খ্ৰীষ্টান ধৰ্ম
১২ প্ৰবন্ধ
-
খ্ৰীষ্টধৰ্ম
খ্ৰীষ্টধৰ্ম (Χριστιανισμός; נצרות; المسيحية; ܡܫܝܚܝܘܬܐ) হৈছে এক অবা্ৰহামীয় একেশ্বৰবাদী ধৰ্ম, যি নাচৰতীয়া যীচুৰ জীৱন আৰু শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। অনুগামীৰ সংখ্যা অনুসৰি ই পৃথিৱীৰ বৃহত্তম ধৰ্ম; ইয়াৰ অনুগামীৰ সংখ্যা প্ৰায় ২৫০ কোটি।
-
বাইবেল
বাইবেল খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ কেন্দ্ৰীয় ধৰ্মীয় গ্ৰন্থৰ সংকলন, আৰু ইছলামৰ দৰে অন্যান্য আব্ৰাহামী ধৰ্মত সন্মানিত। বাইবেল হৈছে মূলতঃ হিব্ৰু, আৰামিক আৰু কইনে গ্ৰীক ভাষাত লিখা এখন সংকলন (বিভিন্ন ৰূপৰ গ্ৰন্থৰ সংকলন)।
-
যীচু
যীচু ( ৬ৰ পৰা ৪ খ্ৰী.পূ. – ৩০ বা ৩৩ খ্ৰী.), যি যীচু খ্ৰীষ্ট, নাচৰতীয়া যীচু আৰু আন বিভিন্ন নাম আৰু উপাধিৰে পৰিচিত, আছিল ১ম শতিকাৰ যিহূদীয়া প্ৰদেশৰ এজন গালীলীয়া ইহুদী ধৰ্মপ্ৰচাৰক আৰু ধৰ্মীয় নেতা। তেওঁ বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম খ্ৰীষ্টধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব।
-
বৰদিন
বৰদিন বা খ্ৰীষ্টমাছ (Christmas বা Christmas Day) খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়।
-
চয়তান
চয়তান, ইছলামত ইবলিছ নামেৰেও জনাজাত, আৰু কেতিয়াবা খ্ৰীষ্টান ধৰ্মত লুচিফাৰ বুলিও কোৱা হয়, ই আব্ৰাহাম (ইব্ৰাহিম) ধৰ্মৰ এনে এক সত্তা যিয়ে মানুহক পাপ বা মিছা কথাৰ প্ৰতি প্ৰলোভিত কৰে।
-
কেথলিক গিৰ্জা
কেথলিক গিৰ্জা, যাক প্ৰায়ে ৰোমান কেথলিক গিৰ্জা বুলিও কোৱা হয়, হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ খ্ৰীষ্টান গিৰ্জা। ২০২৫ চনৰ অনুসৰি বিশ্বজুৰি ১২৭.২ কোটিৰ পৰা ১৪০.৬ কোটিলৈ বাপ্তিস্ম গ্ৰহণ কৰা কেথলিক বিশ্বাসী আছে।
-
গুড ফ্ৰাইডে
গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যিশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ।
-
ছাণ্টাক্লজ
ছাণ্টাক্লজ (Santa Claus) হ'ল বৰদিনৰ ৰাতি সৰু ল'ৰা-ছোৱালীলৈ উপহাৰ লৈ আহে বুলি কল্পিত, পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক মহিলা, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াইছিল বুলি ভবা হয়।
-
জোন অফ আৰ্ক
জোন অফ আৰ্ক (Joan of Arc, ফৰাচী: Jeanne d'Arc; ১৪১২ – ৩০ মে’৷ ১৪৩১ ), অন্য নাম "The Maid of Orléans" (La Pucelle d'Orléans), এগৰাকী ফৰাচী বিৰংগনা আৰু ৰোমান কেথ’লিক মনিষী৷ ফ্ৰান্সৰ এশবছৰীয়া যুদ্ধ (Hundred Years' War)-ৰ সময়ত তেওঁ লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে জোন অফ আৰ্ক বিশ্ববিশ্ৰুত৷ জোন অফ আৰ্কে…
-
এলিছৱা ভাকাইল
এলিছা ভাকাইল (Eliswa Vakayil) (ধৰ্মীয় নাম ধন্য কুমাৰী মেৰী এলিছা; ১৫ অক্টোবৰ ১৮৩১ – ১৮ জুলাই ১৯১৩) কেৰালাৰ এগৰাকী ধৰ্মীয় সন্ন্যাসিনী আছিল। তেওঁ ভাৰতৰ মহিলাসকলৰ বাবে প্ৰথমটো স্বদেশী কাৰ্মেলাইট ধৰ্মীয় সম্প্ৰদায় ডিছকেলচড কাৰ্মেলাইটছৰ তৃতীয় সংঘ (TOCD)প্ৰতিষ্ঠা কৰিছিল।
-
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন
খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (Reformatio) আছিল ১৬শ শতিকাৰ ইউৰোপৰ এক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ৰাজনৈতিক আন্দোলন, যিয়ে কেথলিক গীৰ্জাৰ প্ৰচলিত প্ৰথা আৰু শিক্ষাৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তোলে। এই আন্দোলনৰ ফলত প্ৰটেষ্টেণ্ট ধৰ্মৰ জন্ম ঘটে।
-
পোলেণ্ডত খ্ৰীষ্টমাচ
পোলেণ্ডত খ্ৰীষ্টমাচ বিশ্বৰ বেছিভাগ খ্ৰীষ্টান দেশৰ দৰেই এক বছৰেকীয়া প্ৰধান উৎসৱ। প্ৰাচীন কালৰ পৰা আৰম্ভ কৰি শতিকাজুৰি ধীৰে ধীৰে খ্ৰীষ্টমাছ পালন পৰম্পৰাৰ বিকাশ হৈছিল; কেথলিক গীৰ্জাই পোলেণ্ডক খ্ৰীষ্টানীকৰণ কৰাৰ পিছত পোলেণ্ডৰ পুৰণি পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে প্ৰৱৰ্তন কৰা ধৰ্মীয় ৰীতি-নীতিৰ সংমিশ্ৰণ…