অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

নিকা সংহতি

নিকা সংহতিত নাম আৰু ভকতৰ ওপৰত গুৰুত্ব দি আচাৰ-ক্ৰিয়া কঠোৰভাৱে পালন কৰা হয়। 'নিকা' শব্দৰ অৰ্থ নিৰ্মল, পৰিষ্কাৰ, পৱিত্ৰ। পৱিত্ৰ আৰু নৈষ্ঠিকভাৱে নাম আৰু ভকতক আশ্ৰয় কৰি ব্ৰহ্মতত্ত্বৰ কাষ চপা নিকা সংহতিৰ ঘাই লক্ষ্য। এই সংহতিৰ প্ৰধান বিচাৰ হ'ল বাহ্যাভ্যন্তৰ শুচিত অধিক গুৰুত্ব দিয়া।

হালনাগাদ: ২৩ জুলাই ২০২৬ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

নিকা সংহতিত নাম আৰু ভকতৰ ওপৰত গুৰুত্ব দি আচাৰ-ক্ৰিয়া কঠোৰভাৱে পালন কৰা হয়। 'নিকা' শব্দৰ অৰ্থ নিৰ্মল, পৰিষ্কাৰ, পৱিত্ৰ। পৱিত্ৰ আৰু নৈষ্ঠিকভাৱে নাম আৰু ভকতক আশ্ৰয় কৰি ব্ৰহ্মতত্ত্বৰ কাষ চপা নিকা সংহতিৰ ঘাই লক্ষ্য। এই সংহতিৰ প্ৰধান বিচাৰ হ'ল বাহ্যাভ্যন্তৰ শুচিত অধিক গুৰুত্ব দিয়া। অৰ্থাৎ দৈহিক আৰু মানসিক শুদ্ধতাত কঠোৰ নীতি পালন কৰা হয়। যেনে, খোৱা-বোৱা কাৰ্য, স্পৰ্শাস্পৰ্শ আদিত বিশেষ গুৰুত্ব দিয়া হয়। এই বিচাৰত আত্ম-শুদ্ধিৰ ভাৱ জড়িত হৈ থাকে। মাধৱদেৱৰ আজ্ঞা অনুসৰি ধৰ্ম প্ৰচাৰত ব্ৰতী হোৱা বদুলা পদ্ম আতা আৰু মথুৰা দাস বুঢ়া আতা এই সংহতিৰ প্ৰৱৰ্তক।১

তথ্যসূত্ৰ

  1. ↑ সত্ৰীয়া উৎসৱৰ পৰিচয় আৰু তাৎপৰ্য (দ্বিতীয় মুদ্ৰণ: মাৰ্চ, ২০০৪ খ্ৰীষ্টাব্দ), পৃ: ৩৮-৩৯, গ্ৰন্থকাৰ- ড° পীতাম্বৰ দেৱগোস্বামী।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকা সংহতি” প্ৰবন্ধৰ সংশোধন ৬১৮৯০২ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।