২০১৭ বৰ্ষৰ চলচ্চিত্ৰ
১০ প্ৰবন্ধ
-
আমাজন অভিযান
আমাজন অভিযান হৈছে ২০১৭ বৰ্ষৰ ভাৰতীয় বাংলা ভাষাৰ এটি একচন-এডভেঞ্চাৰ চলচ্চিত্ৰ। ছবিখনৰ ৰচনা আৰু পৰিচালনা কৰিছে কমলেশ্বৰ মুখাৰ্জীয়ে। শ্ৰী ভেংকটেশ ফিল্মছৰ বেনাৰত শ্ৰীকান্ত মোহতা আৰু মহেন্দ্ৰ ছোনীয়ে ছবিখনৰ প্ৰযোজনা কৰিছে। অভিনেতা দেবে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
জুলী ২
জুলী ২ (Julie 2) ২০১৭ চনৰ দীপক শিৱদাসানীৰ দ্বাৰা ৰচিত, পৰিচালিত আৰু সহ-প্ৰযোজিত এখন ভাৰতীয় হিন্দী ভাষাৰ এৰোটিক থ্ৰিলাৰ ছবি। প্ৰযোজনা কৰিছে বিজয় নায়াৰে। ছবিখনৰ শিৰোনাম চৰিত্ৰত ৰায় লক্ষ্মী অভিনয় কৰিছে আৰু এয়া তেওঁৰ হিন্দী চলচ্চিত্ৰত প্ৰথম অভিনয়।
-
কল মি বাই ইয়ৰ নেম (চলচ্চিত্ৰ)
কল মি বাই ইয়ৰ নেম (Call Me by Your Name) হৈছে লুকা গুয়াডাগনিনোৰ দ্বাৰা পৰিচালিত ২০১৭ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ইয়াৰ চিত্ৰনাট্য জেমছ আইভৰীৰ দ্বাৰা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ ছবিখনৰ সহ-প্ৰযোজনাৰ সৈতেও জড়িত। ছবিখন আন্দ্ৰে এচিমেনৰ একে শিৰোনামৰে উপন্যাসখনৰ ওপৰত আধাৰিত।
-
ছিক্ৰেট ছুপাৰষ্টাৰ
ছিক্ৰেট ছুপাৰষ্টাৰ (Sathi Leelavathi) ২০১৭ চনৰ, অদ্বৈত চন্দনৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ সংগীতপ্ৰধান নাট্যধৰ্মী ছবি। আমিৰ খান প্ৰডাকচন ষ্টুডিঅ'ৰ অধীনত আমিৰ খান আৰু কিৰণ ৰাৱে ছবিখন প্ৰযোজনা কৰিছে। ছবিখনত অভিনয় কৰিছে জাইৰা ৱাছিম, আমিৰ খান, মেহেৰ বিজ আৰু ৰাজ অৰ্জুনে।
-
টয়লেট: এক প্ৰেম কথা
টয়লেট: এক প্ৰেম কথা বা সৰলভাৱে টয়লেট (Toilet: Ek Prem Katha) ২০১৭ চনৰ শ্ৰী নাৰায়ণ সিঙৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন কমেডী-ড্ৰামা ছবি। ছবিখনৰ প্ৰযোজক আছিল অক্ষয় কুমাৰ আৰু সহযোগী প্ৰযোজক আছিল নীৰজ পাণ্ডে। টয়লেটৰ মুখ্য় ভুমিকাত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰে।
-
তুম্হাৰী ছুলু
তুম্হাৰী ছুলু (Tumhari Sulu) ২০১৭ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ কমেডী-নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা সুৰেশ ত্ৰিবেণীৰ। ছবিখন টি-ছিৰিজ আৰু এলিপছিছ এণ্টাৰটেইনমেণ্টৰ বেনাৰত ভূষণ কুমাৰ, তনুজ গাৰ্গ, কৃষণ কুমাৰ, অতুল কছবেকৰ আৰু শান্তি শিৱৰাম মাইনীয়ে প্ৰযোজনা কৰিছে।[5] তুমহাৰী ছুলুৰ শিৰোনাম চৰিত্ৰত…
-
বেগম জান (২০১৭ চলচ্চিত্ৰ)
বেগম জান (Begum Jaan ) ২০১৭ চনৰ ভাৰতীয় হিন্দী পিৰিয়দ নাট্যধৰ্মী ছবি। এইখনৰ পৰিচালনা আৰু সহ-লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী পৰিচালক শ্ৰীজিৎ মুখাৰ্জীৰ। বেগম জান মুখাৰ্জীৰ প্ৰথম হিন্দী পৰিচালনা। প্ৰযোজনা কৰিছে মুকেশ ভাট, বিশেষ ভাট আৰু প্লে এণ্টাৰটেইনমেণ্টে।
-
মাগালিৰ মাট্টুম (২০১৭ চলচ্চিত্ৰ)
মাগালিৰ মাট্টুম ( Ladies Only) ২০১৭ চনৰ ভাৰতীয় তামিল কমেডী নাটক ছবি ব্ৰহ্মৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন তামিল কমেডী নাট্যধৰ্মী ছবি। কুট্ট্ৰম কাদিথালৰ (২০১৫) পিছত পৰিচালকজনৰ এয়া দ্বিতীয়টো উদ্যোগ আছিল।
-
য়াদৱী - দ্য ডিগ্নিফাইড প্ৰিন্সেছ
য়াদৱী– দ্য ডিগ্নিফাইড প্ৰিন্সেছ'(Yadvi – The Dignified Princess) হৈছে জ্যোতি সিঙৰদ্বাৰা প্ৰযোজিত আৰু পৰিচালিত এখন ভাৰতীয় ইংৰাজী চলচ্চিত্ৰ। ছবিখনত চন্দ্ৰচূড় সিং আৰু জনপ্ৰিয় ভাৰতীয় দূৰদৰ্শন অভিনেতা বিভু ৰাঘৱে অভিনয় কৰিছে।
-
লেডিজ ফাৰ্ষ্ট (২০১৭ চলচ্চিত্ৰ)
লেডিজ ফাৰ্ষ্ট (Ladies First) হৈছে আৰ্চাৰ দীপিকা কুমাৰীৰ জীৱনৰ আধাৰত ২০১৭ চনত নিৰ্মাণ কৰা এখন ভাৰতীয় তথ্যচিত্ৰ। উৰাজ বহল আৰু শানা লেভি বহলৰ দ্বাৰা পৰিচালিত এই ছবিখনত ঝাৰখণ্ডৰ দৰিদ্ৰতাত বাস কৰাৰ পৰা টাটা আৰ্চাৰী একাডেমীত নামভৰ্তি কৰা আৰু কেইবাটাও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ…