অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা শৰ্মা কলিতা

কল্পনা শৰ্মা কলিতা একাধাৰে বিশিষ্ট শিক্ষাসদী, প্ৰবন্ধ লেখক, সম্পাদক আৰু সাঁচিপতীয়া পুথিৰ পাঠ সমীক্ষক। তেওঁ বৰ্তমানলৈকে চাৰিখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক।

হালনাগাদ: ১৬ মাৰ্চ ২০২৫ ৩৫৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কল্পনা শৰ্মা কলিতা একাধাৰে বিশিষ্ট শিক্ষাসদী, প্ৰবন্ধ লেখক, সম্পাদক আৰু সাঁচিপতীয়া পুথিৰ পাঠ সমীক্ষক। তেওঁ বৰ্তমানলৈকে চাৰিখন মৌলিক গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক। বহুসময় ধৰি তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পাঠ সমীক্ষা আৰু সাঁচিপতীয়া পুথি অধ্যয়ন প্ৰকল্পৰ সৈতে জড়িত হৈ আছে।১

জন্ম

তেওঁৰ জন্ম হৈছিল দৰং জিলা জিলাৰ ডুমুনীচকী গাঁৱত।২ তেওঁৰ পিতৃৰ নাম প্ৰয়াত কেদাৰনাথ শৰ্মা আৰু মাতৃৰ নাম প্ৰয়াত জগতজননী দেৱী।৩

শিক্ষা

তেওঁ ডুমুনীচকী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে। তাৰপাছতে কটন বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক্-বিশ্ববিদ্যালয়, স্নাতক মহলা আৰু স্নাতকোত্তৰ মহলাত অসমীয়া বিষয়ত সন্মানসহ উচ্চ শিক্ষা গ্ৰহণ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বিংশ শতিকাৰ শেষ তিনি দশকৰ অসমীয়া মহিলা গল্পকাৰৰ গল্পঃ এটি অধ্যয়ন বিষয়ত গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ কৰিছে।

কৰ্ম জীৱন

তেওঁ ১৯৮৫ চনত কামৰূপ জিলা গ্ৰামীণ বিকাশ অভিকৰণত কৰ্মৰত আছিল। ইয়াৰ পিছত ভাৰতীয় জীৱন বীমা নিগমত ষ্টেনোগ্ৰাফাৰ পদত নিযুক্ত হৈছিল ১৯৮৭ চনত। ১৯৯২ চনত ডিফু চৰকাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মৰত আছিল। ২০০০ চনত তেওঁ তেতিয়াৰ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু বৰ্তমানেও সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে।

বিদ্যায়তনিক দিশৰ কৰ্মৰাজি

১. বৰ্তমানলৈ ৩০টাতকৈও অধিক অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতি বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছে।

২. অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পাঠ সমীক্ষা আৰু সাঁচিপতীয়া পুথি অধ্যয়ন প্ৰকল্পৰ সৈতে বহুসময় ধৰি জড়িত হৈ আছে।

৩. তেওঁৰ তত্বাৱধানত কটন বিশ্ববিদ্যালয়ৰ পৰা ইতিমধ্যে এজন গৱেষকে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিছে আৰু ৫জন গৱেষকে গৱেষণা কৰি আছে।

৪. কটন বিশ্ববিদ্যালয়ৰ উপৰিও তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, কৃষ্ণগুৰু নসত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয় আদি বিভিন্ন শিক্ষানুষ্ঠানৰ শৈক্ষিক কাম-কাজৰ সৈতে জড়িত হৈ আছে।

৫. বিভিন্ন অনুষ্ঠানৰ ভালেমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনা সত্ৰ তেওঁ সঞ্চালনা কৰাৰ উপৰিও গৱেষণা-পত্ৰও পাঠ কৰিছে।

৬. অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ উপৰিও অসম ভাষা বিজ্ঞান সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি আদিৰ সৈতেও তেওঁ জড়িত।

প্ৰবন্ধ সংকলন

  1. প্ৰবন্ধ পল্লৱ, দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯। ৪
  2. অসমীয়া লেখিকাৰ গল্পত শিল্প চেতনা, অশোক প্ৰকাশন, ISBN: 978-93-84095-65-9, ২০১৬। ৫
  3. সাহিত্যৰ চিন্তা, (প্ৰকাশৰ পথত) ৬

পাঠ সমীক্ষাত্মক গ্ৰন্থ

  1. অভীষ্ট পুৰাণ,(সপ্তদশ শতিকাত ৰচিত সাঁচিপতীয়া পুথিৰ সম্পাদনা আৰু লিপ্যন্তৰণ), বুৰঞ্জী আৰু পুৰাতত্ত্ব সঞ্চলকালয় খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ,অসম চৰকাৰ, ২০২৪।

সম্পাদনা

  1. অতুল প্ৰভা, (সহ. সম্পা.)। অসমীয়া বিভাগ,কটন কলেজ, গুৱাহাটী, ২০০২। ৭
  2. পূৰ্বসুৰীৰ পথ বিচাৰি, (সহ. সম্পা.)। অসমীয়া বিভাগ,কটন কলেজ, গুৱাহাটী, ২০০৩। ৮
  3. অসম গৌৰৱ, (সহ. সম্পা.)। অসমীয়া বিভাগ,কটন কলেজ, গুৱাহাটী, ২০১১। ৯

তথ্যসূত্ৰ

  1. ↑ cottonuniversity.irins.org/profile/259692
  2. ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯
  3. ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯
  4. ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯
  5. ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯
  6. ↑ কলিতা, কল্পনা শৰ্মা। প্ৰবন্ধ পল্লৱ। দি ভিজুৱেল ইমেজ, গুৱাহাটী, ২০০৯
  7. ↑ cottonuniversity.irins.org/profile/259692
  8. ↑ cottonuniversity.irins.org/profile/259692
  9. ↑ cottonuniversity.irins.org/profile/259692

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা শৰ্মা কলিতা” প্ৰবন্ধৰ সংশোধন ৪৯২৯৭৮ (১৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।