ৰবাৰ্ট বাটলাৰ "বব" ৱিলচন জুনিয়ৰ (Robert Butler "Bob" Wilson, Jr; জন্ম: ১৬ মে ১৯৩৭) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ আৰু ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত ব্যৱস্থাপনাৰ আডামছ বিশিষ্ট এমিৰিটাছ অধ্যাপক। ২০২০ চনত তেওঁ প'ল আৰ. মিলগ্ৰমৰ সৈতে যুটীয়াভাৱে "নিলাম তত্ত্বৰ উন্নয়ন আৰু নতুন নিলাম সজ্জাৰ উদ্ভাৱন"ৰ বাবে অৰ্থনীতিৰ ন'বেল বঁটা লাভ কৰে।১২
ব্যৱস্থাপনা বিজ্ঞান আৰু ব্যৱসায় অৰ্থনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰবাৰ্ট বি. ৱিলচন বিশেষভাৱে জনাজাত। তেওঁৰ ডক্টৰেল থেছিছত চিকুয়েন্সীয়েল কোৱাডৰেটিক প্ৰগ্ৰেমিঙৰ অৱতাৰণা কৰিছিল। অৰৈখিক প্ৰগ্ৰেমিঙৰ বাবে চিকুয়েন্সীয়েল কোৱাডৰেটিক প্ৰগ্ৰেমিং বাবে অগ্ৰণী পুনৰাবৃত্তি পদ্ধতি হৈ পৰিছিল। ষ্টেণ্ডফৰ্ড বিজনেছ স্কুলৰ অন্যান্য গাণিতিক অৰ্থনীতিবিদৰ সৈতে তেওঁ অ-সমবায় ক্ৰীড়া তত্ত্ব ব্যৱহাৰ কৰি ঔদ্যোগিক সংগঠন আৰু সংগঠন তত্ত্ব পুনৰ প্ৰস্তুত কৰাত সহায় কৰিছিল। অৰৈখিক মূল্য নিৰ্ধাৰণৰ ওপৰত তেওঁৰ গৱেষণায়ে বৃহৎ ফাৰ্মৰ বাবে বিশেষকৈ শক্তি উদ্যোগৰ নীতি প্ৰভাৱিত কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৩৭ চনৰ ১৬ মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেব্ৰাস্কাৰ জেনেভাত ৰবাৰ্ট বি. ৱিলচনৰ জন্ম হৈছিল। তেওঁ নেব্ৰাস্কাৰ লিংক্লন হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পিছত হাৰভাৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়নৰ বাবে জলপানি লাভ কৰিছিল। ১৯৫৯ চনত তেওঁ হাৰভাৰ্ড কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৬১ চনত হাৰভাৰ্ড বিজনেছ স্কুলৰ ব্যৱস্থাপনা প্ৰশাসনিকৰ স্নাতকোত্তৰ আৰু ১৯৬৩ চনত পিএইছডি ডিগ্ৰী লাভ কৰিছিল।৩৪ কিছুদিনৰ তেওঁ বাবে লছ এঞ্জেলেছত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। তাৰপিছত তেওঁ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল। ১৯৬৪ চনৰ পৰা তেওঁ ষ্টেণ্ডফৰ্ড বিজনেছ স্কুলত অধ্যাপনা কৰি আছে।৪ ইয়াৰ লগতে ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ হাৰভাৰ্ড ল' স্কুলতো অধ্যাপনা কৰিছিল।৫
বাহ্যিক সংযোগ
- Curriculum Vitae of Robert B. Wilson. Stanford University
- Robert B. Wison. ISI HighlyCitied.com
- Articles published by Wilson. Stanford University
- Selected Working Papers and Publications. Stanford University
- Personal web page
- David M. Kreps; John Roberts; Robert B. Wilson. (July 1986). Contributions to the New Palgrave. Research paper. Graduate School of Business, Stanford University
তথ্যসূত্ৰ
- ↑ (October 12, 2020). The Prize in Economic Sciences 2020. Royal Swedish Academy of Sciences
- ↑ (October 12, 2020). The Prize in Economic Sciences 2020. Royal Swedish Academy of Sciences
- ↑ Wilson, Robert Butler. (1963). Some Theory and Methods of Mathematical Programming
- ↑ RobertWilson. Stanford University
- ↑ GSB Faculty - Robert Wilson. Graduate School of Business - Faculty
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবাৰ্ট বি. ৱিলচন” প্ৰবন্ধৰ সংশোধন ৬০৪৬৫৪ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।