কলকাতা ডাৰ্বি (Kolkata derby) বুলিলে ভাৰতৰ দুটা আগশাৰীৰ তথা চিৰবৈৰী ফুটবল ক্লাব মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত হোৱা ফুটবল খেল সমূহক বুজোৱা হয়। বঙালী ভাষাত এই খেল সমূহক বড় মেটচ বোলা হয়। বৰ্তমান এটা বছৰত অতি কমেও এই দুটা ক্লাব ৪ বাৰ ফুটবল খেলপথাৰত মুখামুখি হয়। ইয়াৰে দুবাৰ ৰাজ্যিক লীগ সমূহত আৰু দুবাৰ ৰাষ্ট্ৰীয় ফুটবল লীগ সমূহত। তদুপৰি এই দুয়োটা ক্লাবে অন্য বিভিন্ন প্ৰতিযোগিতা, যেনে ৰ'ভাৰ্ছ কাপ, ফেডাৰেচন কাপ, আই. এফ. এ'. শ্বিল্ড আদিত মুখামুখি হয়। এই দুয়োটা ক্লাবৰ বৈৰী মনোভাৱ যোৱা ৮৬ বছৰ ধৰি চলি আহিছে। ফিফাই তৈয়াৰ কৰি উলিওৱা পৃথিৱীৰ অন্যতম ফুটবল ডাৰ্বি খেল বিলাকৰ তালিকাতো কলকাতা ডাৰ্বিয়ে ঠাই পাইছে।১
এই দুয়োটা ফুটবল ক্লাবৰে বৃহৎ সংখ্যক সমৰ্থক আছে। দুয়োটা ক্লাবে দুটা পৃথক বঙালী সামাজিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰে। মোহন বাগানক সমৰ্থন কৰে বংগ দেশৰ পশ্চিমাঞ্চলৰ বঙালীসকলে। ইয়াৰ বিপৰীতে ইষ্ট বেংগলৰ সমৰ্থকসকল হৈছে ঘাইকৈ পূব বংগদেশৰ (এতিয়াৰ বাংলাদেশকো সামৰি)।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকাতা ডাৰ্বি” প্ৰবন্ধৰ সংশোধন ২৯২৬০০ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।