জেৎচুন পেমা (Jetsun Pema, རྗེ་བཙུན་པདྨ་; জন্ম: ৪ জুন ১৯৯০) বৰ্তমান ভূটানৰ ৰাণী। জংখা ভাষাত তেওঁক 'ড্ৰোক গ্যাল্টচুৱেইন' বুলি কোৱা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ভূটানৰ "ড্ৰেগন ৰাণী"। তেওঁ ভূটানৰ পঞ্চম তথা বৰ্তমান ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ পত্নী। তেওঁ পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ৰাণী। তেওঁ ভূটানৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰ জিগমে নামগিয়াল ৱাংচুকৰ আৰু দ্বিতীয় ৰাজকুমাৰ জিগমে উগেয়েন ৱাংচুকৰ মাতৃ।
প্ৰাৰম্ভিক জীৱন
১৯৯০ চনৰ ৪ জুনত থিম্ফুৰ জিগমে দৰ্জী ৱাংচুক নেচনেল ৰেফাৰেল হস্পিটেলত জেৎচুন পেমায়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাক ধণ্ডুপ গ্যাল্টশ্বেন দুই ট্ৰাচিগাং জংপোন থিনলি টপগে আৰু উগেন শ্বেৰিঙৰ নাতি (ট্ৰাচিগাঙৰ ৰাজ্যপাল) আছিল। তেওঁৰ মাতৃ আউম সোণম চোকি ভূটানৰ অন্যতম পুৰণি অভিজাত পৰিয়াল বুমথাং পাংটিৰ পৰিয়ালৰ সদস্য।১২ সোণম চোকিৰ দেউতাক ভূটানৰ দুজন ৰাণীৰ সহধৰ্মী, ফাণ্টশো চোডেন (বৰ্তমানৰ ৰজাৰ আজু আইতা) আৰু তেওঁৰ ভগ্নী পেমা ডেচেনৰ অৰ্ধ-ভাতৃ আছিল।
তেওঁৰ পূৰ্বপুৰুষ হৈছে ট্ৰংচা জিগমে নামগিয়ালৰ ৪৮তম ড্ৰোক দেচী আৰু ১০তম পেনলপ (ৰজা উগেন ৱাংচুকৰ পিতৃ আৰু তেওঁৰ আজু-আইতা আশী য়েশায় চোডেন)। ভূটানৰ ৰজা আৰু ৰাণী দূৰৰ সম্পৰ্কীয় ভাই।
জেৎচুন পেমা পাঁচগৰাকী সন্তানৰ ভিতৰত দ্বিতীয়। তেওঁৰ দুজন ভাতৃ ক্ৰমে থিনলে নৰ্বু আৰু জিগমে নামগিয়াল আৰু দুই ভগ্নী চেৰচেন ডোমা আৰু ইয়েটছো লামো (জ্যেষ্ঠ, যি ৰজাৰ ভায়েক ৰাজকুমাৰ গ্যাল্টশ্বাব জিগমে দৰ্জী ৱাংচুকৰ পত্নী)।৩৪৫
পেমাৰ প্ৰাৰম্ভিক শিক্ষা থিম্ফুৰ লিটিল ড্ৰেগন স্কুল, চানচাইন স্কুল (১৯৯৫-৯৬) আৰু অৱশেষত চানগাংখা নিম্ন মাধ্যমিক বিদ্যালয় (১৯৯৭-৯৮) হৈছিল। তাৰ পিছত তেওঁ ১৯৯৯-২০০০ চনত ভাৰতৰ পশ্চিমবংগৰ কালিম্পংৰ চেণ্ট জোচেফ কনভেণ্ট স্কুলত শিক্ষা লাভ কৰে। তেওঁ ২০০১ চনৰ পৰা ২০০৫ লৈ থিম্ফুৰ লুংটেনজাম্পা মধ্য মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০০৬ চনৰ এপ্ৰিলত তেওঁ ভাৰতৰ হিমাচল প্ৰদেশৰ সোলানৰ লৰেন্স স্কুল, সানাৱাৰত নামভৰ্তি কৰিছিল।৬ তেওঁ লৰেন্সৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী হিচাপে যোগদান কৰিছিল আৰু ইংৰাজী, ইতিহাস, ভূগোল, অৰ্থনীতি আৰু চিত্ৰকলা অধ্যয়ন কৰিছিল। তেওঁ ২০০৮ চনৰ ৩১ মাৰ্চত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।৭ তাৰ পিছত তেওঁ ৰিজেণ্ট বিশ্ববিদ্যালয় লণ্ডনত শিক্ষা আৰম্ভ কৰে।৮ তেওঁ আন্তৰ্জাতিক সম্পৰ্কত ডিগ্ৰী লাভ কৰে আৰু মনোবিজ্ঞান আৰু কলা ইতিহাসকো বিষয় হিচাপে লৈছিল।৩
বিবাহ
২০১১ চনৰ ২০ মে' তাৰিখে সংসদৰ সপ্তম অধিৱেশন মুকলি কৰাৰ সময়ত ৰজাই তেওঁলোকৰ বিয়াৰ কথা ঘোষণা কৰি কয়,
"ৰজা হিচাপে, এতিয়া মোৰ বাবে বিয়া কৰাৰ সময় হৈছে। বহু চিন্তাৰ পিছত মই সিদ্ধান্ত লৈছো যে বিয়াটো এই বছৰৰ পিছত হ'ব।"৯
দম্পতীহালে ২০১১ চনৰ ১৩ অক্টোবৰ তাৰিখে পুনাখা জংত বিয়া হৈছিল। বিবাহ অনুষ্ঠান প্ৰথমে পুনাখাত অনুষ্ঠিত হৈছিল। তাৰ পিছত থিম্ফু১০ আৰু পাৰোত ৰাজহুৱা উদযাপন কৰা হৈছিল।১১ এই অনুষ্ঠানৰ সময়ত ৰজাই তেওঁক ড্ৰোক গ্যাল্টচুৱেইনৰ মুকুট প্ৰদান কৰে আৰু আনুষ্ঠানিকভাৱে ভূটানৰ ৰাণী ঘোষণা কৰে।১২
তেওঁলোকৰ বিবাহ পৰম্পৰাগত শৈলীত "অভিভাৱক দেৱতাসকলৰ আশীৰ্বাদ"ৰে অনুষ্ঠিত হৈছিল। যদিও ভূটানত বহুবিবাহ প্ৰচলিত কিন্তু ৰজাই তেওঁ কেতিয়াও আন এগৰাকী মহিলাক বিয়া নকৰায় বুলি জনাইছে।১৩ তেওঁলোকৰ বিয়াৰ বাবে নেডাৰলেণ্ডে ৰাজকীয় যুগ্ম টিউলিপ ফুল পঠাইছিল আৰু তেওঁৰ নামেৰে এজোপাৰ নাম "ভূটানৰ ৰাণী" নাম দিছিল।১৪
সন্তান
২০১৫ চনৰ ১১ নৱেম্বৰ তাৰিখে ঘোষণা কৰা হৈছিল যে তেওঁ তেওঁলোকৰ প্ৰথম সন্তান ২০১৬ চনৰ আৰম্ভণিতে হ'ব বুলি আশা কৰি আছে।১৫১৬ তেওঁ ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে লিংকানা পেলেচত তেওঁলোকৰ প্ৰথম পুত্ৰৰ জন্ম জন্ম। ৰজা গ্যলচীৰ জন্মৰ বাবে উপস্থিত আছিল।১৭ ২০১৬ চনৰ ১৬ এপ্ৰিল তাৰিখে তেওঁৰ নাম জিগমে নামগিয়াল ৱাংচুক বুলি ঘোষণা কৰা হৈছিল।১৮
২০১৯ চনৰ ১৭ ডিচেম্বৰ তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্ম ২০২০ চনৰ বসন্তত জন্ম হ'ব বুলি গম পোৱা গৈছিল।১৯ ২০২০ চনৰ ১৯ মাৰ্চত ৰজা আৰু ৰাণীৰ আনুষ্ঠানিক ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে যে তেওঁ থিম্ফুৰ লিংকানা পেলেচত তেওঁৰ দ্বিতীয় সন্তানৰ জন্ম হৈছে।২০২১ ২০২০ চনৰ ৩০ জুনত তাৰিখে ৰয়েল পৰিয়ালে ঘোষণা কৰে যে দ্বিতীয় গিয়ালচীৰ নাম জিগমে উগেয়েন ৱাংচুক ৰখা হৈছে। তেওঁক ৰয়েল হাইনেছ গিয়ালচে উগেন ৱাংচুক বুলি কোৱা হ'ব।২২২৩
ৰাজকীয় দায়িত্ব
ৰজাৰ সৈতে বিবাহৰ পিছত জেৎচুন পেমা তেওঁৰ সৈতে ভাৰত,২৪ ছিংগাপুৰ,২৫ জাপান২৬ আৰু যুক্তৰাজ্য ভ্ৰমণ কৰিছে।২৭
জেৎসুন পেমা তেওঁলোকৰ বিয়াৰ আগতে ভূটানৰ বিভিন্ন প্ৰান্তলৈ তেওঁৰ কেইবাটাও ৰাজকীয় সাক্ষাৎত জিগমে খেচাৰৰ সৈতে গৈছিল আৰু ভূটানৰ ৰাণী হিচাপে এনে সকলো সাক্ষাৎত তেওঁৰ সৈতে যায়। দেশৰ মাজেৰে ৰাস্তাত ৰাজকীয় ভ্ৰমণত যিমান সম্ভৱ তেওঁ স্থানীয় লোক, শিক্ষাৰ্থী আৰু ৰাজহুৱা সেৱকসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপত জড়িত থাকে।২৮
তেওঁ পৰিৱেশগত সমস্যাৰ অধিবক্তা আৰু 'ৰয়েল চচাইটি ফৰ প্ৰটেক্টেশ্বন অফ নেচাৰচ'ৰ পৃষ্ঠপোষক। তেওঁ ইউ.এন.ই.পি. অজ'ন এম্বেছেডৰ। তেওঁ এবিটি ভূটান চচাইটিৰ পৃষ্ঠপোষক হিচাপে বিশেষ প্ৰয়োজনীয়তা থকা শিশুৰ সৈতে কাম কৰা বিভিন্ন সংগঠনৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে। তেওঁ ভূটান বৃক্ক সংস্থা আৰু ভূটান বৃক্ক ফাউণ্ডেচনৰ পৃষ্ঠপোষক।২৯ ২০১৬ চনৰ পৰা তেওঁ ভূটান ৰেডক্ৰছ চচাইটি (বিআৰচিএছ)ৰ অধ্যক্ষ পদত অধিষ্ঠিত আছে।
ব্যক্তিগত জীৱন
ৰাণীয়ে সুকুমাৰ কলা, চিত্ৰকলা, আৰু বাস্কেটবল ভালপায়।৩০ তেওঁ বাস্কেটবল খেলত তেওঁৰ বিদ্যালয় দলৰ অধিনায়কত্ব কৰিছিল আৰু খেলখনৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছে।৩ তেওঁ বিদ্যালয়ত পঢ়ি থকা দিনত তেওঁৰ অন্যান্য স্কুল বেণ্ড আৰু নৃত্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ভূটানৰ ৰাষ্ট্ৰীয় ভাষা জংখাৰ উপৰিও তেওঁ ইংৰাজী আৰু হিন্দী ভাষাত পাৰ্গত।৫
তথ্যসূত্ৰ
- ↑ India Today
- ↑ Bhutan Times, Lhakpa Tshering, 4 June 2017, 'Nation celebrates Gyaltsuen's birthday'
- ↑ Know the royal bride. Businessbhutan
- ↑ Bhutan's King Is Set to Marry – Royal Wedding. Empowered News
- ↑ Himachal-educated girl to marry Bhutan king. MSN News
- ↑ Anand Bodh, Bhutan king to wed Sanawar girl dated 22 May 2011, from Times of India at indiatimes.com, accessed 14 March 2012
- ↑ (13 October 2011). Lawrence School, Sanawar in celebration mode. The Times of India
- ↑ (22 May 2011). Bhutan king to wed Sanawar girl. The Times of India
- ↑ (20 May 2011). Facebook. King's official Facebook page
- ↑ (20 October 2011). BBT. BBS page
- ↑ (20 October 2011). BBT. BBS page
- ↑ (13 October 2011). Proclamation of Queen Jetsun Pema. BBS
- ↑ Royal Wedding in October. Bhutan Observer
- ↑ Bhutan News
- ↑ (11 November 2015). Queen Jetsun Pema of Bhutan pregnant with her first child
- ↑ Queen Jetsun Pema and King Jigme Khesar Wangchuck of Bhutan expecting first child
- ↑ (2016-02-05). Our happiness knows no bounds, as we announce the Royal Birth of His Royal Highness The Gyalsey on 5th February 2016. Facebook
- ↑ HRH The Gyalsey to be named on Zhabdrung Kuchoe
- ↑ Hurtado, Alexandra. (17 December 2019). Royal Baby on The Way for The Dragon King and Queen. Hola! USA
- ↑ (2020-03-19). Her Majesty Queen Jetsun Pema on Instagram: “❀ Announcement ❀ We are honoured to announce the birth of the second Royal Child of Their Majesties The King and Queen, a Prince, on the…”. Instagram
- ↑ (2020-03-19). His Majesty King Jigme Khesar on Instagram: “❀ Announcement ❀ We are honoured to announce the birth of the second Royal Child of Their Majesties The King and Queen, a Prince, on the…”. Instagram
- ↑ Her Majesty Queen Jetsun Pema’s Instagram profile post: “On the auspicious occasion of the Birth Anniversary of Guru Rinpoche (Trelda Tsechu), His Royal Highness the Second Gyalsey to His Majesty…”. Instagram
- ↑ Foussianes, Chloe. (2020-07-01). Bhutan's King and Queen Reveal the New Royal Baby's Name. Town & Country
- ↑ (24 October 2011). Bhutan's royal couple in India on nine-day visit. Zee News
- ↑ (1 November 2011). Bhutan's royal couple in S'pore for private visit. Asia One
- ↑ (17 November 2011). New style icon of the Orient Queen Jetsun Pema makes Bhutan proud on Japan visit. Hello Magazine
- ↑ (25 November 2011). Queen Jetsun debuts chic sense of style on UK trip. Hello Magazine
- ↑ Kuenselonline. Kuensel
- ↑ Meet the world's youngest queen, 27-year-old Jetsun Pema of Bhutan. Business Insider Australia
- ↑ Spike in Bhutan's happiness index. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৎচুন পেমা” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৮৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।