সাধুকথাৰ চৰিত্ৰ
১০ প্ৰবন্ধ
-
তেজীমলা
তেজীমলা হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুঢ়ী আইৰ সাধু মূল পুথিখনৰ অষ্টমটো সাধু তেজীমলাৰ মূল চৰিত্ৰটো হৈছে এজনী বাৰ-তেৰ বছৰীয়া কিশোৰীৰ চৰিত্ৰ। সাধুকথা অনুসৰি তেজীমলা এজন সাউদৰ কন্যা। লক্ষ্মীনাথ বেজবৰুৱাই বৰ্ণনা কৰা অনুসৰি এজন সাউদৰ দুজনী ঘৈণীয়েক আছিল।
-
তুলা আৰু তেজা
তুলা আৰু তেজা (Tula and Teja) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত বুঢ়ী আইৰ সাধু গ্ৰন্থৰ অন্তৰ্গত একে নামৰ সাধুটোৰ দুটা মুখ্য নাৰী চৰিত্ৰ। দুয়ো সম্পৰ্কত বৈমাত্ৰেয় বাই-ভনী।
-
ঔ-কুঁৱৰী
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। সাধুটোৰ নায়িকা ঔ-টেঙাৰ ভিতৰত সোমাই থকা এক ৰজাৰ কুঁৱৰী।
-
ব্ৰামৰাচোখ
ব্ৰামৰাচোখ ( (ব্ৰামচোখ বা ৰাচোক নামেৰেও জনাজাত )কাশ্মীৰী কিংবদন্তিৰ এক কাল্পনিক চৰিত্ৰ। ই জনশূন্য অঞ্চলত থাকি পোহৰ দেখোৱাই ভ্ৰমণকাৰীসকলক বিভ্ৰান্ত কৰে। তেওঁ মূৰত এটা জুইৰ পাত্ৰ লৈ থাকে। তেওঁৰ কপালত এটা উজ্জ্বল চকু আছে।
-
ৰেপান্জল
ৰেপান্জল হৈছে এটা অতি জনপ্ৰিয় জাৰ্মান সাধুকথা যাৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১২ চনত গ্ৰীম ভাতৃদ্বয় ৰচিত "চিলড্ৰেনচ এণ্ড হাউচহোল্ড টেলছ" নামৰ পুথিখনত। প্ৰকৃততে ই Charlotte-Rosede Caumont de La Force এ লিখা ১৬৯৮ চনত প্ৰকাশিত হোৱা পাৰজিনেট নামৰ সাধুটোৰ এক অভিযোজন হে।
-
থাম্বেলিনা
থাম্বেলিনা (Tommelise, Thumbelina) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা। ১৮৩৫ চনৰ ১৬ ডিচেম্বৰত কোপেনহেগেনৰ, ডেনমাৰ্কত "ফেইৰী টেলছ টোল্ড ফৰ চিলড্ৰেনছ" ত ইয়াৰ প্ৰথম প্ৰকাশ হয়। প্ৰকাশক আছিল চি .এ.ৰেইটজেল (C.A.Reitzel)।
-
শ্লীপিং বিউটী
স্লীপিং বিউটী (Sleeping Beauty) হৈছে চাৰ্লছ পেৰল্ট ৰচিত শ্লিপিং বিউটী বা গ্ৰীম ভাতৃদ্বয় ৰচিত "লিটল ব্ৰায়াৰ ৰোজ" হ'ল যাদুকৰী নিদ্ৰাত শুই থকা এগৰাকী ৰাজকুমাৰী আৰু এজন সুদৰ্শন ৰাজকুমাৰৰ এক পৌৰাণিক সাধুকথা। ১৬৯৭ চনত পেৰল্টৰ Histoires ou contes dutempspasséত ইয়াৰ প্ৰথম প্ৰকাশ হয়।
-
সাতজন জ্ঞানী গুৰু
সাতজন জ্ঞানী গুৰু (Seven Wise Masters) (সাত ঋষি বা সাত জ্ঞানী বুলিও কোৱা হয়) হৈছে সংস্কৃত, পাৰ্চী বা হিব্ৰু মূলৰ কাহিনীৰ এক চক্ৰ।
-
স্ন' হোৱাইট
স্ন' হোৱাইট (Snow White) হৈছে ইউৰোপত বহুলভাৱে প্ৰচাৰিত এক জাৰ্মান সাধু। গ্ৰীম ভাতৃদ্বয়ৰ ১৮১২ চনৰ সংগ্ৰহত থকা সাধুৰ সংস্কৰণটি স্ন' হোৱাইট আৰু সাত বাওনা, (জাৰ্মান: Schneewittchen und die sieben Zwerge, ইংৰাজী: Snow White and the Seven Dwarfs) সবাতোকৈ জনপ্ৰিয়।
-
ৰাণ্টাছ
ৰান্টাছ ([rāːτas] হৈছে কাশ্মীৰী লোককথাৰ এক কাল্পনিক চৰিত্ৰ-দীঘল চুলি,জোঙা দাঁত, দীঘল নখ আৰু উলোটা ভৰিৰ এটা মাইকী ভূত যি বৰফৰ ৰাতি ৰাস্তাত ঘুৰি ফুৰে। শীতকালত ঘৰত শিশুসকলক বাহিৰলৈ নাযাবলৈ ভয় খোৱাবলৈ ৰাণ্টাছৰ ভয় খোৱাই।