প্ৰণৱজ্যোতি ডেকাৰ গ্ৰন্থ
৪ প্ৰবন্ধ
-
সোণৰ চামুচ মুখত লৈ
সোণৰ চামুচ মুখত লৈ: বিক্ষিপ্ত আত্মজীৱনী হৈছে অসমীয়া গল্পকাৰ, ঔপন্যাসিক, অভিধান প্ৰণেতা, গৱেষক আৰু অধ্যাপক ড॰ প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী। অগতানুগতিক শৈলীৰে লিখা এই আত্মজীৱনীখন প্ৰথম প্ৰকাশ হয় ২০১৬ চনৰ নৱেম্বৰ মাহত। গ্ৰন্থখন প্ৰকাশ কৰে গুৱাহাটীৰ পাণবজাৰৰ বান্ধৱ প্ৰকাশনৰ হৈ ৰঞ্জন শৰ্মাই।
-
জ্যোতি দ্বিভাষিক অভিধান
জ্যোতি দ্বিভাষিক অভিধান (ইংৰাজী: Jyoti Divashik Abhidhan) ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা সংকলিত এখন ইংৰাজী-অসমীয়া দ্বিভাষিক সমাৰ্থক অভিধান৷ অভিধানখন পোনপ্ৰথমবাৰৰ বাবে ১৯৯০ চনত প্ৰকাশিত হৈছিল৷ অভিধানখনত ৬০,০০০ তকৈও অধিক ইংৰাজী শব্দ আৰু এক লাখতকৈও অধিক অসমীয়া শব্দ সন্নিৱিষ্ট হৈছে৷ অভিধানখন গুৱাহাটী…
-
ধৰ্মৰ প্ৰাণতত্ত্ব
ধৰ্মৰ প্ৰাণতত্ত্ব (Dharmar Prantattva) হৈছে অসমীয়া সাহিত্যিক আৰু ভূতত্ত্ববিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা লিখিত এখনি ধৰ্মতত্ত্ব-বিষয়ক গ্ৰন্থ। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশিত হৈছিল। ২০২৩ চনৰ নৱেম্বৰত গ্ৰন্থখনৰ পুনৰ মুদ্ৰণ হয়।
-
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত
গংগাৰাম পালোৱান আৰু বঙলা ঘৰৰ ভূত ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা অনূদিত এখনি সাধুকথাৰ পুথি৷ পুথিখনত বিশ্বৰ লোক-সাহিত্যৰ পাঁচটা ভিন্ন সাধু সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন ১৯৭৮ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷