অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৰলা দালাল

তৰলা দালাল (Tarla Dalal; ৩ জুন ১৯৩৬ – ৬ নৱেম্বৰ ২০১৩) এগৰাকী ভাৰতীয় খাদ্য লেখিকা, চেফ, ৰন্ধন গ্ৰন্থ লেখিকা আৰু ৰন্ধন অনুষ্ঠানৰ পৰিবেশক আছিল। ১৯৭৪ চনত তেওঁৰ প্ৰথম ৰন্ধন গ্ৰন্থ “দ্য প্লেজাৰ্ছ অৱ ভেজেটেৰিয়ান কুকিং” প্ৰকাশ পায়।তেতিয়াৰ পৰা তেওঁ ১০০ খনতকৈও অধিক কিতাপ লিখে আৰু এক কোটিতকৈও অধিক কপি…

হালনাগাদ: ৭ মে’ ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তৰলা দালাল (Tarla Dalal; ৩ জুন ১৯৩৬ – ৬ নৱেম্বৰ ২০১৩) এগৰাকী ভাৰতীয় খাদ্য লেখিকা, চেফ, ৰন্ধন গ্ৰন্থ লেখিকা আৰু ৰন্ধন অনুষ্ঠানৰ পৰিবেশক আছিল।১২ ১৯৭৪ চনত তেওঁৰ প্ৰথম ৰন্ধন গ্ৰন্থ “দ্য প্লেজাৰ্ছ অৱ ভেজেটেৰিয়ান কুকিং” প্ৰকাশ পায়।তেতিয়াৰ পৰা তেওঁ ১০০ খনতকৈও অধিক কিতাপ লিখে আৰু এক কোটিতকৈও অধিক কপি বিক্ৰী হয়। তেওঁ ভাৰতীয় খাদ্যৰ আটাইতকৈ ডাঙৰ ৱেব চাইটটোও চলাইছিল, আৰু “কুকিং এণ্ড ম’ৰ” নামৰ এখন দ্বি-মাহেকীয়া আলোচনী প্ৰকাশ কৰিছিল। তেওঁৰ ৰন্ধন অনুষ্ঠানৰ ভিতৰত আছিল “দ্য তৰ্লা দালাল শ্ব’” আৰু “কুক ইট আপ উইথ তৰ্লা দালাল”। তেওঁৰ ৰেচিপিসমূহ প্ৰায় ২৫খন আলোচনীত প্ৰকাশ পাইছিল আৰু আনুমানিক ১২ কোটি ভাৰতীয় ঘৰত সেই ৰেচিপি ব্যৱহাৰ কৰা হৈছিল।৩

যদিও তেওঁ বহুতো খাদ্য আৰু স্বাস্থ্যসন্মত ৰন্ধন প্ৰণালীৰ বিষয়ে লিখিছিল, তথাপিও তেওঁ নিৰামিষ ভাৰতীয় খাদ্য, বিশেষকৈ গুজৰাটী খাদ্যৰ বিশেষজ্ঞ আছিল।৪ ২০০৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী প্ৰদান কৰে আৰু৫ ৰন্ধন ক্ষেত্ৰৰ পৰা এই উপাধি লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।৬ ২০০৫ চনত ইণ্ডিয়ান মাৰ্চেণ্ট চেম্বাৰ্ছে তেওঁক বছৰৰ মহিলাৰ সন্মানো প্ৰদান কৰে।৭

২০১৩ চনৰ ৬ নৱেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।৮

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rendezvous with Tarla Dalal. Sify
  2. ↑ Man's empowerment.. in the kitchen!. Deccan Herald
  3. ↑ (30 April 1994). The Queen of Cabbages. ইণ্ডিয়া টুডে
  4. ↑ (27 April 2004). Tarla Dalal shares a few Gujarati recipes. MiD DAY
  5. ↑ Padma Awards Directory (1954-2009). Ministry of Home Affairs
  6. ↑ India, Uppercrust. Home Page - uppercrustindia. www.uppercrustindia.com
  7. ↑ The Biography of Celebrated Indian Chef Tarla Dalal. Biharprabha News
  8. ↑ Mid-Day: Celebrity Chef Tarla Dalal passes away

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰলা দালাল” প্ৰবন্ধৰ সংশোধন ৬০৫১১৩ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।