উদ্যোগ
১৬ প্ৰবন্ধ
-
আমুল
আমুল হৈছে ভাৰতৰ সমবায় ভিত্তিক এক দুগ্ধ উৎপাদনকাৰী উদ্যোগ। ই গুজৰাটৰ আনন্দত প্ৰতিষ্ঠা লাভ কৰে। 'আমুল' শব্দটো সংস্কৃতৰ 'অমুল্য' শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল মুল্যহীন, যাক কোনো মুল্যৰেও আহৰণ কৰিব নোৱাৰি।
-
উদ্যোগ
উদ্যোগ (ইংৰাজী: Industry) হৈছে কোনো এক অৰ্থনীতি অথবা দেশত হোৱা কোনো সামগ্ৰী নাইবা সেৱাৰ উৎপাদন। কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গোটে কৰা আয়ৰ মুখ্য উৎসই ইয়াৰ সৈতে সম্পৰ্কিত উদ্যোগটোকে সূচায়।
-
খনন
খনন হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা মূল্যৱান ভূতাত্ত্বিক পদাৰ্থ আৰু খনিজ পদাৰ্থ নিষ্কাশন। কৃষি প্ৰক্ৰিয়াৰ দ্বাৰা খেতি কৰিব নোৱাৰা বেছিভাগ সামগ্ৰী লাভ কৰিবলৈ খননৰ প্ৰয়োজন হয়, বা পৰীক্ষাগাৰ বা কাৰখানাত কৃত্ৰিমভাৱে সৃষ্টি কৰাটো সম্ভৱপৰ।
-
নিৰ্মাণ
নিৰ্মাণ হৈছে এটা সাধাৰণ শব্দ যাৰ অৰ্থ হৈছে বস্তু, ব্যৱস্থা বা সংস্থা গঠনৰ কলা আৰু বিজ্ঞান। এই শব্দটোৰ উৎপত্তি হৈছে লেটিন শব্দ constructio (com- "একেলগে" আৰু struere "together"ৰ) পৰা।
-
বৰফৰ স্তুপ
বৰফৰ স্তুপ এক হিমবাহৰ গ্ৰাফ্টিং কৌশলৰ ফচল যিয়ে কৃত্ৰিম হিমবাহ সৃষ্টি কৰে, আৰু ইয়াক শীতকালীন পানী (যি অন্যথা অব্যৱহৃত হৈ থাকিব) শংকু আকৃতিৰ বৰফৰ স্তুপ আকাৰত সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। গ্ৰীষ্মকালত যেতিয়া পানীৰ অভাব হয়, তেতিয়া বৰফ গলি শস্যৰ বাবে পানীৰ যোগান বৃদ্ধি পায়।
-
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড
পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেড এটা ভাৰতৰ আঠা উৎপাদনকাৰী উদ্যোগ। ই আঠাৰ উপৰিও বিভিন্ন শিল্প সামগ্ৰী, নিৰ্মাণজনিত কামত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থ আদিৰো উৎপাদন কৰে। পিডিলাইট ইণ্ড্ৰাষ্ট্ৰীছ লিমিটেডৰ উৎপাদিত এটা উল্লেখযোগ্য উৎপাদন হৈছে ফেৱিক'ল।
-
আৰাণী ৰেচম
আৰাণী ৰেচম শাড়ী ভাৰতৰ তামিলনাডু ৰাজ্যত অৱস্থিত আৰাণী চহৰত তৈয়াৰী পৰম্পৰাগত ৰেচমৰ শাড়ী। যিহেতু এই শাড়ীবোৰ আৰাণীত উৎপাদিত হয়, সেয়েহে এই চহৰখনক প্ৰায়ে আৰাণীৰ ৰেচম চহৰ বা আৰাণী ৰেচম চহৰ বুলি কোৱা হয়। শাড়ী হৈছে সাধাৰণতে চাৰিৰপৰা ন গজলৈকে চিলাই নকৰা দীঘল কাপোৰ।
-
ইষ্ট ইণ্ডিয়া লেডাৰ
ইষ্ট ইণ্ডিয়া লেডাৰ তামিলনাডুৰ ত্ৰিচি আৰু ডিণ্ডিগুলৰ চৰ্মউদ্যাোগসমূহে উৎপাদন কৰা ভাৰতীয় থলুৱা উদ্ভিদৰ ৰঙেৰে ৰঙীন কৰা চামৰা।
-
ইৰানৰ তৈল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ
ইৰাণৰ তেল উদ্যোগৰ ৰাষ্ট্ৰীয়কৰণ (nationalization of the Iranian oil industry) ইৰানৰ সংসদ (মজলিছ)ৰ আন্দোলনৰ ফল আছিল। এই আন্দোলনৰ লক্ষ্য আছিল ইৰাণৰ তেল উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰা, যিটো উদ্যোগ পূৰ্বে ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰিছিল আৰু বহুলাংশে বিদেশী শক্তিৰ নিয়ন্ত্ৰণত আছিল।
-
কোচিন শ্বিপয়াৰ্ড লিমিটেড
কোচিন শ্বিপয়াৰ্ড লিমিটেড (Cochin Shipyard Limited) বা চমূকৈ CSL হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু মেৰামতি প্ৰতিষ্ঠান। এয়া বিশ্বৰ অতি কমসংখ্যক শ্বিপয়াৰ্ডৰ ভিতৰত অন্যতম, যিয়ে এখন বিমানবাহী যুদ্ধজাহাজ নিৰ্মাণ কৰে।
-
চেলেম ৰেচম
চেলেম ৰেচম বা চেলেম ভেনপাট্টু ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেলেম অঞ্চলত নিৰ্মিত ৰেচমৰ কাপোৰক বুজায়। ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিতৰ স্বীকৃতি প্ৰদান কৰা হয়।
-
ডাব্বাৱালা
ডাব্বাৱালা (বা পূৰ্বৰ টিফিনৱালা) ভাৰতবৰ্ষৰ বিশেষকৈ মুম্বাই মহানগৰীৰ বিভিন্ন কৰ্মস্থলীত কৰ্মৰত কৰ্মচাৰীসকললৈ ঘৰ বা ৰেষ্টুৰেণ্টৰপৰা টিফিন বাকচত দুপৰীয়াৰ আহাৰ কঢ়িওৱা একশ্ৰেণী মানুহ বা এক ব্যৱস্থা।
-
বাংলাদেশৰ মৰাপাট উদ্যোগ
বাংলাদেশৰ মৰাপাট উদ্যোগ ভাৰত উপমহাদেশত ইষ্ট ইণ্ডিয়া কোম্পানীৰ উত্থানৰপৰাই বাংলাদেশত মৰাপাট উদ্যোগটো ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ। এসময়ত দেশৰ সৰ্ববৃহৎ উদ্যোগ আৰু ৰপ্তানিৰ এক প্ৰধান সামগ্ৰী হিচাপে পৰিগণিত হোৱা মৰাপাট উদ্যোগটো ১৯৭০ চনৰপৰা হ্ৰাস পাইছে।
-
ভাৰতৰ দুগ্ধ খণ্ড
ভাৰতীয় সমাজৰ খাদ্য, ধৰ্ম, সংস্কৃতি, অৰ্থনীতিকে ধৰি বহুতো দিশত দুগ্ধজাত সামগ্ৰীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। ভাৰতত বিশ্বৰ সৰ্বাধিক দুগ্ধজাত সামগ্ৰী আছে য’ত ৩০০ মিলিয়নতকৈ অধিক গৰু আছে, য’ত ১৯ কোটি টনতকৈ অধিক গাখীৰ উৎপাদন হয়। গাখীৰ উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দিশতে সকলো দেশৰ ভিতৰত ভাৰত প্ৰথম।
-
ভাৰতৰ শক্তি খণ্ড
ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম বিদ্যুৎ উৎপাদনকাৰী দেশ। ২০২৩–২৪ চনৰ বিত্তীয় বৰ্ষত (বিত্তীয় বছৰ) দেশত মুঠ বিদ্যুৎ উৎপাদন আছিল ১,৯৪৯ টেৰাৱাট ঘণ্টা৷ ইয়াৰে ১,৭৩৪ টেৰাৱাট ঘণ্টা ইউটিলিটিৰ দ্বাৰা উৎপাদন কৰা হৈছিল।
-
শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়
শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড় (Shri Mahila Griha Udyog Lijjat Papad) দ্ৰুতগতিত সম্প্ৰসাৰিত বিভিন্ন উপভোক্তা সামগ্ৰীৰ উৎপাদনৰ সৈতে জড়িত মহিলা সমবায়; যাৰ জনপ্ৰিয় নাম লিজ্জত। সংস্থাটোৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি সবলীকৰণ কৰা।