কৃষ্ণা পুনিয়া (Krishna Poonia; জন্ম ৫ মে' ১৯৭৭) এগৰাকী আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক বিজয়ী ভাৰতীয় ডিস্কছ থ্ৰ'ৱাৰ, ট্ৰেক এণ্ড ফিল্ড এথলীট, ২ বাৰ অলিম্পিকত অংশগ্ৰহণ কৰা, পদ্মশ্ৰী আৰু অৰ্জুন বঁটা বিজয়ী, কংগ্ৰেছ দলৰ ৰাজনীতিবিদ আৰু ৰাজস্থানৰ সদুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক।১২৩৪ তেওঁ ২০০৮ আৰু ২০১২ চনৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল।২ ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছত তেওঁ স্বৰ্ণ পদক লাভ কৰে।৩ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক ৰাজস্থান ৰাজ্যিক ক্ৰীড়া পৰিষদৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হয়। .৫
আৰম্ভণি জীৱন
১৯৭৭ চনৰ ৫ মে'ত হাৰিয়ানাৰ হিছাৰ জিলাৰ আগ্ৰোহা গাঁৱৰ জাট পৰিয়ালত পুনিয়াৰ জন্ম হয়।৬৭৮ ৯ বছৰ বয়সত মাকৰ মৃত্যুৰ পিছত তেওঁক পিতৃ আৰু আইতাকে ডাঙৰ-দীঘল কৰিছিল। .৯ ১৫ বছৰ বয়সৰ পৰা পৰিয়ালৰ মাটিত কাম কৰাৰ ফলত আৰু ঠিক কঠোৰ ক্ৰীড়া প্ৰশিক্ষণ নোলোৱাকৈ কৃষ্ণাৰ শাৰীৰিক ফিটনেছ উন্নত হৈছিল।১০
২০০০ চনত তেওঁ বীৰেন্দ্ৰ সিং পুনিয়া নামৰ এজন প্ৰাক্তন খেলুৱৈৰ লগত বিয়া হৈছিল আৰু তেওঁলোকৰ বিয়াৰ পিছত তেওঁক প্ৰশিক্ষক হিচাপে কাম কৰে।৯ ২০০১ চনত তেওঁলোকৰ এজন পুত্ৰ সন্তান জন্ম হয়।১ কৃষ্ণা আৰু তেওঁৰ স্বামীয়ে ভাৰতীয় ৰেলৱেত কাম কৰিছিল যদিও ২০১৩ চনত কৃষ্ণাই পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।১১ তেওঁলোকৰ ঘৰ জয়পুৰত। জয়পুৰৰ কানোৰিয়া পি জি মহিলা মহাবিদ্যালয়ৰ পৰা সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে পুনিয়াই।
কেৰিয়াৰ
২০১০ কমনৱেলথ গেমছ
২০১০ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয় পুনিয়া। ডিস্কছ ইভেণ্টৰ ঐতিহাসিক ক্লিন ছুইপৰ নেতৃত্ব দিয়ে পুনিয়াই ৬১.৫ মিটাৰ ক্লিয়াৰ কৰি। কমনৱেলথ গেমছৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আৰু ১৯৫৮ চনৰ কাৰ্ডিফ কমনৱেলথ গেমছত পুৰুষৰ ৪৪০ গজ দৌৰত সোণৰ পদক লাভ কৰা মিলখা সিঙৰ পিছত এনে ইভেণ্টত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।১২১৩
২০১২ চনৰ লণ্ডন অলিম্পিক
২০১২ চনৰ লণ্ডন অলিম্পিকত মহিলা ডিস্কছ থ্ৰ’ত তেওঁ ক্ৰেডিটযোগ্য ষষ্ঠ স্থান দখল কৰিছিল। পুনিয়াৰ ৬৩.৬২ মিটাৰ সৰ্বোত্তম প্ৰচেষ্টা তেওঁৰ পঞ্চমটো আৰু উপশেষ প্ৰচেষ্টাত। প্ৰথম প্ৰচেষ্টাত ৬২.৪২ মিটাৰ আৰু তৃতীয় প্ৰচেষ্টাত ৬১.৬১ আৰু ষষ্ঠ আৰু অন্তিম থ্ৰ’ত ৬১.৩১ মিটাৰ। দ্বিতীয় আৰু চতুৰ্থ প্ৰচেষ্টাত তাইৰ দুটা ন'-থ্ৰ' হৈছিল।১৪ ইয়াৰ পূৰ্বে তেওঁ মিলখা সিং, পি. টি. উষা, শ্ৰীৰাম সিং, গুৰবাচন সিং ৰন্ধাৱা আৰু অঞ্জু ববি জৰ্জৰ পিছত অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ অন্তিম ৰাউণ্ডত প্ৰৱেশ কৰা মাত্ৰ ষষ্ঠগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছিল।১৫
সন্মান
- পদ্মশ্ৰী ২০১১ চনত অসামৰিক সন্মান: ভাৰত চৰকাৰে প্ৰদান কৰা।৩
- ২০১০ চনত অৰ্জুন বঁটা: ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা।১৬
তথ্যসূত্ৰ
- ↑ Krishna wins poll battle in Rajasthan in second attempt The Tribune. Retrieved 13 December 2018
- ↑ Electoral Triumph Same As Winning Gold: Congress Candidate Krishna Punia, NDTV, 26 November 2018
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Assembly Constituency 19 - Sadulpur (Rajasthan)
- ↑ राज्य क्रीड़ा परिषद के अध्यक्ष का पदभार संभालेंगी कृष्णा पूनिया, कहा-बजट में खेलों के लिए काफी कुछ मिलेगा. Zee News
- ↑ KRISHNA POONIA. iaaf.org. International Association of Athletics Federations
- ↑ (November 2010). Gold Rush.Fast Paced Development. Haryana Review. Government of Haryana. পৃ. 44
- ↑ Koshie, Nihal. (12 October 2010). All Jats Night: Discus trio make history. Indian Express
- ↑ Knight, Matthew; Yasukawa, Olivia. (4 February 2015). Krishna Poonia: Discus diva champions Indian girl power. CNN
- ↑ Matthew Knight and Olivia Yasukawa. (4 February 2015). Krishna Poonia: Star of India, champion of new society. CNN
- ↑ Ace discus thrower Krishna Poonia resigns from Railways, expected to join Congress. NDTV.com
- ↑ Saibal Bose. (12 October 2012). India wins first Games track & field gold since Milkha Singh in 1958. The Economic Times
- ↑ (11 October 2010). Krishna Poonia creates history, wins gold in athletics. The Indian Express
- ↑ (5 August 2012). Krishna Poonia Finishes 7th. The Hindu
- ↑ (4 August 2012). Krishna Poonia Qualifies for Discus Final. The Hindu
- ↑ Arjuna Awardees- Athletics – Athletics Federation of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণা পুনিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৪৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।