অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দিচৈ নদী

অসমৰ ইতিহাসত বিশেষভাৱে উল্লিখিত এখন নদীৰ নাম হৈছে দিচৈ। নৈখনৰ বৰ্তমানৰ নাম ভোগদৈ বুলি জনা যায়। কোৱা হয় যে দিচৈ নদীৰ উৎপত্তিস্থল নাগালেণ্ডৰ চামটাং অঞ্চল। নগা পাহাৰৰ পৰা বৈ অহা দিচৈ নৈক আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত পানীৰ অভাৱ পূৰ কৰিবলৈ ৰাজধানী যোৰহাটৰ মাজেৰে বোৱাই নিয়াৰ আঁচনি লোৱা হয়।

হালনাগাদ: ১৬ মে’ ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

অসমৰ ইতিহাসত বিশেষভাৱে উল্লিখিত এখন নদীৰ নাম হৈছে দিচৈ। নৈখনৰ বৰ্তমানৰ নাম ভোগদৈ বুলি জনা যায়। কোৱা হয় যে দিচৈ নদীৰ উৎপত্তিস্থল নাগালেণ্ডৰ চামটাং অঞ্চল। নগা পাহাৰৰ পৰা বৈ অহা দিচৈ নৈক আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত পানীৰ অভাৱ পূৰ কৰিবলৈ ৰাজধানী যোৰহাটৰ মাজেৰে বোৱাই নিয়াৰ আঁচনি লোৱা হয়। আৰু সেই মতে দিচৈ নৈক খান্দি নতুন সুঁতি সৃষ্টি কৰি যোৰহাট চহৰৰ মাজেৰে বোৱাই নিয়ে। নৈখন খন্দাৰ আগেয়ে দিচৈৰ পাৰত ভোগ দি পূজা-অৰ্চনা কৰা হৈছিল আৰু তেতিয়াৰ পৰা নতুন সুঁতিটোৱে ভোগদৈ নাম পায়। দিচৈৰ নতুন সুঁতিটো বৰ্তমানেও ভোগদৈ নামেৰেই বৈ আছে। পুৰণা সুঁতিটো এতিয়াও যোৰহাট জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ বাঁহফলা-গৰুমৰা হৈ গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ উত্তৰেদি বাঁহগুৰি, টায়ুং, দানিচাপৰি, লেঙেৰা চাপৰি, চাৰহ মিচিং (English: Charoh Mising), ওপৰ টেমেৰাদিৰে বৈ আছে বুলি জনা যায়। অৱশ্যে এই সুঁতিটো এতিয়া মৰা সুঁতিলৈ পৰিণত হোৱাৰ উপক্ৰম হৈছে। সেয়ে এইছোৱা দিচৈক বহুতে এতিয়া মৰিদিচৈ বুলিও কয়।

সম্পৰ্কিত শ্ৰেণী

অসমৰ নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিচৈ নদী” প্ৰবন্ধৰ সংশোধন ৬০৬৬৫৮ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।