অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অমিতা

অমিতা (বৈজ্ঞানিক নাম: Carica papaya) হৈছে এবিধ ফল। অমিতা Caricaceae পৰিয়ালৰ সদস্য।এই ফলটো মানুহে কেঁচা তথা সেউজীয়া অৱস্থাত পাচলি হিচাপে আৰু পকা অৱস্থাত ফল হিচাপে খায়। ইয়াৰ বহুতো ভেষজ গুণ আছে। ইয়াৰ ইউনানী নাম পাপিতা, আৰানড খৰবূযা। আৰু আয়ুৰ্বেদিক নাম অমৃততুম্বী।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৩ ২০৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

অমিতা (বৈজ্ঞানিক নাম: Carica papaya) হৈছে এবিধ ফল। অমিতা Caricaceae পৰিয়ালৰ সদস্য।১এই ফলটো মানুহে কেঁচা তথা সেউজীয়া অৱস্থাত পাচলি হিচাপে আৰু পকা অৱস্থাত ফল হিচাপে খায়। ইয়াৰ বহুতো ভেষজ গুণ আছে। ইয়াৰ ইউনানী নাম পাপিতা, আৰানড খৰবূযা। আৰু আয়ুৰ্বেদিক নাম অমৃততুম্বী।

পৰিচিতি

এইটো এটা সৰু আকৃতিৰ শাখাহীন বৃক্ষবিশেষ। ওখ বৃন্তযুক্ত ছত্ৰাকাৰ পাত ডাঙৰ হয় আৰু সৰ্পিল আকাৰত কাণ্ডৰ ওপৰৰ অংশত সজ্জিত থাকে। প্ৰায় গোটেই বছৰেই ফুল আৰু ফল হয়। কেঁচা ফল সেউজীয়া, পকা ফল হালধীয়া আৰু কমলা বৰ্ণৰ। এইটো পথ্য হিচাপেও ব্যৱহাৰ হয়। কেঁচা আৰু পকা দুয়োভাবেই খাব পাৰি; অৱশ্যে কেঁচা অৱস্থাত পাচলি আৰু পকিলে ফল হিচাপে খোৱা হয়। কেঁচা ফল বাহিৰৰ ফালে গাঢ় সেউজীয়া আৰু পকিলে বাকলিসহ হালধীয়া আৰু কমলা ৰঙৰ হয়।

বিস্তৃতি

অমিতা ভাৰত, বাংলাদেশ, আমেৰিকা, ব্ৰাজিল ইত্যাদি দেশত হয়।

খাদ্যপ্ৰাণ

১০০ গ্ৰাম পাকা অমিতাৰ পুষ্টিগুণ:

  1. আমিষ:০.৬ গ্ৰাম
  2. স্নেহ:০.১ গ্ৰাম
  3. খনিজ পদাৰ্থ:০.৫ গ্ৰাম
  4. ফাইবাৰ:০.৮ গ্ৰাম
  5. শৰ্কৰা:৭.২ গ্ৰাম
  6. ভিটামিন চি:৫৭ মিলিগ্ৰাম
  7. ছডিয়াম:৬.০ মিলিগ্ৰাম
  8. পটাচিয়াম:৬৯ মিলিগ্ৰাম
  9. আয়ৰন:০.৫ মিলিগ্ৰাম
  10. খাদ্যশক্তি:৩২ কিলোক্যালৰি

ৰাসায়নিক উপাদান

পাত আৰু কেঁচা ফল তৰুক্ষীৰ সমৃদ্ধ। এই তৰুক্ষীৰত প্ৰচুৰ পৰিমাণে হজমকাৰী এনজাইম প্যাপাইন বিদ্যমান। পাতত অ্যালকালয়েড, গ্লুকোচাইড আৰু ফলত প্ৰচুৰ পৰিমাণ ভিটামিন আছে।

গুণাগুণ

কাহৰ লগত তেজ ওলোৱা, কেঁচুমুৰীয়া, মূত্ৰনালীৰ ক্ষতত, দাদ আৰু সোৰিয়াসিস-ত, কোষ্ঠকাঠিণ্যত আৰু কৃমিত হিতকৰ। পকা অমিতা কেঁচুমুৰীয়া ৰোগ আৰু কোষ্ঠকাঠিন্য ৰোগত হিতকৰ। অমিতাত প্ৰচুৰ পেপেন এনজাইম আছে যি মানুহৰ পাকস্থলীত আমিষ হজমত সাহায্য কৰে।

তথ্যসূত্ৰ

  1. ↑ (2013). Carica

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমিতা” প্ৰবন্ধৰ সংশোধন ৩৯০৯৯৩ (১০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।