ভূটানৰ ব্যক্তি
১০ প্ৰবন্ধ
-
জিগমে খেচাৰ নামগৱেল ৱাংচুক
জিগমে খেচাৰ নামগৱেল ৱাংচুক (Jigme Khesar Namgyel Wangchuck, (འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་, জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৮০) ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"। তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে।
-
জেৎচুন পেমা
জেৎচুন পেমা (Jetsun Pema, རྗེ་བཙུན་པདྨ་; জন্ম: ৪ জুন ১৯৯০) বৰ্তমান ভূটানৰ ৰাণী। জংখা ভাষাত তেওঁক 'ড্ৰোক গ্যাল্টচুৱেইন' বুলি কোৱা হয়। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে ভূটানৰ "ড্ৰেগন ৰাণী"। তেওঁ ভূটানৰ পঞ্চম তথা বৰ্তমান ৰজা জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ পত্নী। তেওঁ পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম ৰাণী।
-
কুঞ্জাং চোডেন
কুঞ্জাং চোডেন (জন্মঃ ১৯৫২) হৈছে এগৰাকী ভূটানৰ লেখক। ইংৰাজী ভাষাত উপন্যাস লিখা তেওঁ হ'ল ভূটানৰ প্ৰথমগৰাকী মহিলা।
-
ডৰ্জি ৱাংমো ৱাংচুক
ডৰ্জি ৱাংমো ৱাংচুক(:Dorji Wangmo Wangchuck,জংখা ভাষাত: རྡོ་རྗེ་དབང་མོ་དབང་ཕྱུག་; ৱাইলি: Rdo-rje Dbang-mo Dbang-phyug; জন্ম ১০ জুন ১৯৫৫ ) ভূটানৰ ৰাণী-মাতা (Gyalyum Kude)। তেওঁ ভূটানৰ প্ৰাক্তন ৰজা জিগ্মে সিংগে ৱাংচুকৰ প্ৰথম পত্নী আছিল।
-
দ্ৰুকপা কুনলী
দ্ৰুকপা কুনলী(১৪৫৫-১৫২৯)ক কুঙ্গা লেগপাই জাংপো, দ্ৰুকপা কুঁলেগ, ব্ৰুগ-পা-কুন-লেগ্স, আৰু কুঙ্গা লেগপা আদি নামেৰেও জনা যায়। ড্ৰেগন বংশৰ উন্মাদ সন্ত বুলি পৰিচিত কুনলী তিব্বতীয় মহামুদ্ৰা পৰম্পৰাত এজন বৌদ্ধ সন্ন্যাসী আৰু মিছনাৰী আছিল, লগতে এজন বিখ্যাত কবি আছিল।
-
চোকিয়ে চম' কাৰ্চুং
চোকিয়ে চম' কাৰ্চুং (ইংৰাজী: Tsokye Tsomo Karchung; জন্ম ২০ আগষ্ট, ১৯৮৪) এগৰাকী ভূটানী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভূটান ২০০৮ লাভ কৰিছিল আৰু মিছ আৰ্থ ২০০৮-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মিছ ভূটানৰ মুকুট পিন্ধা প্ৰথমগৰাকী ভূটানী মহিলা।
-
তান্দিন বিধা
তান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।
-
তাশি চোদেন
তাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা খিতাপধাৰী। ২০২২ চনত, তেওঁ মিছ ভূটান খিতাপ জিকিছিল, আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভূটানৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভূটানৰ প্ৰথম গৰাকী মুকলিভাৱে সমকামী ব্যক্তিৰ ভিতৰত অন্যতম।
-
নাম্গে জাম
নাম্গে জাম (জন্ম ১৯৮৫) এগৰাকী ভূটানী সাংবাদিক আৰু কৰ্মী। তেওঁ ভূটানৰ ৰাজহুৱা ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচত প্ৰডিউচাৰ আৰু সংবাদ এনকাৰে হিচাপে খ্যাতি লাভ কৰিছিল। ২০১৯–২০২৩ চনত তেওঁ ভূটান সাংবাদিক সমিতিৰ কাৰ্যবাহী নিৰ্দেশক হিচাপে কৰ্মৰত আছিল।
-
সোণম ডেচান ৱাংচুক
ৰাজকুমাৰী সোণম ডেচান ৱাংচুক (: Sonam Dechan Wangchuck ড্জংখা: བསོད་ནམས་བདེ་ཆེན་དབང་ཕྱུག, ৱাইলি: bsod nams bde chen dbang phyug, জন্ম ৫ আগষ্ট ১৯৮১) ভূটানৰ এগৰাকী ৰাজকুমাৰী। ভূটানৰ চতুৰ্থ ৰজা জিগমে চিংগে ৱাংচুক আৰু ৰাণী মাতৃ ডৰ্জি ৱাংমো ৱাংচুকৰ কন্যা।