অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

সৎসংগ

সৎসংগ হৈছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰই প্ৰতিষ্ঠা কৰা এটা দাতব্য সংস্থা। এয়া ২০ শতিকাৰ আৰম্ভণিতে ভাৰতৰ অন্যতম প্ৰধান আধ্যাত্মিক আৰু সাংস্কৃতিক আন্দোলন। সৎসংগক প্ৰথমে ১৯২৫ চনত পাবনা (ব্ৰিটিছ ভাৰত)ত ৰাজহুৱা দাতব্য প্ৰতিষ্ঠান হিচাপে পঞ্জীয়ন কৰা হৈছিল।

হালনাগাদ: ১৭ জুলাই ২০২৪ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সৎসংগ হৈছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূলচন্দ্ৰই প্ৰতিষ্ঠা কৰা এটা দাতব্য সংস্থা। এয়া ২০ শতিকাৰ আৰম্ভণিতে ভাৰতৰ অন্যতম প্ৰধান আধ্যাত্মিক আৰু সাংস্কৃতিক আন্দোলন।১২৩ সৎসংগক প্ৰথমে ১৯২৫ চনত পাবনা (ব্ৰিটিছ ভাৰত)ত ৰাজহুৱা দাতব্য প্ৰতিষ্ঠান হিচাপে পঞ্জীয়ন কৰা হৈছিল। কিন্তু ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ পিছত ১৯৫১ চনত পুনৰ ভাৰতীয় সংঘত ১৮৬০ চনৰ সমাজ পঞ্জীয়ন আইন অনুসৰি পঞ্জীয়ন কৰা হয়।৪৫৬

১৯৪৬ চনৰ ২ ছেপ্টেম্বৰত ঠাকুৰ অনুকূলচন্দ্ৰই পূব বংগৰ (বৰ্তমান বাংলাদেশ) পবনা জিলাৰ জন্মস্থানৰ পৰা দেওঘৰলৈ স্থানান্তৰিত হোৱাৰ পিছত ইয়াৰ মুখ্য কাৰ্যালয় ঝাৰখণ্ডৰ দেওঘৰত (তেতিয়াৰ বিহাৰ) সৎসংগ আশ্ৰম হিচাপে প্ৰতিষ্ঠা কৰে।২ বৰ্তমান সৎসংগৰ দুহাজাৰতকৈও অধিক শাখা ভাৰত, বাংলাদেশ, ম্যানমাৰ, ইউৰোপ, মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু আমেৰিকাত অৱস্থিত।৬

প্ৰতিষ্ঠাতা

শ্ৰীশ্ৰীঠাকুৰ অনুকূলচন্দ্ৰ এই সংগঠনৰ প্ৰবৰ্তক।৭৮৯ অনুকূল চন্দ্ৰৰ জন্ম হয় ১৮৮৮ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে। তেওঁ ব্ৰিটিছ ভাৰতৰ বঙ্গ প্ৰদেশৰ পাবনা জিলা (বৰ্তমান বাংলাদেশ)-ৰ হিমায়তপুৰত জন্মগ্ৰহণ কৰে। তেওঁৰ দেউতাক আছিল শিৱচন্দ্ৰ চক্ৰৱৰ্তী আৰু মাতৃ মনমোহিনী দেৱী।

মূলতঃ স্বাবলম্বন তথা পৰনিৰ্ভৰশীলতা ত্যাগৰ দীক্ষাই অনুকূলচন্দ্ৰৰ সৎসঙ্গ আশ্ৰমৰ আদৰ্শ। তেওঁৰ ভক্তসকলৰ সহযোগিতাত তপোবন বিদ্যালয়, দাতব্য চিকিৎসা কেন্দ্ৰ, ইঞ্জিনিয়াৰিং ৱৰ্কচপ, মূদ্ৰণ প্ৰতিষ্ঠান ইত্যাদি স্থাপন কৰে। ঠাকুৰ অনুকূলচন্দ্ৰই দৈনন্দিন জীবনত চলাৰ পথ আৰু উদযাপনৰ বহুকেইটা পথ দেখুৱাই থৈ গৈছে। তেওঁ ধৰ্ম, অৰ্থ,কৰ্ম, পৰমাৰ্থ, অধ্যাত্ন, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, বিজ্ঞান, শিক্ষা, বিবাহ, কৃষি, শিল্পকলা, বাণিজ্য, বৃত্তি, সত্তা, ব্যষ্টি, সমষ্টি, অতীত ও বৰ্তমান ভবিষ্যৎ আদি সকলোবোৰক সমন্বয়ৰ দোলৰে বান্ধিছে। তেওঁ অমৃতনিষ্যন্দী বাণীসমূহৰ দ্বাৰা এটা পূৰ্ণাংগ জীৱনৰ প্ৰকাশ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Incredible India | Satsang Ashram. www.incredibleindia.org
  2. ↑ Jharkhand governor inaugurates Deoghar function | India News - Times of India. The Times of India
  3. ↑ SATSANG - Sree Sree Thakur Anukulchandra - The Official site of Satsang, Deoghar. www.satsang.org.in
  4. ↑ Satsang And Anr. vs Kiron Chandra Mukhopadhyay And .. on 18 July, 1972. indiankanoon.org
  5. ↑ NGO Darpan. ngodarpan.gov.in
  6. ↑ International Journal of Research in Social Sciences. ijmra.us
  7. ↑ Deoghar Tourism
  8. ↑ Baba Baidyanath Temple
  9. ↑ (15 February 2014). Politicians turn devotees at Satsang Vihar event. Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৎসংগ” প্ৰবন্ধৰ সংশোধন ৪২৬১১৩ (১৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।