অৰূপ মান্না (Arup Manna) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, ফটো সাংবাদিক আৰু শিক্ষক। তেওঁৰ জন্ম নগাঁওত। মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা চিনেমেটোগ্ৰাফী, সম্পাদনা আৰু পৰিচালনাৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ মুঠ তিনিখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছে। মান্না পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নায়িকা আইদেউ সন্দিকৈৰ জীৱনভিত্তিক ছবি আইদেউ-এ শ্ৰেষ্ঠ অসমীয়া ছবি শিতানত ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) পাবলৈ সক্ষম হয়। এই ছবিখনে কানাডা, ব্ৰাজিল, জাৰ্মানী আদি দেশকে ধৰি ১০খন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল।১
মান্নাই আইদেউ ছবিখনৰ উপৰিও বহুকেইখন দূৰদৰ্শন ধাৰাবাহিক আৰু তথ্যচিত্ৰৰ চিত্ৰনাট্যও লিখিছে।১
পৰিচালিত চলচ্চিত্ৰ
- জীৱন তৃষ্ণা (২০০৫)
- আইদেউ (২০০৭)
- আৰোহী (২০১৫ চলচ্চিত্ৰ) (২০১৬)
তথ্যসূত্ৰ
- ↑ 54th National Film Awards 2006. Directorate of Film Festivals, GOI. পৃ. 65
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰূপ মান্না” প্ৰবন্ধৰ সংশোধন ৩৭৯৮৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।