ঢেঁৰা১ বা ভেলা (Spot-billed Pelican, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Pelecanus philippensis), 'পেলিকান' গোটৰ এবিধ জলচৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)। ই প্ৰধানকৈ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। এই চৰাইবিধে সাধাৰণতে নদী আৰু সাগৰৰ বৃহৎ জলাশয়ত বাস কৰে।
বিৱৰণ

ঢেঁৰা তুলনামূলকভাৱে এটা সৰু আকাৰৰ পেলিকানৰ প্ৰজাতি। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১২৫-১৫২ চে:মি আৰু ওজন ৪.১-৬ কি:গ্ৰা: হয়। ইয়াৰ সমগ্ৰ দেহটো বগা বৰণৰৰ আৰু মূৰৰ অংশত এটা মুগা মুকুট থাকে। নেজ মটীয়া বৰণৰ। ইয়াৰ ঠোঁটত থকা মোনা (pouch)ৰ দৰে অংশটো গুলপীয়া বা বেঙুনীয়া আৰু ফুটুকীয়া হোৱা দেখা যায়। ইয়াৰ ঠোঁটৰ আগটো হালধীয়া নাইবা কমলাবৰণীয়া। প্ৰজনন কালত ইয়াৰ ঠোঁটৰ মোনাটো গাঢ় হৈ পৰে।২
নতুনকৈ জন্ম পোৱা পোৱালিৰ গাটো বগা পাখিৰে আবৃত। তাৰপিছতহে মুগা বৰণ লয়। ঠোঁটৰ ফুটুকীয়া দাগবোৰ এবছৰ বয়সৰ পৰাহে স্পষ্ট হ'বলৈ লয়। তৃতীয় বছৰৰ ফালে ই ক্ৰমান্বয়ে পূৰ্ণবয়স্ক ৰূপ লয়।৩
বিতৰণ
ঢেঁৰা চৰাইবিধ দক্ষিণ এছিয়াৰ ভাৰত, পাকিস্তান, ইণ্ডোনেছিয়া, শ্ৰীলংকা তথা কম্বোডিয়া আদি দেশত বিস্তৃত হৈ আছে। অৱশ্যে মালদ্বীপ, বাংলাদেশ আদি কিছু ঠাইত ইয়াৰ বিস্তৃতি সম্পৰ্কে এতিয়াও বিশ্বাসযোগ্য তথ্য পোৱা হোৱা নাই।২
বাসস্থান
ঢেঁৰাই প্ৰধানকৈ বৃহৎ জলাশয়ত চৰিবলৈ পছন্দ কৰে। ই পৰিভ্ৰমণকাৰী চৰাই নহয় যদিও স্থানীয়ভাৱে প্ৰব্ৰজন কৰাৰ তথ্য পোৱা যায়। বিশেষকৈ প্ৰজনন নকৰা কালত ই বহুলভাৱে বিস্তৃত হৈ থাকে।

আচৰণ
]]
খাদ্য
ঢেঁৰা চৰায়ে অন্যান্য পেলিকান গোটৰ চৰাইৰ দৰেই পানীত সাঁতুৰি থকা অৱস্থাত মাছ চিকাৰ কৰি ঠোঁটৰ মোনা-সদৃশ অংশটোত ৰাখে।৪ ই কেতিয়াবা নিশাও খাদ্যৰ সন্ধান কৰা দেখা যায়। ৫
]]
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
- ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 49
- ↑ McGregor, R C. (1909). A manual of Philippine birds. Part 1. Bureau of Printing, Manila. পৃ. 208–210
- ↑ Ali, Salim. (1996). The Book of Indian Birds. Edition 12.. BNHS & Oxford University Press. পৃ. 66
- ↑ Gokula, V. (2011). Nocturnal foraging by Spot-billed Pelican in Tamil Nadu, India. Marine Ornithology. পৃ. 267–268
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেঁৰা” প্ৰবন্ধৰ সংশোধন ৬২৪৫৭২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।