
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব হিমালয়ৰ পাদদেশ আৰু তোৰ্ষা নদীৰ পাৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখন সমুদ্ৰপৃষ্ঠৰপৰা ৬১ মিটাৰ (২০০ ফুট) উচ্চতাত অৱস্থিত আৰু ২১৬.৫১ বৰ্গকিলোমিটাৰ (৮৩.৫৯ বৰ্গমাইল) এলেকাৰ বিশাল ঘাঁহনিজুৰি বিস্তৃত। জলদাপাৰা মূলতঃ নদীকেন্দ্ৰিক বনাঞ্চলময় এটি সুবিস্তৃত তৃণভূমি।১ অঞ্চলটোৰ বহুতো বৈচিত্ৰ্যপূৰ্ণ উদ্ভিদ আৰু প্ৰাণীৰ সুৰক্ষাৰ বাবে ১৯৪১ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ই এটি বাসস্থান ব্যৱস্থাপনা অঞ্চল (Habitat management area)।২
বৰ্তমান জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ জনসংখ্যা ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক।৩
ইতিহাস
১৮০০ চনৰ আগতে এই অঞ্চলত টোটো জনজাতি আৰু মেচ জনজাতি (বড়ো)ৰ লোকসকলে বাস কৰিছিল। সেই সময়ত এই ঠাইখনক "টোটোপাৰা" নামেৰে জনা গৈছিল। ১৯৪১ চনত স্থাপিত পূৰ্বৰ জলদাপাৰা বন্যপ্ৰাণী অভয়াৰণ্যখন ২০১৪ চনৰ মে’ মাহত জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে এশিঙীয়া গঁড়ৰ সংৰক্ষণ।৪
উদ্ভিদকুল আৰু প্ৰাণীকুল
অৰণ্যখন মূলতঃ ওখ হাতী ঘাঁহেৰে আবৃত ছাভানা। উদ্যানখনৰ মূল আকৰ্ষণ হৈছে এশিঙীয়া গঁড়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পিছত ভাৰতৰ ভিতৰতে সৰ্বাধিক গঁড়ৰ জনসংখ্যা এই উদ্যানখনত আছে। উদ্যানখনৰ আন আন প্ৰাণীসমূহৰ ভিতৰত ভাৰতীয় নাহৰফুটুকী, ভাৰতীয় হাতী, শৰপহু, সুগৰী পহু, ফুটুকী হৰিণ, খটীয়া পহু, বনৰীয়া গাহৰি আৰু মেঠোন আদি উল্লেখযোগ্য। জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যানত বৃক্ষৰ বৈচিত্ৰ্য আৰু ইয়াৰ বৰ্তমানৰ অৱস্থাৰ নথিভুক্ত কৰিবলৈ ২০১৬–২০১৮ চনৰ ভিতৰত পুষ্পবিজ্ঞান সম্বন্ধীয় তদন্ত কৰা হৈছিল। ৪বিধ প্ৰজাতিৰ নগ্নবীজী উদ্ভিদকে ধৰি ১৮৯টা বংশ আৰু ৬৩টা পৰিয়ালৰ অন্তৰ্গত মুঠ ২৯৪বিধ প্ৰজাতিৰ বৃক্ষ লিপিবদ্ধ কৰা হৈছে।৪
বাহ্যিক সংযোগ
- Official Homepage
- Jaldapara Wildlife Sanctuary at West Bengal State Tourism
তথ্যসূত্ৰ
- ↑ (2012). National Park status for Jaldapara Sanctuary. The Times of India
- ↑ Jaldapara Wildlife Sanctuary
- ↑ Alipurduar Tourism. Alipurduar District Tourism
- ↑ Ghosh; Ghatak, S.; Biswas, K. (2021). Status of tree diversity of the Jaldapara National Park in West Bengal, India. Trees, Forests and People. পৃ. 100061
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৪৬২৫১ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।