আলজেমাৰ ৰোগ হৈছে এক প্ৰকাৰৰ স্নায়বিক ৰোগ।১ ইয়াৰ প্ৰধান লক্ষণ হৈছে শেহতীয়া ঘটনাৱলী সোঁৱৰণ (তৎকালীন স্মৃতি) কৰাত অসুবিধা হোৱা।১ ৰোগৰ প্ৰাৱল্য বৃদ্ধি হোৱাৰ লগে লগে ভাষাৰ সমস্যা, উৎসাহ হেৰাই যোৱা, আচৰণগত সমস্যা আদিয়েও দেখা দিয়ে।১ ৰোগীৰ অৱস্থাৰ অধিক অৱনতি হ'লে, তেওঁলোকক প্ৰায়ে পৰিয়াল আৰু সমাজৰ পৰা বহিষ্কাৰ কৰা হয়।১ ক্ৰমান্নয়ে, দৈহিক কাৰ্যকাৰিতা লুপ্ত হয় আৰু ৰোগীজন মৃত্যুমুখত পৰে।২ যদিও ৰোগ বৃদ্ধিৰ হাৰ ভিন্ন, গড় হিতাপে ৰোগী নৰ পৰা দহ বছৰৰ ভিতৰত মৃত্যুমুখত পৰে।৩
আলজেমাৰ ৰোগৰ কাৰকসমূহ সম্পূৰ্ণৰূপে বুজা গৈছে।১ প্ৰায় ৭০% ৰোগৰ কাৰণ বংশগত বুলি বিশ্বাস কৰা হয়; সাধাৰণতে বহুতো জিন জড়িত হৈ থাকে।৪ অন্যান্য কাৰকবোৰ হৈছে মূৰৰ আঘাত, অৱসাদ, বা দুশ্চিন্তা।১ এই ৰোগ মস্তিষ্কৰ plaques আৰু tanglesৰ লগত জড়িত।৪ ৰোগৰ ইতিহাস আৰু মেডিকেল ইমেজিং আৰু ৰক্ত পৰীক্ষাৰ দ্বাৰা অন্য সম্ভাৱনীয় কাৰক নিৰ্ধাৰণৰ সংজ্ঞানাত্মক অভীক্ষা ভিত্তিত ইয়াৰ চিকিৎসা কৰা হয়।৫ মগজুৰ কলা পৰীক্ষা কৰি ৰোগ নিৰ্ধাৰণ কৰা হয়।৪ নিয়মিত মানসিক আৰু শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰত থাকিলে এই ৰোগৰ সম্ভাৱনা বহু হ্ৰাস পায়।৪
তথ্যসূত্ৰ
- ↑ Burns A, Iliffe S. (5 February 2009). Alzheimer's disease. BMJ. পৃ. b158
- ↑ About Alzheimer's Disease: Symptoms. National Institute on Aging
- ↑ Todd S, Barr S, Roberts M, Passmore AP. (November 2013). Survival in dementia and predictors of mortality: a review. International Journal of Geriatric Psychiatry. পৃ. 1109–24
- ↑ (19 March 2011). Alzheimer's disease.. Lancet. পৃ. 1019–31
- ↑ Dementia diagnosis and assessment. National Institute for Health and Care Excellence (NICE)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলজেমাৰ ৰোগ” প্ৰবন্ধৰ সংশোধন ৬২৪৮৪৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।