ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ
৮ প্ৰবন্ধ
-
প্ৰমোদ ভগত
প্ৰমোদ ভগত (Pramod Bhagat; জন্ম: ৪ জুন ১৯৮৮) এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ছেপ্টেম্বৰ ২০২১-ৰ তথ্য অনুসৰি, তেওঁ পেৰা-বেডমিণ্টন পুৰুষৰ একক এছএল৩ শাখাত বিশ্বৰ প্ৰথম স্থানৰ আছে।
-
কৃষ্ণা নাগৰ
কৃষ্ণা নাগৰ (Krishna Nagar) ভাৰতৰ ৰাজস্থানৰ এগৰাকী পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। তেওঁ পেৰা-বেডমিণ্টনত পুৰুষৰ একক এছএছ৬ শ্ৰেণীত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ একক এছএইছ৬ বেডমিণ্টন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে।
-
সুহাস ললিনাকেৰী য়াথিৰাজ
সুহাস ললিনাকেৰী য়াথিৰাজ (Suhas Lalinakere Yathiraj; জন্ম: ২ জুলাই ১৯৮৩) হৈছে এগৰাকী ভাৰতীয় প্ৰসাশনিক বিষয়া তথা পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। সুহাসে ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
মনোজ চৰকাৰ
মনোজ চৰকাৰ (Manoj Sarkar) হৈছে এজন ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। পুৰুষৰ একক এছএল৩ প্ৰতিযোগিতাত তেওঁ ২০১৭ বিডব্লিউএফ পেৰা-বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক আৰু টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটা প্ৰদান কৰে।
-
তুলসীমতি মুৰুগেছান
তুলসীমতি মুৰুগেছান (Thulasimathi Murugesan; জন্ম: ১১ এপ্ৰিল ২০০২) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
নিতেশ কুমাৰ
নিতেশ কুমাৰ (Nitesh Kumar; জন্ম: ৩০ ডিচেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ পুৰুষৰ একক এছএল৩ শাখাত সোণৰ পদক লাভ কৰে। ২০১৬ চনত তেওঁৰ প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটিছিল।
-
নিত্যা শিৱন
নিত্যা শ্ৰী সুমতি শিৱন (জন্ম: ৭ জানুৱাৰী ২০০৫) এগৰাকী ভাৰতীয় পেৰা-বেডমিণ্টন খেলুৱৈ। ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ বেডমিণ্টনৰ মহিলাৰ একক প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
-
মণিষা ৰামাদাস
মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ। তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।