অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিগমে খেচাৰ নামগৱেল ৱাংচুক

জিগমে খেচাৰ নামগৱেল ৱাংচুক (Jigme Khesar Namgyel Wangchuck, (འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་, জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৮০) ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"। তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ৩৫৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জিগমে খেচাৰ নামগৱেল ৱাংচুক (Jigme Khesar Namgyel Wangchuck, (འཇིགས་མེད་གེ་སར་རྣམ་རྒྱལ་དབང་ཕྱུག་,১ জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯৮০) ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।২ তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে। তেওঁৰ ৰাজাভিষেকৰ ৰাজহুৱা সমাৰোহ আনুষ্ঠানিক ভাৱে ২০০৮ চনৰ ১ নৱেম্বৰত পালন কৰা হয়। এই দিনা ভূটান ৰাজতন্ত্ৰৰ ১০০ বছৰ সম্পূৰ্ণ হৈছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

খেচাৰ ভূটানৰ চতুৰ্থ "ড্ৰেগন ৰজা" জিগমে শিংয়ে ৱাংচুক তেওঁৰ তৃতীয় পত্নী ৰাণী টছেৰিং য়াংডনৰ জেষ্ঠ পুত্ৰ।৪ তেওঁক এগৰাকী সৰু ভগ্নী, ৰাজকুমাৰী ডেচেন য়াংডন, এজন ভাতৃ ৰাজকুমাৰ জিগমে দৰ্জি আৰু চাৰি গৰাকী অৰ্ধভগ্নী আৰু তিনিজন অৰ্ধভাতৃ আছে।৫

য়াংচেনফুগ হাই স্কুলৰ পৰা শিক্ষা শেষ কৰাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে বিদেশলৈ যায়। তেওঁ আমেৰিকাৰ ফিলিপছ একাডেমী, কোচিং একাডেমী আৰু হুৱেটন একাডেমীত শিক্ষা গ্ৰহণ কৰাৰ পিছত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মাগদালেন কলেজৰ পৰা বৈদেশিক সেৱা আৰু আন্তৰ্জাতিক সম্বন্ধৰ শিক্ষা লাভ কৰে।৬ তেওঁ ভাৰতৰ মুছৌৰীত অৱস্থিত লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমীতো শিক্ষা লাভ কৰিছিল।

সিংহাসন আৰোহণ

২০০৫ চনত ৰজা জিগমে শিংয়ে ৱাংচুকে তেওঁৰ কাৰ্যকাল সোনকালে সমাপ্ত কৰি নিজ পুতেকক ৰজা পতাৰ ইচ্ছা প্ৰকট কৰে। ২০০৮ চনত তেওঁ নিজৰ দায়িত্বভাৰ পুতেক গোটাই দিয়ে।৭ ২০০৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে পূৰ্বৰ ৰজায়ে এক ৰাজকীয় ঘোষণা কৰি ৰাজপাট ত্যাগ কৰে আৰু জিগমে খেচাৰ নামগৱেল ৱাংচুকক ৰজা ঘোষণা কৰে।৮ ৬ নৱেম্বৰ ২০০৮ চনত চৰকাৰীভাবে তেওঁৰ ৰাজাভিষেক পোনাখাত কৰা হয়।৯১০এই উদ্দেশ্যে থিম্ফুৰ তাছিছ'সদজং আৰু চাংলিমিঠেংত ধাৰ্মিক আৰু ৰাজহুৱা অনুষ্ঠান আয়োজন কৰা হৈছিল। ৰাজমুকুট গ্ৰহণ অনুষ্ঠান প্ৰাচীন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে অন্যান্য বিদেশী বিষয়াৰ উপস্থিতিত সংঘটিত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলেও এই অনুষ্ঠানত ভাগ লৈছিল।১১১২

ৰজা খেচাৰৰ সন্মানাৰ্থে স্বাগতম জনোৱাৰ উদ্দেশ্যৰে ভূটানী সকলে ৰাজপথত ৰং কৰিছিল, উৎসৱৰ বেনাৰ লগাইছিল তথা ট্ৰেফিক চক্ৰত সতেজ ফুলেৰে সঁজাইছিল।১৩১৪১৫

জন সম্পৰ্ক আৰু খ্যাতি

"জনতাৰ ৰজা",তেওঁৰ পিতাকৰ দৰেই, ভাৰতৰ সৈতে মধুৰ সম্পৰেক ৰক্ষা কৰি আহিছে। তেওঁক ভাৰতৰ বিভিন্ন কাৰ্যক্ৰমলৈ আমন্ত্ৰন জনোৱা হয়, আৰু ২০১৩ চনৰ ভাৰতৰ ৬৪ তম গণতন্ত্ৰ দিৱসত তেওঁক মুখ্য অতিথি হিচাপে নিমন্ত্ৰন কৰা হৈছিল।১৬

২০০৬ চনত যুৱৰাজ হিচাপে থাইলেণ্ড ভ্ৰমণৰ পিছতেই, থাইলেণ্ডত তেওঁৰ জনপ্ৰয়তা লাভ কৰে। তাৰ পিছতেই থাইলেণ্ডৰ পৰা ভূটানলৈ পৰ্যটকৰ আগমন বহু পৰিমানে বৃদ্ধি পায়।১৭

২০১১ চনৰ নৱেম্বৰত ৰাণী জেৎচুন পেমাৰ সৈতে ৰজাই জাপান ভ্ৰমণ কৰিছিল; ২০১১ চনৰ ভূমিকম্পৰ পিছত তেওঁলোকেই আছিল জাপানলৈ যোৱা প্ৰথম ৰাষ্ট্ৰীয় অতিথি।১৮১৯২০

২০১৫ চনৰ মাৰ্চত ৰজা আৰু ৰাণীয়ে ছিংগাপুৰৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী লি খুন ৱেওৰ অন্তিম সংস্কাৰতো উপস্থিত আছিল।২১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ A Legacy of Two Kings. Bhutan Department of Information Technology
  2. ↑ Das, Biswajyoti. (18 December 2006). Bhutan's new king committed to democracy. The Washington Post
  3. ↑ Royal Ark
  4. ↑ Genealogy
  5. ↑ Lawson, Alistair. (4 November 2008). Profile: Jigme Khesar Namgyel Wangchuck. BBC News
  6. ↑ His Royal Highness Crown Prince Dasho Jigme Khesar Namgyel Wangchuck. RAOnline
  7. ↑ (18 December 2005). Bhutan king announces abdication. BBC
  8. ↑ (15 December 2006). Bhutanese king steps down early. BBC
  9. ↑ His Majesty, Jigme Khesar Namgyel Wangchuck, bhutanakingdomofhappiness.com; Retrieved 21 April 2015
  10. ↑ ‘Prince charming’ is now King of Bhutan (Profile, To go with: celebrations in Bhutan as new king is crowned – Lead), thaindian.com; accessed 21 April 2015
  11. ↑ (6 November 2008). Lavish coronation for Bhutan king. BBC
  12. ↑ (18 November 2008). Coronation fever in Bhutan as people's king bonds with subjects
  13. ↑ (6 November 2008). Himalayan nation of Bhutan crowns new king. CNN
  14. ↑ (6 February 2016). Bhutan has a new crown prince, PM Modi congratulates Royal couple
  15. ↑ Vanity Fair
  16. ↑ (26 January 2013). Republic Day: Bhutan King chief guest at 26th Jan parade. The Economic Times
  17. ↑ (2 June 2007). Bhutanese take up Thai language course. BBS
  18. ↑ (22 November 2011). Bhutan royals' visit to Japan boosts interest in travel to their country. Japan Today
  19. ↑ Denyer, Simon. (5 November 2008). Bhutan's charming king emerges from father's shadow. Reuters
  20. ↑ (8 October 2011). Coronation fever in Bhutan as people's king bonds with subjects. Hello Magazine
  21. ↑ Straitstimes

সম্পৰ্কিত শ্ৰেণী

ভূটানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিগমে খেচাৰ নামগৱেল ৱাংচুক” প্ৰবন্ধৰ সংশোধন ৪৪৪৭০৩ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।