লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম
৭ প্ৰবন্ধ
-
বুঢ়ী আইৰ সাধু
বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱা সংকলিত শিশু-পাঠকৰ উপযোগী অসমীয়া সাধু-সংকলন। অসমৰ লোকসমাজৰ পৰা সংগৃহীত লোককথাক লিখিত ৰূপ দিয়া এই গ্ৰন্থই অসমীয়া সাহিত্য আৰু লোকসাহিত্য-চৰ্চাত বিশেষ গুৰুত্ব লাভ কৰিছে।
-
জয়মতী কুঁৱৰী (নাটক)
জয়মতী কুঁৱৰী (Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল।
-
তেজীমলা
তেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু তেজীমলাৰ মূল চৰিত্ৰটো হৈছে এজনী বাৰ-তেৰ বছৰীয়া কিশোৰীৰ চৰিত্ৰ। সাধুকথা অনুসৰি তেজীমলা এজন সাউদৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাই বৰ্ণনা কৰা অনুসৰি এজন সাউদৰ দুজনী ঘৈণীয়েক আছিল।
-
তুলা আৰু তেজা
তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।
-
চক্ৰধ্বজ সিংহ (নাটক)
চক্ৰধ্বজ সিংহ (Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল।
-
বেলিমাৰ (নাটক)
বেলিমাৰ (Belimar) নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত। ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।