বৰদলৈ ট্ৰফী অথবা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় আগশাৰীৰ ফুটবল প্ৰতিযোগিতা। গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই ফুটবল প্ৰতিযোগিতাখন প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়। ১ ২ ১৯৫২ চনৰ পৰা অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখন গুৱাহাটী টাউন ক্লাবৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু ইয়াৰ নামাকৰণ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত কৰা হৈছে। বৰদলৈ ট্ৰফীত উত্তৰ-পূব আৰু ভাৰতবৰ্ষৰ আগশাৰীৰ দলৰ উপৰিও বাংলাদেশ, নেপাল, থাইলেণ্ড, ইৰান আৰু উজবেকিস্তানৰ দলেও অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ আবাহনী লিমিটেডে ২০১০ চনত এই ট্ৰফীৰ খিতাপ অৰ্জন কৰিছিল।৩ কলকাতাৰ মোহন বাগান এথলেটিক ক্লাবে সৰ্বাধিক ৭ বাৰ বৰদলৈ ট্ৰফীৰ খিতাপ অৰ্জন কৰিছে।
খেলপথাৰ
বৰদলৈ ট্ৰফীৰ খেলসমূহ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈ আহিছে যদিও যোৱা কিছু বৰ্ষৰ খেল সমূহ নেহৰু ষ্টেডিয়ামৰ উপৰিও জজ খেলপথাৰ আৰু গুৱাহাটীৰ নিকটবৰ্তী কিছু খেলপথাৰতো অনুষ্ঠিত হৈছে।৪
বিজয়ী দল সমূহ
| +বৰদলৈ ট্ৰফীৰ ফাইনেলৰ তালিকা | ||||
| চন | বিজয়ী | স্ক'ৰ | ৰাণাৰ্ছ-আপ | তথ্য সংগ্ৰহ |
|---|---|---|---|---|
| ১৯৫২ | ৰেলৱে স্পোৰ্ট্ছ ক্লাব, পাণ্ডু | ?-? | ইউনিয়ন স্পোৰ্টিং ক্লাব, নগা | |
| ১৯৫৩ | মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী | ?-? | শ্বিলং গেৰীছন | |
| ১৯৫৪ | গুৱাহাটী টাউন ক্লাব | ?-? | ইণ্ডিয়া ক্লাব শিলচৰ | |
| ১৯৫৫ | ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং | ?-? | ঠেঙালবাৰী ক্লাব, যোৰহাট | |
| ১৯৫৬ | গুৱাহাটী টাউন ক্লাব | ?-? যুগ্ম বিজয়ী) | ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং | |
| ১৯৫৭ | জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ | ?-? | গুৱাহাটী টাউন ক্লাব | |
| ১৯৫৮ | ছাউডাৰ্ণ ৰেলৱে ইনষ্টিটিউট | ?-? | মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী | |
| ১৯৫৯ | স্পোৰ্টিং ইউনিয়ন ক্লাব, গুৱাহাটী | ?-? | চিটি কলেজ অ'ল্ড বয়জ এফ চি | |
| ১৯৬০ | অসম পুলিছ এ চি, দেৰগাঁও | ?-? | অসম ৰাইফলছ্ | |
| ১৯৬১ | মাইচ'ৰ ডিষ্ট্ৰিক্ট কমিটি | ?-? | অসম ৰাইফলছ্ | |
| ১৯৬২ | লীডাৰ্ছ এফ চি, জলন্ধৰ | ?-? | হাওৰা ইউনিয়ন, কলিকতা | |
| ১৯৬৩ | গুৱাহাটী টাউন ক্লাব | ০-০ (যুগ্ম বিজয়ী) | লীডাৰ্ছ এফ চি, জলন্ধৰ | |
| ১৯৬৪ | অসম ৰাইফলছ্ | ?-? | জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ | |
| ১৯৬৫ | আৰয়ান ক্লাব, কলিকতা | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
| ১৯৬৬ | আৰয়ান ক্লাব, কলিকতা | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
| ১৯৬৭ | পূব ৰেলৱে এছ চি | ?-? | ইচ্ছাপুৰ ৰাইফল ফেক্টৰী, কলিকতা | |
| ১৯৬৮ | ইষ্ট বেংগল ফুটবল ক্লাব | ১-০ | পূব ৰেলৱে এছ চি | ৫ |
| ১৯৬৯ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | ইষ্ট বেংগল ফুটবল ক্লাব | |
| ১৯৭০ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন | |
| ১৯৭১ | অসম পুলিছ এ চি, দেৰগাঁও | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
| ১৯৭২ | ইষ্ট বেংগল ফুটবল ক্লাব | ?-? | ঢাকা একাদশ | ৫ |
| ১৯৭৩ | ইষ্ট বেংগল ফুটবল ক্লাব | ?-? | লীডাৰ্ছ এফ চি, জলন্ধৰ | ৫ |
| ১৯৭৪ | মোহন বাগান এথলেটিক ক্লাব | ২-২,৫-0 | ভাস্কো স্পোৰ্টছ ক্লাব | |
| ১৯৭৫ | মোহন বাগান এথলেটিক ক্লাব | ?-? | পঞ্জাব একাদশ | |
| ১৯৭৬ | মোহন বাগান এথলেটিক ক্লাব | ৩-০ | গোৱা একাদশ | |
| ১৯৭৭ | মোহন বাগান এথলেটিক ক্লাব | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
| ১৯৭৮ | ইষ্ট বেংগল ফুটবল ক্লাব | ৪-২ | বেংকক প'ৰ্ট অথ'ৰিটি | ৫ |
| ১৯৭৯ | বেংকক প'ৰ্ট অথ'ৰিটি | ?-? | অইল ইণ্ডিয়া এফ চি | |
| ১৯৮০ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
| ১৯৮১ | অসম পুলিছ এ চি | ?-? | ডেম্পো স্পোৰ্টছ ক্লাব | |
| ১৯৮২ | ডেম্পো স্পোৰ্টছ ক্লাব | ১-০ | অসম ৰাইফলছ্ | |
| ১৯৮৩ | ডেম্পো স্পোৰ্টছ ক্লাব | ১-০ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
| ১৯৮৪ | মোহন বাগান এথলেটিক ক্লাব | ?-? | মাফতলাল এছ চি, বোম্বাই | |
| ১৯৮৫ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | ছালগাওকাৰ স্পোৰ্টছ ক্লাব | |
| ১৯৮৬ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ৩-০ | পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদ | |
| ১৯৮৭ | খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন | ?-? | অসম ৰাইফলছ্ | |
| ১৯৮৮ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ | ?-? | অসম পুলিছ | |
| ১৯৮৯ | এছটেঘলাল এফ চি, তেহৰান | ?-? | ঢাকা মহমেদান স্পোৰ্টিং ক্লাব | |
| ১৯৯০ | অইল ইণ্ডিয়া এফ চি | ?-? | শ্বিলং একাদশ | |
| ১৯৯১ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ১-০ | ইষ্ট বেংগল ফুটবল ক্লাব | |
| ১৯৯২ | ইষ্ট বেংগল ফুটবল ক্লাব | ১-০ | আবাহনী ক্ৰীড়াচক্ৰ, ঢাকা | ৫ |
| ১৯৯৩ | বেংকক প'ৰ্ট অথ'ৰিটি | ?-? | মোহন বাগান এথলেটিক ক্লাব | |
| ১৯৯৪ | পঞ্জাব পুলিছ | ?-? | মিজোৰাম একাদশ | |
| ১৯৯৫ | অসম পুলিছ এ চি | ?-? | উইলিয়ামছন মেগৰ একাডেমী | |
| ১৯৯৬ | মোহন বাগান এথলেটিক ক্লাব | ২-১ | ইষ্ট বেংগল ফুটবল ক্লাব | |
| ১৯৯৭ | অসম পুলিছ এ চি | ১-১,৫-৪ [pen] | মিজোৰাম আইজল একাদশ | |
| ১৯৯৮ | নৰবাখৰ ক্লাব | ১০-১ | টি.আৰ.এ.ইউ., ইম্ফল | |
| ১৯৯৯ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ২-১ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
| ২০০০ | টাটা ফুটবল একাডেমী | ১-১,৪-৩ [pen] | ২য় অসম বিশেষ সংৰক্ষিত বাহিনী | |
| ২০০১ | মোহন বাগান এথলেটিক ক্লাব | ৪-০ | ৰাজ প্ৰাচা এছ চি, বেংকক | |
| ২০০২ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ১-০ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
| ২০০৩ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ৩-০ | অইল ইণ্ডিয়া এফ চি | |
| ২০০৪ | ব্ৰাডাৰ্ছ ইউনিয়ন, ঢাকা | ০-০,১-০ [aet] | শ্বিলং একাদশ | |
| ২০০৫ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ২-২,৫-৩ [pen] | ছেইল | |
| ২০০৬ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ১-০ | আসাম ৰেজিমেন্টেল চেন্টাৰ | |
| ২০০৭ | প'ৰ্ট অথ'ৰিটি অফ থাইলেণ্ড | ৩-০ | অ.এন.জি.চি., মুম্বাই | |
| ২০০৮ | অইল ইণ্ডিয়া এফ চি | ০-০,৩-০ [aet] | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
| ২০০৯ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ৩-২ | নাগালেণ্ড পুলিছ | |
| ২০১০ | আবাহনী লিমিটেড, ঢাকা | ৩-০ | থ্ৰী ষ্টাৰ ক্লাব, নেপাল | |
| ২০১১ | ৰয়েল ৱাহিংদহ এফ চি | ২-১ | লাংছিং এফ চি | |
| ২০১২ | অইল ইণ্ডিয়া এফ চি | ৪-১ | অসম ৰাইফলছ্ | |
| ২০১৩ | ভৱানীপুৰ এফ চি | ১-০ | আইজল এফ চি | |
| ২০১৪ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ২-২,৪-২[pen] | গ্ৰীণ ভেলী এফ চি | |
| ২০১৫ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
| ২০১৬ | থ্ৰী ষ্টাৰ ক্লাব | ২-১ | ইষ্ট বেংগল ফুটবল ক্লাব | |
| ২০১৮ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ৩-১ | অইল ইণ্ডিয়া এফ চি | ৬ |
| ২০১৯ | অইল ইণ্ডিয়া এফ চি | ২–২ (অইল বিজয়ী পেনাল্টীৰ জৰিয়তে) | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
| ২০২০ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
| ২০২১ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ২-১ | অইল ইণ্ডিয়া এফ চি | |
| ২০২২ | দিল্লী এফ চি | ১-০ | নাগালেণ্ড পুলিচ | ৭ |
| ২০২৩ | অইল ইণ্ডিয়া এফ চি | ৩-১ | ইউনাইটেড চিৰাং দুৱাৰ এফ চি | ৮ |
তথ্য সংগ্ৰহ
তথ্যসূত্ৰ
- ↑ New look for Bordoloi Trophy. The Telegraph
- ↑ GSA, GFC bracing up for Bordoloi Trophy. The Assam Tribune
- ↑ আৰ্কাইভ কপি
- ↑ 16 teams, 4 venues, 1 champion, The 68th edition of Bordoloi Trophy is here. twitter.com
- ↑ East Bengal Club - Trophy Room. eastbengalclub.co.in
- ↑ (9 November 2018). Mohammedan SC Cliched Title In The 65th Bordoloi Trophy. Goalie365.com
- ↑ (3 April 2022). Bordoloi Trophy: Delhi FC beat Nagaland 1-0 to clinch trophy. Eastern Mirror
- ↑ (5 April 2023). OIL wins Bordoloi Trophy football tournament. thenewsmill.com
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰদলৈ ট্ৰফী” প্ৰবন্ধৰ সংশোধন ৫৭২৩১৭ (২৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।