ধুলাবাৰী হ'ল দক্ষিণ-পূব নেপালৰ কোশী প্ৰদেশৰ ঝাপা জিলাৰ এখন চহৰ। ই মেচিনগৰ পৌৰসভাৰ অংশ। ১৯৯১ চনৰ লোকপিয়ল অনুসৰি ধুলাবাৰীৰ জনসংখ্যা ১৫,৭৪২ জন।১
ভৌগোলিক অৱস্থান
ধুলাবাৰী হিমালয়ৰ দাঁতিত সমতল ভূমিত অৱস্থিত। ই দেশখনৰ পূব প্ৰান্তত অৱস্থিত, আৰু কাকৰভিট্টাৰ পৰা ৬ কিল'মিটাৰ পূব দিশত অৱস্থিত। ইয়াৰ মেচি নদী নেপাল আৰু ভাৰতৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা হিচাপে আছে।
অৰ্থনীতি
ধুলাবাৰী বজাৰ চীনা সামগ্ৰীৰ উপলব্ধতাৰ বাবে সুপৰিচিত। ১৯৭৭ চনত স্থাপিত এই বজাৰখনক ঝাপাৰ “বিদেশী সামগ্ৰীৰ বজাৰ” বুলি কোৱা হয়। ধুলাবাৰীৰ আশে-পাশে থকা ভূমিভাগ উৰ্বৰ হোৱা বাবে খেতিৰ বাবে উপযোগী। ঋতু অনুসৰি ধান, গম, সৰিয়হ আৰু চাহ আদিৰ খেতি কৰা হয়। বাৰিষাৰ সময়ত যেতিয়া প্ৰচুৰ বৰষুণ হয়, তেতিয়া ধান আৰু ঘেঁহুৰ খেতি কৰা হয়, আৰু শীতকালত চপোৱা হয়।
পৰিবহন

ধুলাবাৰীক কেন্দ্ৰীয় ঘাইপথ মহেন্দ্ৰ ৰাজমাৰ্গৰ দ্বাৰা দেশৰ সকলো প্ৰান্তৰ সৈতে সংযোগ কৰা হৈছে। চন্দ্ৰগড়ী বিমানবন্দৰ চন্দ্ৰগড়ী (ধুলাবাৰীৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ)ত অৱস্থিত আৰু ইয়াত প্ৰতিদিনে কাঠমাণ্ডুলৈ যাতায়ত কৰিবলৈ ৯ৰ পৰা ১০খন বিমান সেৱা উপলব্ধ।
জনগাঁথনি
ধুলাবাৰীত বসবাস কৰা প্ৰধান জনগোষ্ঠীসমূহ হ'ল ৰাজবংশী, ৰায়, লিম্বু, নেৱাৰ, ছেত্ৰী, ব্ৰাহ্মণ, মাৰোৱাৰী আদি। ধুলাবাৰীৰ গৰিষ্ঠসংখ্যক লোক হিন্দু ধৰ্মাৱলম্বী৷
জলবায়ু

ধুলাবাৰীৰ জলবায়ু গৰমৰ দিনত অতি উষ্ণ আৰু আৰ্দ্ৰ, আৰু শীতকালত মৃদু আৰু শুকান। গ্ৰীষ্মকালত তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে, আৰু শীতকালত নিম্নতা প্ৰায় ১২ ডিগ্ৰী চেলছিয়াছ। বাৰিষাত (জুন–ছেপ্টেম্বৰ) প্ৰচুৰ পৰিমাণে বৰষুণৰ হয়। শীতকালত বৰষুণ কম হয় বা একেবাৰেই নহয়, যাৰ বাবে ধান, গম, যৱ, সৰিয়হ আদি শস্য চপোৱাৰ বাবে ই উপযুক্ত সময়।
সংস্কৃতি
ধুলাবাৰীৰ সংস্কৃতি হৈছে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ মিশ্ৰণ। ইয়াৰে তলত উল্লেখ কৰা উৎসৱসমূহ আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ নেপালৰ ৮৮% লোক হিন্দু ধৰ্মাৱলম্বী।
- দশৈ: দশৈ উৎসৱ হিন্দুসকলে উদ্যাপন কৰে। এই উৎসৱ ১৫ দিন চলে।
- তিহাৰ আৰু দীপাৱালী: তিহাৰ উৎসৱ ৫ দিন ধৰি পালন কৰা হয়। দেৱালী হিন্দুসকলৰ পোহৰৰ উৎসৱ। তিহাৰৰ পঞ্চম দিনত সাধাৰণতে সৰিয়হৰ তেলেৰে চাকি জ্বলোৱা হয় আৰু ফটকা ফুটোৱা হয়।
- কৃষ্ণ অষ্টমী: ধূলাবাৰীত হিন্দু ৰাইজে কৃষ্ণ অষ্টমী পালন কৰে। ধুলাবাৰীত কৃষ্ণ অষ্টমীৰ নিশা কৃষ্ণ মন্দিৰত বিপুল সংখ্যক মানুহৰ সমাগম ঘটে, তেওঁলোকে একগোট হৈ ভজন আৰু কীৰ্তন কৰে।
তথ্যসূত্ৰ
- ↑ Nepal Census 2001. Nepal's Village Development Committees. Digital Himalaya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুলাবাৰী” প্ৰবন্ধৰ সংশোধন ৫২৯৩০৬ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।