অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাস্পিয়ান সাগৰ

কাস্পিয়ান সাগৰ (Каспи́йское мо́ре, Xəzər dənizi, Каспий теңізі Kaspiy teñizi, دریای خزر Daryā-e Xazar',دریای کاسپین Daryā-e Kāspiyan, Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷ এই সাগৰৰ পৃষ্ঠকালি 371000 বৰ্গ…

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৩৪
সংশোধনৰ পৰামৰ্শ

কাস্পিয়ান সাগৰ (Каспи́йское мо́ре, Xəzər dənizi, Каспий теңізі Kaspiy teñizi, دریای خزر Daryā-e Xazar',دریای کاسپین Daryā-e Kāspiyan, Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷১২ এই সাগৰৰ পৃষ্ঠকালি 371000 বৰ্গ কি.মি. আৰু আয়তন 78200 km3৷৩ এই সাগৰৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাৰ বাট নাই (endorheic basin-no outflows)৷ কাস্পিয়ান সাগৰ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত৷ ৪

এই সাগৰৰ উত্তৰ-পূবে কাজাখাস্তান, উত্তৰ-পশ্চিমে ৰাছিয়া, পশ্চিমে এজাৰবাইজান (Azerbaijan), দক্ষিণে ইৰাণ আৰু দক্ষিণ-পূবত তুৰ্কমেনিস্তান (Turkmenistan)৷ কাস্পিয়ান সাগৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) ৰ পূবে আৰু কেন্দ্ৰীয় এছিয়াৰ পশ্চিমে অৱস্থিত৷ এই সাগৰৰ উত্তৰৰ অংশ যাক কাস্পিয়ান অৱনমন (Caspian Depression) বুলি জনা যায়, পৃথিৱীৰ আটাইতকৈ গভীৰ (the lowest points on Earth) অংশসমূহৰ ভিতৰত অন্যতম৷

কাস্পিয়ান সাগৰৰ প্ৰাচীন অধিবাসীসকলে এই সাগৰৰ বৃহদাকাৰৰ বাবে ইয়াক হ্ৰদ বুলি নাভাৱি সাগৰ বুলি গণ্য কৰিছিল৷ এই সাগৰৰ লোণৰ মাত্ৰা প্ৰায় 1.2% (12 গ্ৰাম/লিটাৰ),যি প্ৰায়বোৰ সাগৰীয় পানীতকৈ এক তৃতীয়াংশহে লুণীয়া৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2009). Caspian Sea – Background. Caspian Environment Programme
  2. ↑ ESA: Observing the Earth – Earth from Space: The southern Caspian Sea. ESA.int
  3. ↑ Lake Profile: Caspian Sea. LakeNet
  4. ↑ Caspian Sea

সম্পৰ্কিত শ্ৰেণী

সাগৰহ্ৰদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাস্পিয়ান সাগৰ” প্ৰবন্ধৰ সংশোধন ৬২৬২৫১ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।