মনোবিজ্ঞানী
২০ প্ৰবন্ধ
-
মনোবিজ্ঞানী
মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে।
-
ডেনিয়েল কাহনেমেন
ডেনিয়েল কাহনেমেন (Daniel Kahneman; ১৯৩৪-২০২৪) হৈছে এগৰাকী ইজৰাইলী-আমেৰিকীয় মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদ। বিচাৰ আৰু সিদ্ধান্ত-গঠনৰ মনোবিজ্ঞানৰ লগতে আচৰণবিষয়ক অৰ্থনীতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেত জনাজাত। 'আচৰণবিষয়ক অৰ্থনীতি'ৰ বাবেই তেখেতে ২০০২ চনত ভাৰ্ণন এল.
-
উইলিয়াম জেম্ছ
ৱিলিয়াম জেইম্ছ (William James) (১১ জানুৱাৰী, ১৮৪২– ২৬ আগষ্ট, ১৯১০)এগৰাকী আমেৰিকান দাৰ্শনিক, মনোবিজ্ঞানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মনোবিজ্ঞানৰ পাঠ্যক্ৰম আগবঢ়োৱা প্ৰথমজন শিক্ষাবিদ।
-
এলবাৰ্ট বান্দুৰা
এলবাৰ্ট বান্দুৰা (Albert Bandura, জন্ম-৪ ডিচেম্বৰ ১৯২৫) হৈছে এগৰাকী কানাডীয়-আমেৰিকান মনোবিজ্ঞানী। তেখেত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগত ডেভিড ষ্টাৰ জৰ্ডান প্ৰফেচাৰ এমিৰেটাছ। মনোবিজ্ঞান আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা একাধিক উল্লেখযোগ্য বৰঙণিৰ বাবে বান্দুৰা জনাজাত।
-
বি. এফ. স্কিনাৰ
বুৰ্হ ফ্ৰেডৰিক স্কিনাৰ (ইংৰাজী: Burrhus Frederic Skinner; ২০ মাৰ্চ, ১৯০৪ – ১৮ আগষ্ট, ১৯৯০) এজন আমেৰিকান মনোবিজ্ঞানী, আচৰণবিদ, উদ্ভাৱক আৰু সমাজ দাৰ্শনিক আছিল। ১৯৫৮ চনৰ পৰা ১৯৭৪ চনত অৱসৰ লোৱালৈকে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এডগাৰ পিয়ৰ্ছ অধ্যাপক (Edgar Pierce Professor) আছিল।
-
শ্বাহনাজ বুখাৰী
শ্বাহনাজ বুখাৰী (Shahnaz Bukhari) এগৰাকী পাকিস্তানী মনোবিজ্ঞানী আৰু মহিলা অধিকাৰ কৰ্মী। তেওঁ বেচৰকাৰী সংগঠন প্ৰগতিশীল মহিলা সন্থা চমুকৈ পিডব্লিউএৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। এই সংগঠনে মহিলাৰ বিৰুদ্ধে হিংসাক নথিভুক্ত আৰু বিৰোধিতা কৰে।
-
হাৰ্বাৰ্ট ছাইমন
হাৰ্বাৰ্ট এলেকজেণ্ডাৰ ছাইমন (১৫ জুন ১৯১৬ - ৯ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ, ৰাজনীতি বিজ্ঞানী আৰু মনোবিজ্ঞানী। তেওঁৰ গৱেষণা মূলতঃ সংগঠনৰ ভিতৰত নিৰ্ণয় গ্ৰহন কৰাৰ প্ৰক্ৰিয়াৰ বিষয়ে।
-
অনুজা ত্ৰেহান কাপুৰ
অনুজা ত্ৰেহান কাপুৰ ( Anuja Trehan Kapur; জন্ম: ২৪ অক্টোবৰ ১৯৭৫) এগৰাকী ভাৰতীয় অপৰাধমূলক মনোবিজ্ঞানী যি এগৰাকী পৰামৰ্শদাতা, সমাজ কৰ্মী আৰু অধিবক্তা হিচাপেও পৰিচিত।
-
আব্ৰাহাম মাছলো
আব্ৰাহাম হেৰল্ড মাছলো (ইংৰাজীঃAbraham Harold; 1 এপ্ৰিল 1908-8 জুন 1970) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আছিল। তেওঁ প্ৰয়োজনীয়তাৰ স্তৰ বিভাজন মতবাদ আগবঢ়াইছিল, যিটো আছিল এটা মানসিক স্বাস্থ্যৰ তত্ত্ব, যি মানৱৰ সহজাত প্ৰয়োজনীয়তা পূৰণ কৰাত অগ্ৰাধিকাৰ দিছিল, যাৰ জৰিয়তে মানুহৰ আত্ম-উপলব্ধি প্ৰাপ্ত হয়।
-
ই কিচ চাইল্ডছ
ই কিচ চাইল্ডছ (E. Kitch Childs) এগৰাকী আমেৰিকান ক্লিনিকেল চাইক'লজিষ্ট আছিল৷ ইয়াৰ লগতে তেওঁ উত্তৰ আমেৰিকাৰ মহিলা মুক্তি আন্দোলন; সংখ্যালঘু মহিলা, বেশ্যা, সমকামী আৰু লেছবিয়ানসকলৰ পোষকতা কৰাৰ বাবে পৰিচিত এগৰাকী লেছবিয়ান কৰ্মী।
-
এডাম গ্ৰাণ্ট
এডাম এম. গ্ৰাণ্ট (Adam Grant), (জন্ম: ১৩ আগষ্ট, ১৯৮১) জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ ৱাৰ্টন স্কুলৰ অধ্যাপক যি ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান(সাংগঠনিক মনোবিজ্ঞান)ত বিশেষজ্ঞ।
-
এলিছ ষ্টাৰলিং হনিগ
এলিছ ষ্টাৰলিং হনিগ ( ইংৰাজী: Alice Sterling Honig; ১৯ এপ্ৰিল, ১৯২৯ – ৭ মাৰ্চ, ২০২৩) হ'ল এগৰাকী আমেৰিকান কলেজৰ অধ্যাপিকা আৰু শিশু মনোবিজ্ঞানী। তেওঁ ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ শিশু বিকাশৰ অধ্যাপিকা আছিল।
-
কাৰ্ল ৰজাৰ্ছ
কাৰ্ল ৰেনচম ৰজাৰ্ছ (ইংৰাজীঃ Carl Ransom Rogers; 8 জানুৱাৰী 1902-4 ফেব্ৰুৱাৰি 1987) এজন আমেৰিকান মনোবিজ্ঞানী আছিল যি মানৱতাবাদী মনোবিজ্ঞান অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু বিশেষকৈ তেওঁৰ ব্যক্তি-কেন্দ্ৰিক মনোচিকিৎসা বাবে জনাজাত আছিল।
-
জিন পিয়াজে
জিন উইলিয়াম ফ্ৰীটজ পিঁয়াজে (ইংৰাজী: Jean William Fritz Piaget; ৯ আগষ্ট ১৮৯৬ – ১৬ ছেপ্টেম্বৰ ১৯৮০) আছিল এজন ছুইছ মনোবিজ্ঞানী, যি শিশুৰ বিকাশ সম্পৰ্কীয় গৱেষণাৰ বাবে সৰ্বত্ৰ পৰিচিত।
-
ট’এটি হেৰাটি
ট'এটি হেৰাটি ( Toeti Heraty, ২৭ নৱেম্বৰ ১৯৩৩ – ১৩ জুন ২০২১) এগৰাকী ইণ্ডোনেছিয়ান কবি আছিল। তেওঁক "সমসাময়িক ইণ্ডোনেছিয়াৰ আগশাৰীৰ কবিসকলৰ ভিতৰত একমাত্ৰ মহিলা কবি" হিচাপে বিশেষভাৱে উল্লেখ কৰা হয়।
-
নলিনী আম্বাডী
নলিনী আম্বাডী (Nalini Ambady; ২০ মাৰ্চ ১৯৫৯ - ২৮ অক্টোবৰ ২০১৩) এগৰাকী ভাৰতীয়-আমেৰিকান সামাজিক মনোবিজ্ঞানী আৰু অমৌখিক আচৰণ আৰু আন্তঃব্যক্তিগত ধাৰণাৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ।
-
বিন্ধ্যা উন্দুৰ্তি
বিন্ধ্যা উন্দুৰ্তি (জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় নাৰীবাদী গৱেষক। তেওঁ লিংগীয় ভূমিকা, মহিলাৰ স্বাস্থ্য আৰু লিংগভিত্তিক হিংসা সম্পৰ্কীয় গৱেষণাৰ বাবে পৰিচিত। লগতে ভাৰতীয় মহিলাসকলৰ অধিকাৰৰ পক্ষে তেওঁ কৰা সামাজিক আৰু নীতি-সমৰ্থনমূলক কামৰ বাবেও তেওঁ পৰিচিত।
-
লি সল্ক
লি সল্ক (Lee Salk; মৃত্যু ২ মে', ১৯৯২) হ'ল এজন আমেৰিকান শিশু মনোবিজ্ঞানী আৰু লেখক যিজনক কেঁচুৱাৰ ওপৰত হৃদস্পন্দনৰ শব্দৰ শান্ত প্ৰভাৱ আৱিষ্কাৰৰ কৃতিত্ব প্ৰদান কৰা হয়। জীৱনৰ শেষৰ তৃতীয়াংশত, সল্কে বিভিন্ন টেলিভিছন শ্ব’ আৰু বক্তৃতা-মঞ্চত অসংখ্য লোকৰ উপস্থিতত আলোচনা আগবঢ়াইছিল।
-
লিছা এম ডায়মণ্ড
লিছা এম ডায়মণ্ড (ইংৰাজী: Lisa M. Diamond) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।
-
ৱিলহেল্ম ৱুণ্ট
ৱিলহেল্ম মাক্সিমিলিয়ান ৱুণ্ট (Wilhelm Maximilian Wundt,;; ১৬ আগষ্ট ১৮৩২ – ৩১ আগষ্ট ১৯২০) আছিল এগৰাকী জাৰ্মান চিকিৎসক, দাৰ্শনিক, অধ্যাপক আৰু আধুনিক মনোবিজ্ঞানৰ অন্যতম পিতৃপুৰুষ।