শ্ৰৱণ বিসংগতি বা বধিৰতা হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱণ ক্ষমতা লুপ্ত হৈ যোৱা।১ ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হ'ব পাৰে।২ ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়।৩ ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল, নিঃসংগতাত ভুগিব লগা হয়। বধিৰ বুলিলে সাধাৰণতে কমকৈ শুনা নাইবা একেবাৰে নুশুনা লোক সকলক বুজোৱা হয়।২
বিভিন্ন কাৰণৰ বাবে শ্ৰৱণ ক্ষমতা লুপ্ত হ'ব পাৰে: বংশগত, বয়স বৃদ্ধি, কোলাহলৰ প্ৰভাৱ, কিছুমান সংক্ৰমণ, জন্মৰ জটিলতা, আৰু বিভিন্ন ঔষধ তথা বিষাক্ৰিয়া আদি। এটা সাধাৰণ সংক্ৰমণজনিত বধিৰতা হৈছে Chronic ear infections। ৰুবেলাৰ দৰে গৰ্ভাৱস্থাৰ বিভিন্ন সংক্ৰমণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। শ্ৰৱণ পৰীক্ষাত এখন কাণে কমেও ২৫ ডেচিবল শব্দ শুনিবলৈ অক্ষম হ'লে বধিৰতা নিশ্চিত কৰা হয়।২ নৱজাতকৰ শ্ৰৱণ পৰীক্ষা অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়।৩
অৰ্ধ বধিৰতা প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰতিষেধক প্ৰদান, গৰ্ভধাৰণত উপযুক্ত প্ৰতিপালন, কোলাহলৰ পৰা আঁতৰি থকা, আৰু কিছুমান নিৰ্দিষ্ট ঔষধৰ ব্যৱহাৰ কৰা হয়।২ কোলাহল নিয়ন্ত্ৰণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই যুৱচামৰ Personal audio player ব্যৱহাৰৰ সীমা দৈনিক এক ঘণ্টা অনুমোদন জনাইছে।৪ শিশুসকলৰ বধিৰতা আগতীয়াকৈ চিনাক্তকৰণ আৰু শুশ্ৰূষা প্ৰদান অতি গুৰুত্বপূৰ্ণ। বিভিন্ন Hearing aids, Sign language, Cochlear implants আৰু subtitles অতি উপকাৰী। Lip reading হৈছে অন্য এক প্ৰকাৰৰ উপযোগী কৌশল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত শ্ৰৱণ সহায়ত যন্ত্ৰ ব্যৱহাৰ কৰা হয়।২
সমগ্ৰ বিশ্বজুৰি বধিৰতাৰ বাবে প্ৰায় ১০% ৱোক প্ৰভাৱিত হৈছে।৫ ইয়াৰ ফলত প্ৰায় ৫% (৩৬০ৰ পৰা ৬৩৮ নিযুত) লোকৰ অক্ষমতা সৃষ্টি হৈছে আৰু অন্য ১২৪ নিযুত লোক অক্ষমতা আশংকা কৰা হৈছে।২৬৭৬ ইয়াৰে প্ৰায় ৬৫ নিযুত লোকৰ বধিৰতা শিশু অৱস্থাতেই আৰম্ভ হোৱা।৮ Sign language কব পৰা সকলৰ বেছিভাগেই Deaf cultureৰ সদস্য আৰু তেওঁলোকে নিজকে কোনো ৰোগাক্ৰান্ত বুলি ভবাৰ সলনি পৃথক গুণসম্পন্ন বুলিহে ভাবে,৯ আৰু এনে বহু সদস্যই বধিৰতাৰ চিকিৎসা কৰাৰ বিৰোধিতা কৰে।১০১১১২১৩
তথ্যসূত্ৰ
- ↑ (2011). Deafness. Encyclopædia Britannica Online. Encyclopædia Britannica Inc
- ↑ (March 2015). Deafness and hearing loss Fact sheet N°300
- ↑ Lasak, JM; Allen, P; McVay, T. (Mar 2014). Hearing loss: diagnosis and management.. Primary care. পৃ. 19–31
- ↑ (27 February 2015). 1.1 billion people at risk of hearing loss WHO highlights serious threat posed by exposure to recreational noise. who.int
- ↑ Oishi, N.; Schacht, J. (June 2011). Emerging treatments for noise-induced hearing loss. Expert opinion on emerging drugs
- ↑ WHO. (2008). http://www.who.int/healthinfo/global_burden_disease/GBD_report_2004update_full.pdf. World Health Organization. পৃ. 35. ISBN 9789241563710
- ↑ Olusanya, BO; Neumann, KJ; Saunders, JE. (1 May 2014). The global burden of disabling hearing impairment: a call to action.. Bulletin of the World Health Organization. পৃ. 367–73
- ↑ Elzouki, Abdelaziz Y. Textbook of clinical pediatrics. Springer. পৃ. 602. ISBN 9783642022012
- ↑ Community and Culture - Frequently Asked Questions. nad.org. National Association of the Deaf
- ↑ Sound and Fury - Cochlear Implants - Essay. www.pbs.org. PBS
- ↑ Understanding Deafness: Not Everyone Wants to Be 'Fixed'. www.theatlantic.com. The Atlantic
- ↑ Why not all deaf people want to be cured. www.telegraph.co.uk. The Daily Telegraph
- ↑ Sparrow, Robert. (2005). Defending Deaf Culture: The Case of Cochlear Implants. The Journal of Political Philosophy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বধিৰতা” প্ৰবন্ধৰ সংশোধন ৫১৭৪৪৮ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।