কল্পনা সৰোজ (Kalpana Saroj, জন্ম-১৯৬১) হৈছে এগৰাকী ভাৰতীয় মহিলা উদ্যোগী আৰু টেড-এক্সৰ বক্তা৷১ ভাৰতৰ মুম্বাইস্থিত প্ৰতিষ্ঠান কামানী টিউবছৰ তেখেতে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া ৷
প্ৰকৃত শ্লামডগ মিলিয়নেৰ হিচাপে খ্যাতি লাভ কৰা কল্পনা সৰোজে কামানী টিউবছক এটা দুৰ্দশাগ্ৰস্ত আৰ্থিক অৱস্থাৰ পৰা তুলি ধৰে আৰু নিজৰ সবল নেতৃত্বৰে কোম্পানীক পুনৰ লাভজনক গতি প্ৰদান কৰে ৷ ২
প্ৰাৰম্ভিক জীৱন
কল্পনা সৰোজৰ জন্ম হছিল ১৯৬১ চনত, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰূপেড়খা গাঁৱত৷ তেখেতৰ পৰিয়ালটো মাৰাঠী বৌদ্ধধৰ্মীয় আছিল ৷ পৰিয়ালটোত তিনিগৰাকী কন্যা আৰু দুটি ল'ৰা সন্তান আছিল৷ কল্পনা আছিল জ্যেষ্ঠ৷ তেখেতৰ পিতৃয়ে আকোলাৰ ৰেপাটখেড় গাঁৱত এগৰাকী পুলিচ কনিষ্টবল হিচাপে কাম কৰিছিল ৷ বাৰ বছৰ বয়সতে কল্পনা সৰোজৰ বিবাহ সম্পন্ন হৈছিল আৰু তেখেত স্বামীৰ সৈতে মুম্বাইৰ বস্তি এলেকাত থাকিবলৈ লয় ৷ তেখেত স্বামীৰ পৰিয়ালৰ পৰা শাৰীৰিক নিৰ্যাতনৰ সম্মুখীন হয়৷ অৱশেষত পিতৃয়ে তেখেতক সেই সংকটপূৰ্ণ কালৰ পৰা উদ্ধাৰ কৰে আৰু গাঁৱত থকা স্বগৃহলৈ লৈ আহে ৷ গাঁৱৰ মানুহে তেখেতেক এঘৰীয়া কৰাৰ সিদ্ধান্ত লয় ৷ এনে এক অমানৱীয় সিদ্ধান্ত সহিব নোৱাৰি কল্পনা সৰোজে আত্মহত্যাৰ প্ৰয়াস কৰে ৷২ ১৬ বছৰ বয়সত তেখেত মুম্বাইত থকা নিজৰ খুড়াকৰ ঘৰলৈ থাকিবলৈ আহে৷ নিজৰ পৰিয়ালটোক ভৰণ-পোষণৰ বাবে তেখেতে এটা কাপোৰ কাৰখানাত কাম কৰে পৰৱৰ্তী সময়ত তেখেতে চৰকাৰৰ পৰা লোণ লয় আৰু চিলাইৰ ব্যৱসায় আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত তেখেতে এখন ফাৰ্নিচাৰৰ ষ্ট'ৰ আৰম্ভ কৰে ৷ ৩
ব্যৱসায়িক জীৱন
কল্পনা সৰোজে কেএছ ফিল্ম প্ৰডাকছন নামৰ এটা প্ৰযোজনা গোষ্ঠী আৰম্ভ কৰে আৰু প্ৰথম ছবিখন প্ৰযোজনা কৰে ৷ এইখন ছবি ইংৰাজী ভাষা, তেলুগু ভাষা আৰু হিন্দী ভাষা ভাষালৈও ডাবিং কৰা হয় ৷ Khairalnji Movie নামৰ ছবিখন দিলীপ হাছকে, জ্যোতি ৰেড্ডী আৰু মনন গোৰেয়ে কল্পনা সৰোজৰ বেনাৰত প্ৰযোজনা কৰে ৷
কল্পনা সৰোজে ৰিয়েল ইষ্টেটৰ এটা সফল ব্যৱসায় আৰম্ভ কৰে ৷ নিজৰ যোগাযোগ ব্যৱস্থা আৰু উদ্যোগিক নীতিৰ বাবে তেখেতে বিশেষ খ্যাতি লাভ কৰে ৷ ২০০১ চনত যেতিয়া কামানী টিউবছ নামৰ কোম্পানীটোৰ অৱস্থা দেউলীয়া পৰ্যায়ৰ হৈছিলগৈ, তেতিয়া তেখেত কোম্পানীটোৰ পৰিষদীয় সভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ তেখেতে কোম্পানীটোৰ গুৰি ধৰে আৰু পুনৰ লাভৰ দিশলৈ লৈ আহে ৷৪৫৬
কল্পনা সৰোজৰ নিজা অনুমান অনুযায়ী, তেখেতে মুঠ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ১১২ মিলিয়ন ডলাৰ ৷৭
ব্যক্তিগত জীৱন
কল্পনা সৰোজ এগৰাকী বৌদ্ধ ধৰ্মী লোক ৷ তেখেত ডা০ ভীমৰাও ৰামজী আম্বেদকাৰৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত ৷৮৯১০ ১৯৮০ চনত তেখেতে ২২ বছৰ বয়সত সমীৰ সৰোজক পুনৰ বিয়া কৰায়; যাৰ লগত তেখেতৰ এটি পুত্ৰ সন্তান আৰু কন্যা সন্তান হয় ৷১১১২১৩ ১৯৮৯ চনত সমীৰ সৰোজৰ মৃত্যু হয় আৰু কল্পনা সৰোজে তেখেতৰ ষ্টীল আলমাৰী ব্যৱসায়টো উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে ৷১৪ বৰ্তমান তেখেতৰ যুগ্ম-জীৱনৰ সংগী হৈছে শুভাকৰণ ৷
বঁটা আৰু সন্মান
- ব্যৱসায় আৰু উদ্যোগৰ বাবে ২০১৩ চনত কল্পনা সৰোজক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ৷১৫
- ভাৰত চৰকাৰে তেখেতক ভাৰতীয় মহিলা বেংকৰ এগৰাকী পৰিষদীয় সদস্য হিচাপে নিযুক্তি দিয়ে ৷ এইটো বেংক বিশেষকৈ মহিলাসকলৰ বাবে ৷ ১৬
- ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰিষদীয় অধ্যক্ষ হিচাপেও তেখেত কৰ্মৰত ৷
তথ্যসূত্ৰ
- ↑ TEDx Talks. The Power of 2 · Kalpana Saroj · TEDxHyderabad
- ↑ From child bride to multi-millionaire in India. BBC News
- ↑ www.portrait-business-woman.com/2020/09/kalpana-
- ↑ Former child bride grows up to be millionaire CEO. MSN
- ↑ Dalits seek escape from India's caste system. Al Jazeera News
- ↑ India woman is an 'untouchable,' with a Midas touch. LA Times
- ↑ Remarkable Climb for Self-Made Dalit Millionaire. India Real Time-Wall Street Journal
- ↑ Pronoti, Datta. (29 May 2010). Caste No Bar. The Crest Mumbai
- ↑ Kalpana – Symbol of true grit. The Hans India
- ↑ (2017-06-12). Meet Kalpana Saroj, Dalit entrepreneur who broke corporate hegemony. The Indian Express
- ↑ Kalpana Saroj - slumdog billionaire and more. Thaindian News
- ↑ Sengupta, Hindol. (2014-11-18). Recasting India: How Entrepreneurship is Revolutionizing the World's Largest Democracy. St. Martin's Press. ISBN 9781137474780
- ↑ (2017-06-12). Meet Kalpana Saroj, Dalit entrepreneur who broke corporate hegemony. The Indian Express
- ↑ (2006-07-22). Saga of steely resolve. dna
- ↑ (4 February 2013). From grinding poverty to the Padma Shri. Rediff.com
- ↑ (2013-09-18). Bhartiya Mahila Bank will offer higher interest rate on savings a/c: Highlights. firstpost.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা সৰোজ” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।