উদ্ভাৱক।
-
ছৌ মুখা
ছৌ মুখা (Chhau mask) ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ পুৰুলিয়াৰ এক পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য। পুৰুলিয়া ছৌ নৃত্য আৰু ওড়িশা ছৌ নৃত্যৰ মাজৰ মুখ্য পাৰ্থক্য হৈছে মুখাৰ ব্যৱহাৰ। পুৰুলিয়া ছৌ নৃত্যত মুখাব্যৱহাৰ কৰা হয়। কিন্তু ওড়িশাৰ ছৌ নৃত্যত মুখাৰ ব্যৱহাৰ নাই।
-
বাঁকুৰাৰ ঘোঁৰা
বাঁকুৰাৰ ঘোঁৰা ( Bankura horse ) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বাঁকুৰা জিলাৰ পাঁচমুৰা গাঁৱত উৎপাদিত এবিধ পোৰামাটিৰ ঘোঁৰা। “ইয়াৰ মাৰ্জিত ভংগী আৰু মৌলিক মূল্যবোধৰ অনন্য বিমূৰ্ততাৰ বাবে” ইয়াক প্ৰশংসা কৰা হৈছে।
-
বালুচড়ী শাড়ী
বালুচড়ী পশ্চিমবংগৰ প্ৰসিদ্ধ শাড়ী, ভাৰতৰ ভৌগোলিক স্বীকৃতি আৰু বয়নশৈলীত জাতীয় পুৰস্কাৰ প্ৰাপ্ত শিল্পকৰ্ম। আঁচলত বিবিধ পৌৰাণিক আৰু অন্যান্য নক্সা-গঁঠা এই শাড়ী আভিজাত্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বালুচড়ী শাড়ী তৈয়াৰ কৰোঁতে প্ৰায় ১ সপ্তাহ বা তাতোকৈ বেছি সময় লাগে।
-
মনসা চালি
মনসা চালি বা মনসা বাৰী ( Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।
-
মাদুৰকাঠি
মাদুৰকাঠি বা মাদুৰ (Madurkathi) মাদুৰকাঠি পাটি বা মাদুৰ হৈছে পশ্চিম বংগত মাদুৰী নামৰ ঘাঁহজাতীয় উদ্ভিদৰ পৰা বোৱা এবিধ পাটি। মাদুৰী পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়। মাদুৰকাঠি পাটি তৈয়াৰ কৰাটো মেদিনীপুৰ জিলাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আৰু ই গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ।
-
মিহিদানা
মিহিদানা ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানত উৎপত্তি হোৱা এবিধ ভাৰতীয় মিঠাই। ইয়াক পৰম্পৰাগত বুণ্ডী বা বুন্দিয়াৰ কণমানি সম্পৰ্কীয় ভাই হিচাপে বৰ্ণনা কৰা হয়। মিহিদানা দুটা শব্দৰ পৰা উদ্ভৱ হৈছে, মিহিৰ অৰ্থ মিহি বা নিমজ আৰু ডানা, যাৰ অৰ্থ হৈছে শস্য। ই ২০১৭ চনত ভৌগোলিক সূচাংক লাভ কৰে।
-
শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী
শান্তিনিকেতনী চৰ্মজাত সামগ্ৰী এক ধৰণৰ হস্তশিল্প যাৰ উৎস পশ্চিমবংগ ৰাজ্যৰ বীৰভূম জিলাৰ শান্তিনিকেতন। এই চৰ্মজাত সামগ্ৰীবোৰ অতি ৰঙীন বুটাকৰা অথবা বিভিন্ন নক্সাযুক্ত হয়। শান্তিনিকেতনী চৰ্মজাত দ্ৰব্যৰ প্ৰধান বৈশিষ্ট্য হ'ল ই সুন্দৰ ৰঙৰ লৈখিক নক্সাযুক্ত।
-
শান্তিপুৰী শাৰী
শান্তিপুৰী শাৰী (Shantipuri sari ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা কপাহী শাৰী। পশ্চিম বংগৰ নদিয়া জিলাৰ শান্তিপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইয়াৰ উৎপাদন হয়।