পশ্চিম বংগৰ সংস্কৃতি
২৪ প্ৰবন্ধ
-
বাউল
বাউল শিল্পী বা বাউল সাধক বা বাউল হৈছে সংগীতৰ লগতে চুফীবাদ, আধ্যাত্মিকতা আদি মতাদৰ্শৰ প্ৰচাৰ কৰা লোক আৰু লোকসংগীত পৰিবেশকৰ এক বিশেষ দল। বাংলাদেশ আৰু পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকা আৰু মেঘালয়ত বাউলসকলক দেখা যায়। বাউল সাধকে বাউল সংগীত পৰিবেশন কৰে।
-
বঙালী ৰন্ধনশৈলী
বঙালী ৰন্ধনশৈলী (Bengali cuisine) হৈছে ভাৰত উপমহাদেশৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰাৰ লগতে অসমৰ বৰাক উপত্যকালৈ বিস্তৃত বংগীয় ৰন্ধনশৈলী। অঞ্চলটোৰ বৈচিত্ৰময় ইতিহাস আৰু জলবায়ুয়ে বঙালী খাদ্যাভাসত প্ৰভাৱ পেলাইছে।।
-
কুশান নৃত্য
কুশান নৃত্য ( Kushan Dance) অথবা কুশান গান কৃত্তিবাসী ৰামায়ণৰ আধাৰত সৃষ্টি কৰা কোচ ৰাজবংশীসকলৰ এক লোককলা৷ কুশান নামটোৰ উৎপত্তিৰ সৈতে বহুতৰ মাজত মতভেদ আছে৷ কোনো কোনোৰ মতে, কোচ জাতিৰ নামৰ পৰাই কুশান নাম হৈছে; কোনোৰ মতে, ৰামায়ণৰ কুশৰ নামৰে কুশান হৈছে আৰু আন কিছুমানৰ মতে ৰামায়ণৰ পূৰ্বৰ পৰাই কুশান…
-
কবিগান
কবিগান বঙালী লোকসাহিত্যৰ এক বিশেষ ধাৰা। এই ধাৰাৰ লোককবিসকলে প্ৰতিযোগিতামূলক গীতৰ বৈঠকত অংশগ্ৰহণ কৰে। গায়ক আৰু কবি একেজনে। তেওঁ মুখেমুখে পদ ৰচনা কৰি তাৎক্ষণিকভাবে সুৰাৰোপণ কৰি গীত আকাৰে পৰিবেশন কৰে। কবিগান পৰিবেশনকাৰীসকলক কবিয়াল বোলে।
-
পহেলা বৈশাখ
পহেলা বৈশাখ (Pohela Boishakh) বা পয়লা বৈশাখ হৈছে বিশ্বজুৰি বাঙালী জনসাধাৰণে পালন কৰা বাংলা নৱবৰ্ষ। এই উৎসৱ বাংলাদেশত ১৪ এপ্ৰিল আৰু ভাৰতৰ পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু অসম (গোৱালপাৰা আৰু বৰাক উপত্যকা) ৰাজ্যত ১৫ এপ্ৰিলত বন্ধৰ দিন হিচাপে পালন কৰা হয়।
-
ৰসগোল্লা
ৰসগোল্লা (Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনিৰ ৰসযুক্ত মিঠাই। ইয়াক চানাৰ গুড়িৰ বল আকৃতিৰ কৰি লৈ তৈয়াৰ কৰা হয় আৰু পাতল চেনিৰ ৰসত ডুবোৱা হয়। চেনিৰ ৰস বলটোৰ ভিতৰত সোমাই নোযোৱালৈ এই প্ৰক্ৰিয়া চলি থাকে।
-
জামাই ষষ্ঠী
জামাই ষষ্ঠী (Jamai Sasthi) হিন্দু বঙালীসকলৰ পৰম্পৰাগত সাংস্কৃতিক লৌকিক আচাৰ। জেঠ মাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই আচাৰ পালন কৰা হয়। এই দিনটোত বিবাহিত জীয়ৰী আৰু জোৱায়েকক নিমন্ত্ৰণ কৰি আপ্যায়ন কৰা হয়।
-
নক্সি কাঁথা
নক্সি কাঁথা (Nakshi kantha) হ’ল এক ধৰণৰ পৰম্পৰাগত সূচিকৰ্ম বা এম্ৰয়দাৰী; বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গ, ত্ৰিপুৰা, অসম আদি ৰাজ্যত বাস কৰা বঙালীসকলৰ শতিকা পুৰণি এক কলা-পৰম্পৰা। ইয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰী হ’ল- বেজী (সূচি), সূতা আৰু পুৰণি কাপোৰ।
-
বঙালী হিন্দু বিবাহ
বঙালী হিন্দু বিবাহ (বাঙালি হিন্দু বিবাহ) বুলিলে সাধাৰণতে পশ্চিমবঙ্গ, ত্ৰিপুৰাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা হিন্দু ধৰ্মালম্বী স্ত্ৰী-পুৰুষৰ মাজত শাস্ত্ৰীয় বিধি আৰু পাৰিবাৰিক ঐতিহ্য অনুসাৰে হোৱা প্ৰথাসম্মত পৱিত্ৰ সামাজিক বিবাহকে বুজায়।
-
বাংলাদেশৰ সংগীত
বাংলাদেশৰ সংগীত (বাংলাদেশেব় সঙ্গীত) হ'ল সুদূৰ অতীতৰপৰাই বাংলাদেশত প্ৰচলিত হৈ অহা সংগীত। সুদূৰ অতীতৰপৰাই বাংলাদেশত সংগীতৰ ব্যাপক প্ৰচলন আছিল। সাধাৰণতে সংগীতক বিশ্লেষণ কৰিলে পোৱা যায়: সংগীত = ছন্দ + সুৰ অৰ্থাৎ সুৰত উচ্চাৰিত ছন্দযুক্ত বাক্যক গীত বা সংগীত বোলা হয়।
-
বাৰোৱাৰী
বাৰোৱাৰী (Barowari) বুলিলে বাঙালী হিন্দুসকলৰ সৰ্বজনীন (ৰাজহুৱা) পূজা বা উৎসৱকে বুজোৱা হয়। এই শব্দটি মূলতঃ পশ্চিমবংগতেই প্ৰচলিত। "বাৰোৱাৰী" বা "বাৰোয়াৰি" শব্দটিৰ উৎপত্তি "বাৰ" (১২) আৰু "ইয়াৰ" (বন্ধু) শব্দদুটিৰপৰা হৈছে।
-
হালখাতা
হালখাতা হৈছে বঙালী ব্যৱসায়ী, দোকানদাৰ আৰু ব্যৱসায়ীকসকলে পইলা বৈশাখ, অৰ্থাৎ প্ৰথম ব'হাগত উদ্যাপন কৰা এক পৰম্পৰাগত উৎসৱ। এই দিনা নতুন হিচাপ বহী আৰম্ভ কৰা হয়।
-
কাঁথা
কেঁথা (Kantha) হ'ল বাংলাদেশ আৰু ভাৰতৰ পূব অঞ্চল বিশেষকৈ ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু ওড়িশাৰ এক প্ৰকাৰৰ এম্ব্ৰয়ডাৰী শিল্প, যাক কান্তা বা কোৱান্তা বুলিও উচ্চাৰণ কৰা হয়। ওড়িশাত পুৰণি শাৰীবোৰ ইটো সিটোৰ ওপৰত থুপ খােৱাই হাতেৰে চিলাই কৰি কুশ্বনৰ পাতল টুকুৰা এটা তৈয়াৰ কৰা হয়।
-
কোৰিয়াল শাৰী
কোৰিয়াল শাৰী ( Korial Saree) পশ্চিম বংগৰ পৰম্পৰাগত হাতে বোৱা শাৰী। এই হস্ততাঁত শাৰীবোৰ ৰঙা পাৰি, নক্সাৰ অভিনৱত্ব, অলংকাৰযুক্ত আঁচল, বয়নত প্ৰাকৃতিক আঁহৰ (পাটসূতা) ব্যৱহাৰৰ বাবে বিখ্যাত। শাৰীখন আছিল পবিত্ৰতা, বিশুদ্ধতা আৰু মংগলৰ প্ৰতীক।
-
গৌড়ীয় নৃত্য
গৌড়ীয় নৃত্য (Gaudiya Nritya) হʼল এবিধ ভাৰতীয় বঙালী পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যকলা। প্ৰাচীনকালতেই ভাৰতীয় উপমহাদেশত বঙ্গীয় অঞ্চলৰ মন্দিৰসমূহত এই নৃত্যবিধৰ উৎপত্তি হৈছিল। বংগৰ প্ৰাচীন কাব্যগ্ৰন্থসমূহত গৌড়ীয় নৃত্যৰ উল্লেখ পোৱা যায়।
-
গৰদ শাৰী
গৰদ শাৰী ( Garad saree ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা শাৰী। পশ্চিম বংগৰ মুৰ্চিদাবাদ আৰু বীৰভূম জিলাত ইয়াৰ উৎপাদন হয়। মিৰ্জাপুৰৰ বোৱনী মৃত্যুঞ্জয় সৰকাৰ এই বিখ্যাত শাৰীৰ উদ্ভাৱক।
-
ঘাটু গান
ঘাটু গান (ঘাটু গান) হ'ল বাংলাদেশৰ হাওড় অঞ্চলৰ বিলুপ্তপ্ৰায় একধৰণৰ বঙালী লোকগীত। এই গীতক ঘাটু গান বুলি কোৱাৰ কাৰণ, ঘাটত নাও চপাই এই গীত গোৱা হয়। আজিও ময়মনসিংহৰ বিভিন্ন অঞ্চল যেনে ঈশ্বৰগঞ্জ, নেত্ৰকোনাৰ কেন্দুৱা আৰু সুনামগঞ্জৰ কিছু অঞ্চলত মানুহৰ মুখে মুখে ঘাটু গান শুনিবলৈ পোৱা যায়।
-
ধামাইল
ধামাইল গীত আৰু ধামাইল নৃত্য হʼল বাংলাদেশৰ ময়মনসিংহ আৰু চিলেট অঞ্চল (বিশেষকৈ সুনামগঞ্জ)ত প্ৰচলিত একপ্ৰকাৰৰ কাহিনী সংবলিত মূলতঃ মহিলাসকলৰ আচাৰকেন্দ্ৰিক বঙালী লোকগীত আৰু লোকনৃত্য। ই এই অঞ্চলৰ লোকসাহিত্যৰ এক অবিচ্ছেদ্য অংশ।
-
বাঁকুৰাৰ ঘোঁৰা
বাঁকুৰাৰ ঘোঁৰা ( Bankura horse ) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বাঁকুৰা জিলাৰ পাঁচমুৰা গাঁৱত উৎপাদিত এবিধ পোৰামাটিৰ ঘোঁৰা। “ইয়াৰ মাৰ্জিত ভংগী আৰু মৌলিক মূল্যবোধৰ অনন্য বিমূৰ্ততাৰ বাবে” ইয়াক প্ৰশংসা কৰা হৈছে।
-
মনসা চালি
মনসা চালি বা মনসা বাৰী ( Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।
-
মাদুৰকাঠি
মাদুৰকাঠি বা মাদুৰ (Madurkathi) মাদুৰকাঠি পাটি বা মাদুৰ হৈছে পশ্চিম বংগত মাদুৰী নামৰ ঘাঁহজাতীয় উদ্ভিদৰ পৰা বোৱা এবিধ পাটি। মাদুৰী পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা সংগ্ৰহ কৰা হয়। মাদুৰকাঠি পাটি তৈয়াৰ কৰাটো মেদিনীপুৰ জিলাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আৰু ই গ্ৰাম্য অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ।
-
শান্তিপুৰী শাৰী
শান্তিপুৰী শাৰী (Shantipuri sari ) পশ্চিম বংগৰ পৰম্পৰাগত হাতেৰে বোৱা কপাহী শাৰী। পশ্চিম বংগৰ নদিয়া জিলাৰ শান্তিপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ইয়াৰ উৎপাদন হয়।
-
শ্যামা সংগীত
শ্যামা সংগীত (Shyama Sangeet, শ্যামা সঙ্গীত) হিন্দু দেৱী শ্যামা বা কালীৰ প্ৰতি উৎসৰ্গিত বঙালী ভক্তিমূলক গীতৰ এটা ধাৰা। কালী হʼল পৰম সাৰ্বজনীন মাতৃদেৱী দুৰ্গা বা পাৰ্বতীৰ এটি ৰূপ। শ্যামা সংগীতক শাক্তগীতি বা দুৰ্গাস্তুতি নামেৰেও জনা যায়।
-
সীতাভোগ
সীতাভোগ ( Sitabhog ) ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।