মাৰ্গাৰেট ছেংগাৰ(জন্মনাম মাৰ্গাৰেট লুইছ হিগিন্স, ১৪ ছেপ্টেম্বৰ, ১৮৭৯ – ৬ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী আমেৰিকান জন্ম নিয়ন্ত্ৰণ কাৰ্যকৰ্তা, যৌন শিক্ষিকা, লেখিকা আৰু নাৰ্ছ আছিল। তেওঁ আমেৰিকাত প্ৰথমটো জন্ম নিয়ন্ত্ৰণ ক্লিনিক স্থাপন কৰিছিল, প্ল্যাণ্ড পেৰেণ্টহুড প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰথমটো জন্ম নিয়ন্ত্ৰণ পিল বিকাশৰ ক্ষেত্ৰত সহযোগিতা কৰিছিল। চেঙ্গাৰক জন্ম নিয়ন্ত্ৰণ আন্দোলনৰ প্ৰতিষ্ঠাপক আৰু নেতা হিচাপে গণ্য কৰা হয়।
চেঙ্গাৰে নিউয়ৰ্ক চহৰৰ বস্তিত নাৰ্ছ হিচাপে কাম কৰিছিল, য'ত তেওঁ প্ৰায়েই সন্তানধাৰণ নকৰিবলৈ ব্যাকুল মাকসমূহৰ চিকিৎসা কৰিছিল, যাৰ কিছুসংখ্যক অস্বাস্থ্যকৰ পদ্ধতিৰে কৰা গোপন গৰ্ভপাতৰ ফলত ভুগি আছিল। এই অভিজ্ঞতাসমূহৰ ফলত তেওঁ মহিলাসকলক কেতিয়া সন্তানধাৰণ কৰিব সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰিবলৈ দৃঢ়সংকল্প হৈছিল। জন্ম নিয়ন্ত্ৰণ প্ৰচাৰ কৰাৰ প্ৰেৰণা তেওঁৰ মল্থাছিয়ান চিন্তাধাৰাৰ পৰা আহিছিল, য'ত জনবিস্ফোৰণৰ কুপ্ৰভাৱৰ বিষয়ে উদ্বিগ্নতা প্ৰকাশ পাইছিল। তেওঁ ইউজেনিক আন্দোলনৰো সমৰ্থক আছিল আৰু বিশ্বাস কৰিছিল যে জন্ম নিয়ন্ত্ৰণৰ মাধ্যমে "অযোগ্য" লোকৰ সংখ্যা হ্ৰাস পাব আৰু মানুহৰ সামগ্ৰিক স্বাস্থ্য উন্নত হ’ব।
জন্ম নিয়ন্ত্ৰণ প্ৰচাৰৰ বাবে তেওঁ বক্তৃতা দিছিল, গ্ৰন্থ লিখিছিল আৰু সাময়িকী প্ৰকাশ কৰিছিল। চেঙ্গাৰে প্ৰায়ে অশ্লীলতা আইনৰ উলংঘন কৰি জন্ম নিয়ন্ত্ৰণ সংক্ৰান্ত সাহিত্য বিতৰণৰ বাবে গ্ৰেপ্তাৰ হৈছিল। তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হৈছিল আৰু প্ৰতিবাৰতে আইনী বিজয়ৰ আশা কৰিছিল যাতে জন্ম নিয়ন্ত্ৰণত বাধা দিয়া আইনসমূহ খাৰিজ হয়। তেওঁ বহুতো গুৰুত্বপূৰ্ণ আইনী বিজয়ৰ বাবে দায়ী আছিল। তাৰ মাজত চিকিৎসকসকলক গৰ্ভ নিৰোধক বিতৰণৰ অনুমতি দিয়া আৰু গ্ৰীচৱল্ড বনাম কনেকটিকাট(Griswold v Connecticut) বিচাৰৰ সিদ্ধান্ত অনুসৰি, দম্পতীসকলৰ বাবে ৰাষ্ট্ৰজুৰি বিনা প্ৰেছক্ৰিপশ্যনত গৰ্ভ নিৰোধকক বৈধ কৰা অন্তৰ্ভুক্ত আছিল।
তেওঁ সমগ্ৰ দেশজুৰি ডজনৰ ওপৰত জন্ম নিয়ন্ত্ৰণ ক্লিনিক স্থাপন কৰিছিল, যি শতাধিক হাজাৰ ৰোগীক প্ৰজনন স্বাস্থ্য সেৱা প্ৰদান কৰিছিল। চেঙ্গাৰে গৰ্ভপাতক নিৰুৎসাহিত কৰিছিল আৰু তেওঁৰ জীৱিতকালত তেওঁৰ ক্লিনিকসমূহে গৰ্ভপাতৰ সেৱা প্ৰদান কৰা নাছিল। তেওঁ পৰিয়াল পৰিকল্পনাৰ সৈতে জড়িত বহু সংগঠন, প্ল্যাণ্ড পেৰেণ্টহুড আৰু ইণ্টাৰনেচনেল প্ল্যাণ্ড পেৰেণ্টহুড ফেডাৰেচন প্ৰতিষ্ঠা কৰিছিল। ১৯৫০ৰ দশকৰ আৰম্ভণিত চেঙ্গাৰে দাতা সকলক বায়’লজিষ্ট গ্ৰেগৰী পিংকাছক প্ৰথম গৰ্ভ নিৰোধক পিল বিকাশৰ বাবে তহবিল প্ৰদান কৰিবলৈ উদ্বুদ্ধ কৰিছিল। তেওঁ ১৯৬৬ চনত আৰিজ’নাত মৃত্যুবৰণ কৰে।
প্ৰাৰম্ভিক জীৱন
চেঙ্গাৰৰ মাতৃ-পিতৃ আইৰিছ কেথলিক আছিল আৰু পৃথকে পৃথকে আয়াৰলেণ্ডৰ পৰা অভিবাসিত হৈছিল। তেওঁৰ পিতৃ মাইকেল হেনেছী হিগিন্স ১৪ বছৰ বয়সত আমেৰিকালৈ অভিবাস কৰে আৰু ১৫ বছৰ বয়সত গৃহযুদ্ধত ইউনিয়ন সেনাবাহিনীৰ এজন ড্ৰামাৰ হিচাপে যোগদান কৰে। সেনাবাহিনী এৰি অহাৰ পাছত তেওঁ চিকিৎসা বিজ্ঞান আৰু মস্তিষ্কবিদ্যা (phrenology) অধ্যয়ন কৰিছিল, কিন্তু শেষত এজন শিল কটা কাৰিকৰ হৈ পৰিছিল।১২ তেওঁৰ মাতৃ এন পাৰচেল হিগিন্স মহা দুৰ্ভিক্ষৰ সময়ত পৰিয়ালৰ সৈতে কানাডালৈ অভিবাসিত হৈছিল।
এন আৰু মাইকেল ১৮৬৯ চনত বিবাহ বন্ধনত আবদ্ধ হৈছিল।৩ ২২ বছৰৰ ভিতৰত এন হিগিন্সে ১৮বাৰ গৰ্ভধাৰণ কৰিছিল আৰু ১১জন সন্তানৰ জন্ম দিছিল। পিছত তেওঁ ৪৯ বছৰ বয়সত মৃত্যু বৰণ কৰে।৪
মাৰ্গাৰেট চেঙ্গাৰৰ জন্ম ১৮৭৯ চনত নিউয়ৰ্কৰ কৰ্নিং চহৰত মাৰ্গাৰেট লুইচ হিগিন্স নামেৰে হৈছিল। ১১জন জীৱিত সন্তানৰ মাজত তেওঁ ষষ্ঠ সন্তান আছিল। তেওঁৰ শৈশৱ এটা ব্যস্ত পৰিয়ালৰ মাজত পাৰ হয়। .৫ মাইকেল এজন মুক্তচিন্তক, নাস্তিক আছিল। তেওঁ বিনামূলীয়া জনশিক্ষা আৰু মহিলাৰ ভোটাধিকাৰৰ বাবে কাম কৰিছিল|৬
দুই জেষ্ঠা ভগ্নীৰ সহায়ত মাৰ্গাৰেট হিগিন্সে ক্লেভাৰেক কলেজৰ হাডছন ৰিভাৰ ইনষ্টিটিউটত অধ্যয়ন কৰে, তাৰ পিছত ১৯০০ চনত হোৱাইট প্লেইনছ হস্পিটালত ছাত্ৰী নাৰ্ছ হিচাপে নামভৰ্তি কৰে৭ ১৯০২ চনত তেওঁ স্থপতি উইলিয়াম চেঙ্গাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৮ যক্ষ্মাত আক্ৰান্ত হৈও তেওঁ তিনিটা সন্তানৰ জন্ম দিয়ে আৰু পৰিয়ালসহ নিউয়ৰ্কৰৱেষ্টচেষ্টাৰত শান্তিপূৰ্ণ জীৱন কটায়।৯
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰেট ছেংগাৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৪৭ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।