প্ৰেমচন্দ (হিন্দী-प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষা ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল।১ তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ।২ তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা জাগৰণ তথা সাহিত্যিক পত্ৰিকা হংসৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।
সংক্ষিপ্ত জীৱনী
বেনাৰসত অৱস্থিত লামহি গাঁৱত ১৮৮০ চনৰ ৩১ জুলাই তাৰিখে প্ৰেমচন্দৰ জন্ম হৈছিল। তেওঁ চিত্ৰগুপ্তবংশী কায়স্থ পৰিয়ালৰ বংশধৰ আছিল, যি কেইবা বিঘাও মাটিৰ মালিক আছিল।৩
সাহিত্যিক অৱদান
উপন্যাস
- অসৰাৰে মআবিদ / দেৱস্থান ৰহস্য
- হমখুৰ্মা ৱ হমসৱাব / প্ৰেমা
- কিশনা
- ৰূঠী ৰানী
- জলৱএ ঈসাৰ
- সেৱাসদন
- প্ৰেমাশ্ৰম
- ৰংগভূমি
- নিৰ্মলা
- কায়াকল্প
- অহংকাৰ
- প্ৰতিজ্ঞা
- গবন
- কৰ্মভূমি
- গোদান
- মংগলসূত্ৰ (অসম্পূৰ্ণ)- এইখন উপন্যাস তেওঁৰ পুত্ৰ অমৃতৰায়ে সম্পূৰ্ণ কৰিছিল।
গল্প সংকলন
- সপ্তসৰোজ
- নৱনিধি
- প্ৰেমপূৰ্ণিমা
- প্ৰেম-পচীসী
- প্ৰেম-প্ৰতিমা
- প্ৰেম-দ্বাদশী
- সমৰযাত্ৰা
- মানসৰোবৰ
নাটক
- সংগ্ৰাম
- কৰ্বলা
- প্ৰেম কী বেদী
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেমচন্দ” প্ৰবন্ধৰ সংশোধন ৫৬৮৪২৮ (৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।