অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চেংগিজ খান

চেংগিজ খান (জন্মতে টেন্মুজিন, c. ১১৬২ ১৮ আগষ্ট, ১২২৭) মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল।

হালনাগাদ: ১৭ অক্টোবৰ ২০১৯ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চেংগিজ খান (জন্মতে টেন্মুজিন, c. ১১৬২ ১৮ আগষ্ট, ১২২৭) মংগোল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মহান খান। এই সাম্ৰাজ্য তেখেতৰ মৃত্যুৰ পাছত বিশ্বৰ ইতিহাসৰ সৰ্ববৃহৎ ভৌগোলিকভাৱে সংযুক্ত সাম্ৰাজ্যত পৰিণত হ'ল।

সাম্ৰাজ্য গঠন

তেখেত উত্তৰ-পূৱ এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰি শাসনলৈ আহিল। সাম্ৰাজ্য স্থাপন কৰি নিজকে "চেংগিজ খান" ঘোষণা কৰাৰ পাছত তেখেতে ইউৰেছিয়াৰ সিংহ ভাগ দখল কৰিলে। তেখেতৰ জীৱনকালত চাৰা খিটাই, কৌকেচাচ, খোৱাৰাজমিয়ান, পশিম শ্বিয়া আৰু জিনৰ বিৰুদ্ধে অভিযান চলোৱা হ'ল। এই অভিযানসমূহত দেখা গৈছিল সাধাৰণ মানুহৰ নৰসংহাৰ। মৃত্যুৰ পূৰ্বে তেখেত মধ্য এছিয়া আৰু চীনৰ বৃহত্‌ অংশ দখল কৰিবলৈ সক্ষম হ'ল।

উত্তৰসূৰী

মৃত্যুৰ পূৰ্বে চেংগিজ খানে অগেডেই খানক নিজৰ উত্তৰসূৰী ঘোষণা কৰিলে। পাছলৈ তেখেতৰ নাতিসকলে এই সাম্ৰাজ্যক কেইবা ভাগতো ভগাই ল'লে।১ ১২২৭ চনত পশ্চিম শ্বিয়াক পৰাস্ত কৰাৰ পাছতে খানৰ মৃত্যু ঘটে। তেখেতৰ আগ্ৰহতে, তেখেতৰ মৃত দেহ মংগোলিয়াৰ কোনো চিহ্নবিহীন শ্মশানত পুতা হ'ল।২ তেখেতৰ বংশধৰসকলে এই সাম্ৰাজ্যক প্ৰায় সম্পূৰ্ণ ইউৰেছিয়াত বিস্তাৰ কৰিলে। সমগ্ৰ চীন, কোৰিয়া, কৌকেচাচ, মধ্য এছিয়া আৰু দক্ষিণ-পশ্চিম এছিয়া আৰু পূব ইউৰোপৰ উল্লেখনীয় ভাগ মংগোল সাম্ৰাজ্যৰ দখললৈ আহিল। কেইবাটাও অভিযানত পূৰ্বৰ দৰেই নৰসংহাৰ দেখা পোৱা গ'ল। সেয়েহে মংগোল সাম্ৰাজ্য আৰু চেংগিজ খানক প্ৰায় স্থানীয় বুৰঞ্জীসমূহত ভয়াৱহ আখ্যা দিয়া হয়।৩

কৰ্ম

সামৰিক সফলতাৰ উপৰিও খানক কেইবাটাও কৰ্মৰ বাবে স্মৰণ কৰা হয়। তেখেতে উইঘুৰ লিপিক মংগোল সাম্ৰাজ্যৰ আনুষ্ঠানিক লিখন পদ্ধতিৰ বাবে চয়ন কৰিছিল। খানৰ সাম্ৰাজ্যত গুণৰ আধাৰতেই প্ৰায় পদোন্নতি প্ৰদান কৰা হৈছিল। ধাৰ্মিক সহিষ্ণুতাৰ বাবেও খানৰ শাসন জনাজাত। চেংগিজ খানে উত্তৰ-পূব এছিয়াৰ কেইবাটাও জনগোষ্ঠীক এক কৰিছিলে। বৰ্তমানে মংগোলিয়াৰ লোকে তেখেতক মংগোলিয়াৰ জনক আখ্যা দিয়ে।৪

চেংগিজ খানৰ সামৰিক অভিযানসমূহত প্ৰায় নৰসংহাৰ দেখা যায়। তেখেতক সেয়েহে অনেকে নৰসংহাৰী শাসক জ্ঞান কৰে৫। খানক পিচে চিল্ক পথক এক ৰাজনৈতিক শক্তিৰ তলত আনি বেপাৰ-বাণিজ্যত সুবিধা কৰাৰো শ্ৰেয় প্ৰদায় কৰা হয়। ই উত্তৰ-পূব এছিয়া, মুছলিম দক্ষিণ-পশ্চিম এছিয়া আৰু খ্ৰিষ্টীয় ইউৰোপৰ মাজত বাণিজ্য়িক সম্পৰ্ক গঠনত সহায়ক হ'ল।

তথ্যসূত্ৰ

  1. ↑ Saunders, John Joseph (2001) [First published 1972]. History of the Mongol Conquests. Philadelphia: University of Pennsylvania Press. ISBN 978-0-8122-1766-7
  2. ↑ John Man (2004). Genghis Khan: Life, Death, and Resurrection (reprint, illustrated ed.). Bantam. pp. 254–55. ISBN 978-0-312-36624-7. Retrieved May 17, 2014
  3. ↑ Ian Jeffries (2007). Mongolia: a guide to economic and political developments. Taylor & Francis. pp. 5–7
  4. ↑ Genghis Khan. North Georgia College and State University
  5. ↑ Peter Taylor (May 27, 2015). "The World's Richest Terror Army". BBC. Beheadings and mass slaughter are the hallmark of IS – whole villages massacred, women cast into slavery. But this butchery is not random. It is callous and calculated, as former British intelligence officer Alastair Crooke points out: 'They in fact in some ways copy Genghis Khan and the Mongol approach to military conquest. You create an absolute fear deliberately in your enemies, and the first time you come to a village you kill everyone, the dogs, the cats, everything. Destroy it down to the ground.'

সম্পৰ্কিত শ্ৰেণী

Articles with hAudio microformatsশাসক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেংগিজ খান” প্ৰবন্ধৰ সংশোধন ২০৭২৭২ (১৭ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।