চেহনাজ হুছেইন (Shahnaz Husain) হ'ল ভাৰতৰ 'চেহনাজ হুছেইন গোট'ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু পাৰিচালন সঞ্চালক। ভেষজ পদ্ধতিৰে সৌন্দৰ্য চৰ্চ্চাক আগুৱাই নিয়া আৰু ভাৰতীয় আয়ুৰ্বেদক পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে।১২৩ বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০০৬ চনত তেওঁ ভাৰত চৰকাৰে আগবঢ়োৱা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা লাভ কৰে।৪
ব্যৱসায়িক বিজ্ঞাপন নিদিয়াকৈও এটা আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড প্ৰতিষ্ঠা কৰাৰ তেওঁৰ যি সফলতাৰ কাহিনী, তাৰ পৰিপ্ৰেক্ষিতত বক্তৃতা আগবঢ়াবলৈ তেওঁক 'হাভাৰ্দ বিজনেচ স্কুলে' আমন্ত্ৰণ কৰিছিল আৰু হাৰ্ভাদ ক্ষেত্ৰ অধ্যয়ন ৰূপে ইয়াক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে।৫৬ তেওঁ 'মানচেষ্টাৰ ইনষ্টিউট অৱ টেকন'ল'জি', 'অক্সফৰ্ড বিশ্ববিদ্যালয়' আৰু 'লণ্ডন স্কুল অৱ ইকনমিকচ্'তো বক্তৃতা দিবৰ বাবে আমন্ত্ৰিত হৈছিল।৭ উদ্যোগীসকলৰ ববে আয়োজিত ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ বিশ্ব শিখৰ সন্মিলনত হুছেইনে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৬চনত তেওঁ 'চাকচেচ্ আলোচনী'ৰপৰা বিশ্বৰ সৰ্ববৃহৎ মহিলা উদ্যোগী বঁটা লাভ কৰে।৮ তেওঁ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিচাত খোজ পেলাইছে আৰু ব্ৰিটিছ সংসদৰ 'হাউচ অৱ লৰ্ড' আৰু 'হাউচ অৱ কমনচ্'টো নিজৰ বক্তব্য ৰাখিছে।
প্ৰাৰম্ভিক জীৱন
জন্মসূত্ৰে চেহনাজ হুছেইনৰ নাম আছিল চেহনাজ বেগ। তেওঁৰ দেউতাক ন্যায়াধীশ নাছিৰ উল্লাহ বেগ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল আৰু মাক চৈয়দা বেগম হায়দৰাবাদ সৈন্য বাহিনীৰ সেনাধ্যক্ষৰ জীয়ৰী আছিল। তেওঁৰ নাতিনীয়েক চামিউল্লাহ বেগ আৰু খুড়াক মিৰ্জা হামীদুল্লাহ বেগো মুখ্য ন্যায়াধীশ আছিল।
চেহনাজে এলাহাবাদৰ চেইণ্ট মেৰিজ কনভেণ্ট ইণ্টাৰ কলেজত পঢ়িছিল। কম বয়সতে তেওঁৰ নাছিৰ হুছেইনৰ সৈতে বিবাহ হৈছিল। তেওঁলোকৰ দুটি সন্তান আছে। নাছিৰ হুছেইন চাকৰিসূত্ৰে তেহৰাণত থাকোঁতে ইৰানত তেওঁ আয়ুৰ্বেদ পঢ়িছিল। 'হেলেনা ৰুবিনষ্টেইন', 'খ্ৰিষ্টিন ৱাল্মি', 'লেনকম' আৰু 'লিন অৱ কোপেনহেগেন' আদি পশ্চিমৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ পৰা তেওঁ 'কচমেটিক থেৰাপি' আৰু 'কচমেট'ল'জি' বিভাগত প্ৰশিক্ষণ লৈ ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁ দিল্লীৰ নিজৰ ঘৰত 'ৱিইমেনচ্ ৱৰ্ল্ড' আৰম্ভ কৰে। প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে সঘনে তেওঁক দেখা কৰিছিল।
১৯৯০ চনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নাছিৰৰ মৃত্যু হয় আৰু তেওঁলোকৰ ল'ৰা সমীৰে ২০০৮ চনত পাটনাত আত্মহনন কৰে। সমীৰ এজন ৰেপাৰ আৰু হুছেইনৰ জীয়ৰী নিলোফাৰ এগৰাকী লেখক। নিলোফাৰে চেহনাজ হুছেইনৰ জীৱনী 'ফ্লেম' লিখি উলিয়াইছে।
চেহনাজ হুছেইন গোটৰ বিষয়ে
ভেষজ যত্ন আৰু নিৰাময় ধাৰণাৰ ওপৰত ভিত্তি কৰি ১৯৭১ চনত চেহনাজ হুছেইনে প্ৰথমখন ক্লিনিক খোলে আৰু তাৰ কেইবছৰ মানৰ ভিতৰতে চেহনাজ হুছেইন গোটটো গঠন হয়। হুছেইনে ছাল আৰু চুলিৰ সমস্যাসমূহ নিৰাময়ৰ বাবে বিভিন্ন ঔষধি ক্ৰীম আৰু পণ্য উৎপাদন কৰিছে। কোম্পানীয়ে ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকৰ ৱেৱচাইটৰ জৰিড়তে অনলাইনত বিক্ৰী কৰে। সমগ্ৰ বিশ্বত চেহনাজ হুছেইন গোটৰ চাৰিশতকৈও অধিক ফ্ৰেন্সাইজি আছে।৯ ১৯৭৯ চনত কলিকতাত প্ৰথমখন ফ্ৰেন্সাইজি আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে সমগ্ৰ ভাৰতত আশীখন চেহনাজ হুছেইন ভেষজ ফ্ৰেন্সাইজি হয়। বিদেশত তেওঁলোকৰ ক্লিনিকৰ প্ৰথমখন ১৯৮২ চনত লণ্ডনত স্থাপন হয়।
বঁটা আৰু সম্মান
| বৰ্ষ | মূল | বঁটাৰ নাম |
|---|---|---|
| ১৯৮৫ | ৰাষ্ট্ৰীয় | এফ আই চি চি আইৰ 'আউটষ্টেণ্ডিং ৱমেন অণ্টিপ্ৰনিয়ৰ'১০ |
| ১৯৯৬ | আন্তঃৰাষ্ট্ৰীয় | আমেৰিকাৰ প্ৰতিষ্ঠিত ব্যৱসায় পত্ৰিকা 'চাকচেচ্'ৰ 'ৱৰ্ল্ডচ্ গ্ৰেটেষ্ট অণ্টিপ্ৰনিয়ৰ' বঁটা লাভ। ১০৫ বছৰৰ ভিতৰত এই বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা।১১ |
| ২০০৬ | ৰাষ্ট্ৰীয় | পদ্মশ্ৰী১২ |
| ২০০৯ | আন্তঃৰাষ্ট্ৰীয় | ৱাচিংটন ডি চিৰ 'ইণ্টাৰনেচনেল বায়'গ্ৰাফিকেল চেণ্টাৰ'ৰ 'লিওনাৰ্ডো দ্যা ভিন্সি বঁটা' প্ৰদান।১৩ |
| ২০০৯ | ৰাষ্ট্ৰীয় | ভাৰতীয় চেম্বাৰ অৱ কমাৰ্চ আৰু উদ্যোগৰ ফালৰপৰা 'ৱমেন অৱ চাবষ্টেন্স' প্ৰদান।১৪ |
| ২০১১ | ৰাষ্ট্ৰীয় | জীৱনজোৰা নেতৃত্বৰ কৃতিত্ব বঁটা১৫ |
| ২০১২ | আন্তঃৰাষ্ট্ৰীয় | ব্ৰিটিছ সংসদৰ 'হাউচ অৱ কমনচ্'ত অসামান্য আয়ুৰ্বেদিক উদ্ভাৱনৰ বঁটা লাভ।১৬ |
| ২০১২ | আন্তঃৰাষ্ট্ৰীয় | অলিম্পিয়া এছিয়া বঁটা |
| ২০১৩ | আন্তঃৰাষ্ট্ৰীয় | আয়ুৰ্বেদিক ৰূপচৰ্চ্চাত অসামান্য উদ্ভাৱনৰ বাবে ডুবাইত 'গ্লৰি অৱ ইণ্ডিয়া' বঁটা প্ৰদান। |
| ২০১৪ | আন্তঃৰাষ্ট্ৰীয় | আয়ুৰ্বেদিক উদ্ভাৱনৰ বাবে ২০১৪ চনত লণ্ডনত গল্ডেন পিক'ক অণ্টিপ্ৰিনিউৰিয়েল লিডাৰশ্বিপ বঁটা প্ৰদান।১৭ |
| ২০১৫ | ৰাষ্ট্ৰীয় | এণ্টাৰপ্ৰিনৰ মেডিয়া ইণ্ডিয়া এফ আই চি চি আই, নেন আৰু নেচকমৰ আয়ুৰ্বেদিক ৰূপচৰ্চ্চাত অসামান্য উদ্ভাৱনৰ বাবে 'এণ্টাৰপ্ৰিনৰ ইণ্ডিয়া' বঁটা, ২০১৫ প্ৰদান।১৮ |
| ২০১৭ | ৰাষ্ট্ৰীয় | বম্বেত 'ফেমিনা'ই স্পন্সৰ কৰা 'ৱমেন চুপাৰ এচিভাৰ' বঁটা লাভ।১৯ |
| ২০১৭ | ৰাষ্ট্ৰীয় | পুনেৰ সূৰ্যদত্ত গ্ৰুপৰপৰা আয়ুৰ্বেদ ইনভেচন এৱাৰ্ড২০ |
তথ্যসূত্ৰ
- ↑ International Acclaim of Ayurveda Herbal Beauty. By CSR VISION
- ↑ The Global Ambassador of Ayurveda in the beauty and wellness sector. medium.com
- ↑ (5 July 2016). Ayurveda’s Story of World Domination. The Lucknow Observer
- ↑ Fourth highest civilian awards from the Government of India, presented by the President of India. Ministry of Home Affairs (Govt. of India)
- ↑ Shahnaz Husain shares her secrets behind establishing an international brand. Brand Equity
- ↑ (25 February 2017). Shahnaz Husain now a subject at Harvard Business School. The Tribune
- ↑ (8 May 2013). Visit to MIT. TIMES OF INDIA
- ↑ (15 June 1996). World Greatest Woman Entrepreneur Award. INDIA TODAY
- ↑ Don’t Test on Animals. Petaindia
- ↑ Outstanding Woman Entrepreneur from FICCI. FICCI
- ↑ (15 June 1996). World’s Greatest Entrepreneur" Award. INDIA TODAY
- ↑ Padma Awards. Ministry of Home Affairs (Govt. of India)
- ↑ Awarded in Washington DC. India Retailing
- ↑ (28 February 2010). Awarded by ICCI. TIMES OF INDIA
- ↑ (11 October 2011). Wins Lifetime Achievement Award. TIMES OF INDIA
- ↑ (5 October 2012). Honored with International Awards. TIMES OF INDIA
- ↑ Golden Peacock Women Entrepreneurial Leadership Award. Golden Peacock Awards
- ↑ (25 July 2015). "Entrepreneur of the Year in Service Business Health, Beauty & Wellness". Daily Excelsior
- ↑ Woman Super Achiever. World Women Leadership Congress
- ↑ Honoured with Suryadatta National Award. medium.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেহনাজ হুছেইন” প্ৰবন্ধৰ সংশোধন ৫৪০৪৮০ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।