ভাৰতৰ ভূগোল
৮ প্ৰবন্ধ
-
বংগ
বংগ (বাংলা ভাষাত: বঙ্গ/ বাংলা) এটি ভৌগোলিক, সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল, যি দক্ষিণ এছিয়াৰ পূব দিশে স্থিত, বংগোপসাগৰৰ উত্তৰ দিশে। ই ঘাইকৈ বৰ্তমানৰ বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ ৰাজ্য সামৰে। ভৌগোলিকভাৱে, ই গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপ সামৰে, যি বিশ্বৰ সৰ্ববৃহৎ ব-দ্বীপ।
-
মালাবাৰ উপকূল
মালাবাৰ উপকূল ভাৰতীয় উপমহাদেশৰ দক্ষিণ-পশ্চিম অঞ্চল। ই সাধাৰণতে ভাৰতৰ পশ্চিম উপকূলীয় ৰেখাক বুজায়। এই অঞ্চলটো কোংকণৰপৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। ভৌগোলিকভাৱে ই এই উপমহাদেশৰ আটাইতকৈ বেছি বৰষুণ হোৱা অঞ্চলসমূহৰ ভিতৰত অন্যতম।
-
মাৰৱাৰ
মাৰৱাৰ (Marwar) ভাৰতৰ ৰাজস্থান ৰাজ্যৰ পশ্চিম অংশত অৱস্থিত এক সাংস্কৃতিক আৰু ঐতিহাসিক অঞ্চল। ইয়াক যোধপুৰ অঞ্চল বুলিও কোৱা হয়। ৰাজস্থানৰ বিখ্যাত থৰ মৰুভূমিও এই অঞ্চলত অৱস্থিত, যি পশ্চিমে পাকিস্তানৰ সিন্ধু প্ৰদেশলৈকে বিস্তৃত। এই অঞ্চলৰ স্থানীয় ভাষাটি হʼল মাৰোৱাৰী।
-
চিল্কা হ্ৰদ
চিল্কা হ্ৰদ উৰিষ্যাৰ চিল্কা হ্ৰদটো ভাৰতৰ অন্যতম বৃহৎ নিমখীয়া পানীৰ হ্ৰদ, ই ৪০ মাইল (৬৫ কিমি) দীঘল, ৫ ৰ পৰা ১৩ মাইল (৮ ৰ পৰা ২০ কিমি) বহল, আৰু প্ৰায় ৬ ফুট (২ মিটাৰ) গভীৰ। এই হ্ৰদটো ভাৰতৰ পূব উপকূলৰ উৰিষ্যা ৰাজ্যৰ পুৰী, খোৰধা আৰু গঞ্জাম জিলাত বিয়পি আছে, দয়া নদীৰ মুখত, বংগোপসাগৰলৈ প্ৰবাহিত হৈছে।
-
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান
জলদাপাৰা ৰাষ্ট্ৰীয় উদ্যান (Jaldapara National Park) হʼল পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ পূব হিমালয়ৰ পাদদেশ আৰু তোৰ্ষা নদীৰ পাৰত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।
-
ভাৰতৰ জলবায়ু
ভাৰতৰ জলবায়ু (Climate of India) ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়।
-
আৰাৱল্লী পৰ্বতমালা
আৰাৱল্লী পৰ্বতমালা (Aravalli Range; বানানভেদে আৰাৱলী বুলিও লিখা হয়) হʼল উত্তৰ-পশ্চিম ভাৰতৰ এলানি পৰ্বতমালা। দক্ষিণ-পশ্চিম দিশত ই প্ৰায় ৬৭০ কিলোমিটাৰ (৪২০ মাইল) বিস্তৃত। ই দিল্লীৰ ওচৰত আৰম্ভ হৈ দক্ষিণ হাৰিয়ানা আৰু ৰাজস্থানৰ মাজেৰে গৈ গুজৰাটৰ আহমেদাবাদত শেষ হৈছে।
-
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা
ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়।