অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুন্ধতী নাগ

অৰুন্ধতী নাগ (Arundhati Nag; জন্ম:ৰাও; ১৯৫৫/১৯৫৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২৫ বছৰতকৈও অধিক সময় ভাৰতৰ বহুভাষিক থিয়েটাৰৰ সৈতে জড়িত হৈ আছে, প্ৰথমে মুম্বাইত, য'ত তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন (আইপিটিএ)ৰ সৈতে জড়িত হৈছিল আৰু গুজৰাটী, মাৰাঠী, আৰু হিন্দী থিয়েটাৰৰ বিভিন্ন প্ৰডাকচন কৰিছিল।

হালনাগাদ: ২৪ মাৰ্চ ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অৰুন্ধতী নাগ (Arundhati Nag; জন্ম:ৰাও; ১৯৫৫/১৯৫৬১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২৫ বছৰতকৈও অধিক সময় ভাৰতৰ বহুভাষিক থিয়েটাৰৰ সৈতে জড়িত হৈ আছে, প্ৰথমে মুম্বাইত, য'ত তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন (আইপিটিএ)ৰ সৈতে জড়িত হৈছিল আৰু গুজৰাটী, মাৰাঠী, আৰু হিন্দী থিয়েটাৰৰ বিভিন্ন প্ৰডাকচন কৰিছিল। পিছলৈ বাংগালুৰুত তেওঁ কানাড়া, তামিল, মালয়ালম আৰু ইংৰাজী ভাষাতো থিয়েটাৰ কৰিছিল।

কেইবছৰমান তেওঁ কৰ্ণাটকৰ চিন্তামণিতে থাকিল।

কানাড়া অভিনেতা-পৰিচালক শংকৰ নাগৰ (১৯৮০–১৯৯০) সৈতে তেওঁৰ বিবাহৰ পিছত বাংগালুৰুত থিয়েটাৰৰ সৈতে তেওঁৰ সম্পৰ্ক অব্যাহত থাকে, য’ত তেওঁ কানাড়া ভাষাত কেইবাখনো নাটকত অভিনয় কৰে। ইয়াৰ ভিতৰত আছে- গিৰীশ কৰ্নাডৰ “অঞ্জু মল্লিগে’, বিখ্যাত নাটক ৱেইট আনটিল ডাৰ্ক ওপৰত আধাৰিত “২৭ মাৱলী চাৰ্কিল”,, “সন্ধ্যা ছায়া” (জয়ন্ত দলভি), গিৰীশ কৰ্নাডৰ “নাগমণ্ডল”, আৰু বাৰ্টল্ট ব্ৰেখটৰ “মাডাৰ কাৰেজ” (হুলাগুৰু হুলিয়াভাৰ ভূমিকাত)। ইয়াৰ উপৰিও তেওঁ কেইবাখনো কানাড়া চিনেমাত কাম কৰিছিল, যেনে- “এক্সিডেণ্ট” (১৯৮৪), “পৰমেশী প্ৰেমা প্ৰসংগ” (১৯৮৪) আৰু “নোদীস্বামী, নবিৰোডু হীগে” (১৯৮৭)।২

নাগে বাংগালুৰুত ৰংগ শংকৰ নামেৰে থিয়েটাৰ স্থান নিৰ্মাণ কৰিছিল।৩৪৫ অভিনয় ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ সংগীত নাটক একাডেমী বঁটা (২০০৮), পদ্মশ্ৰী (২০১০) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০১০) লাভ কৰে।৬৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Iyengar, Vidya. (19 June 2016). 'I lead my life in disbelief'. Bangalore Mirror
  2. ↑ Arundhati Nag Profile and Interview mumbaitheatreguide.com
  3. ↑ Arundhati Nag Profile and Interview mumbaitheatreguide.com
  4. ↑ Frontline, Volume 21 – Issue 24, 20 November – 3 December 2004
  5. ↑ Dream of a theatre দ্য হিন্দু, 21 November 2004
  6. ↑ Sangeet Natak Akademi Award সংগীত নাটক একাডেমী
  7. ↑ Sangeet Natak Akademi Award সংগীত নাটক একাডেমী

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় মঞ্চ অভিনেত্ৰীঅভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুন্ধতী নাগ” প্ৰবন্ধৰ সংশোধন ৪৯৬২৭৮ (২৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।