অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পিৰাভি

পিৰাভি (Piravi; অৰ্থ: জন্ম) ) ১৯৮৯ চনৰ মালয়ালম ভাষাৰ শ্বাজী এন কৰুণৰ পৰিচালিত এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে প্ৰেমজী, অৰ্চনা আৰু লক্ষ্মী কৃষ্ণমূৰ্তিয়ে। ১৯৭৬ চনৰ ভাৰতৰ জৰুৰীকালীন সময়ছোৱাত কালিকটৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, অধ্যাপক টি.ভি.

হালনাগাদ: ১৮ আগষ্ট ২০২৪ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পিৰাভি (Piravi; অৰ্থ: জন্ম) ) ১৯৮৯ চনৰ মালয়ালম ভাষাৰ শ্বাজী এন কৰুণৰ পৰিচালিত এখন নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে প্ৰেমজী, অৰ্চনা আৰু লক্ষ্মী কৃষ্ণমূৰ্তিয়ে। ১৯৭৬ চনৰ ভাৰতৰ জৰুৰীকালীন সময়ছোৱাত কালিকটৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, অধ্যাপক টি.ভি. ৱাৰিৱাৰৰ পুত্ৰক আৰক্ষীৰ জিম্মাত হত্যা কৰা ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখনৰ সংগীতৰ ৰচনা কৰে জি আৰবিন্দন আৰু মোহন সীত্ৰাই। মুক্তিৰ লগে লগে পিৰাভিয়ে সমালোচকৰ ব্যাপক প্ৰশংসা লাভ কৰে। ছবিখনে বহু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় আৰু অতি সমাদৰ লাভ কৰে। ১৯৮৯ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত কেমেৰা ডি’অৰ — মেনচন স্পেচিয়েলকে ধৰি কমেও ৩১টা বঁটা লাভ কৰে।১ ১৯৮৯ চনত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।

কাহিনীৰ সাৰাংশ

ৰাঘৱ চাক্যৰ (প্ৰেমজী) আৰু তেওঁৰ পত্নীৰ দুই সন্তানৰ ভিতৰত ৰঘু অন্যতম। পিতৃ-মাতৃৰ বিবাহৰ যথেষ্ট পলমকৈ জন্মগ্ৰহণ কৰা ৰঘুৱে প্ৰাপ্তবয়স্ক হোৱালৈকে অপৰিসীম নিষ্ঠা আৰু মৰমেৰে ডাঙৰ-দীঘল হয়।

এতিয়া ঘৰৰ পৰা দূৰৈৰ ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা ৰঘুৱে ভনীয়েকৰ (অৰ্চনা) বাকদান অনুষ্ঠানৰ বাবে ঘৰলৈ অহাৰ কথা যদিও আহি নাপায়। পিতৃ ৰাঘৱনে পুত্ৰ ঘৰলৈ অহাৰ বাবে অন্তহীন অপেক্ষা কৰে। ৰাঘৱনে নিতৌ স্থানীয় বাছ আস্থানলৈ যায় আৰু পুত্ৰৰ আশাত দিনটো ৰৈ থাকে। কম সময়ৰ ভিতৰতে পৰিয়ালটোৱে বাতৰি কাকতৰ জৰিয়তে গম পায়, যে ৰাজনৈতিক কাৰণত ৰঘুক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

ৰাঘৱনে নিজৰ পুত্ৰক বিচাৰি উলিয়াবলৈ ওলাই যায় আৰু অৱশেষত তেওঁ আৰক্ষী মুখ্য কাৰ্যালয়ত উপস্থিত হয়। অৱশ্যে আৰক্ষীয়ে ৰঘুৰ বিষয়ে বা তেওঁৰ অৱস্থানৰ বিষয়ে নজনা ভাও ধৰে। তদুপৰি ৰঘুক জিম্মাত লোৱাৰ কথাটোও অস্বীকাৰ কৰে। ৰঘুৰ ভনীয়েক অৱশেষত উপলব্ধি কৰে যে পুলিচৰ অত্যাচাৰৰ ফলত চাগে ভায়েকৰ মৃত্যু হৈছে; কিন্তু দেউতাকক ক’বলৈ সাহস নকৰে। ৰাঘৱনে লাহে লাহে বাস্তৱিকতাৰ পৰা খোপনি হেৰুৱায় আৰু পুনৰ পৰিয়ালটো একত্ৰিত হোৱাৰ সপোন দেখিবলৈ লয়।

বঁটা

  • ১৯৮৯: কান চলচ্চিত্ৰ মহোৎসৱ- Caméra d'Or ১
  • ১৯৮৯: এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চাৰ চাৰ্লি চেপলিন বঁটা
  • ১৯৮৯: এডিনবাৰ্গ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-
    • Prize of the Ecumenical Jury - Special Mention
    • চিলভাৰ লিঅ’পাৰ্ড
  • ১৯৮৯: ৩৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
    • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ (স্বৰ্ণকমল)
    • শ্ৰেষ্ঠ পৰিচালক (স্বৰ্ণকমল)
    • শ্ৰেষ্ঠ অভিনেতা- প্ৰেমজী (ৰৌপ্যকমল)
    • শ্ৰেষ্ঠ শব্দ-টি কৃষ্ণনুন্নি (ৰৌপ্যকমল)
  • কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা
    • শ্ৰেষ্ঠ অভিনেতা- প্ৰেমজী
    • দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • ১৯৮৯: ফিল্মফেয়াৰ বঁটা দক্ষিণ
    • শ্ৰেষ্ঠ অভিনেতা-মালায়ালম- প্ৰেমজী
    • শ্ৰেষ্ঠ পৰিচালক- মালায়ালম

বাহ্যিক সংযোগ

  • [http:// www.lenseye.co/the-30-must-see-indian-films-selected-by-utpal-datta-film-critic/] 30 Must see Indian Films selected by Critic Utpal Datta
  • 30 Must see Indian film selected by Critic Utpal Datta

তথ্যসূত্ৰ

  1. ↑ Festival de Cannes: Piravi. festival-cannes.com

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী১৯৮৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিৰাভি” প্ৰবন্ধৰ সংশোধন ৪২৯০৩১ (১৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।