ৰোগ
৪২ প্ৰবন্ধ
-
ইব'লা মহামাৰী
ইব’লা ভাইৰাছ ৰোগ (Ebola, EVD বা ইব’লা) অতি সংক্ৰামক আৰু মাৰাত্মক ৰোগ। ১৯৭৬ চনত ইব’লা প্ৰথমবাৰৰ বাবে একেলগে ২টাকৈ প্ৰাদুৰ্ভাৱ হৈছিল, এটা বৰ্তমান দক্ষিণ চুডানৰ ঞ্জাৰাত আৰু আনটো কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ইয়াম্বুকুত। পিছৰটো ইব'লা নদীৰ ওচৰৰ এখন গাঁৱত সংঘটিত হৈছিল, য’ৰ পৰাই এই ৰোগৰ নাম লোৱা হৈছে।
-
গেষ্ট্ৰ’এণ্টেৰাইটিছ
গেষ্ট্ৰ'এণ্টেৰাইটিছ, (সংক্ৰামক ডায়েৰিয়া বুলিও কোৱা হয়) হ'ল পেট আৰু অন্ত্ৰকে ধৰি গেষ্ট্ৰাইটিছ নলীৰ প্ৰদাহ। লক্ষণসমূহৰ ভিতৰত ডায়েৰিয়া, বমি আৰু পেটৰ বিষ আদি হ'ব পাৰে। জ্বৰ, শক্তিৰ অভাৱ আৰু পানীলগা আদিও হ'ব পাৰে। এইটো সাধাৰণতে দুসপ্তাহতকৈ কম সময়ৰ বাবে হয়।
-
চিৰ'ছিছ্
চিৰ'ছিছ্, যাক লিভাৰ চিৰ'ছিছ্ বা হেপাটিক চিৰ'ছিছ্ বুলিও কোৱা হয়, আৰু শেষ পৰ্যায়ৰ যকৃতৰ ৰোগ, যকৃতৰ এনে এটা অৱস্থা য'ত দীৰ্ঘদিনীয়া যকৃতৰ ৰোগৰ ফলত স্বাভাৱিক কাৰ্য্যক্ষম কলা বা পেৰেনকাইমাৰ ঠাই ফাইব্ৰ'ছিছ আৰু পুনৰোৎপাদনশীল নোডুলে গ্ৰহণ কৰে।
-
জৰায়ুৰ হাইপ’প্লাছিয়া
জৰায়ুৰ হাইপ’প্লাছিয়া (যাক শিশুসুলভ জৰায়ু বুলিও কোৱা হয়) হৈছে এনে এক প্ৰজনন বিকাৰ য’ত জৰায়ু স্বাভাৱিকতকৈ সৰু হয়। জৰায়ুৰ হাইপ’প্লাছিয়া হৈছে এনে এক বিকাৰ, য’ত প্ৰাপ্তবয়স্ক জৰায়ুৰ অনুপাত অপৰিপক্ব জৰায়ুৰ দৰে হয়।
-
নীৰৱ অৱাম্লজানতা
নীৰৱ অৱাম্লজানতা বা ছাইলেণ্ট হাইপ'ক্সিয়া হৈছে এক প্ৰকাৰৰ হাইপোক্সিয়া অৰ্থাৎ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যোৱা এক অৱস্থা, যাৰ উশাহ চুটি হোৱা অৱস্থাৰ সৈতে কোনো মিল নাই। ইয়াক কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ এক জটিলতা বুলি জনা যায়।
-
বৃদ্ধ বয়স
বৃদ্ধ বয়স বা বৃদ্ধাৱস্থা (Old age) হৈছে জীৱনৰ সেই পৰ্য্যায় যেতিয়া মানুহৰ আয়ুস নিৰ্দিষ্ট পৰিসীমাৰ ওচৰ চাপে বা পাৰ হৈ যায়। অৰ্থাৎ আয়ুসৰ ওচৰ চাপি অহা আৰু প্ৰত্যাশিত আয়ুস অতিক্ৰম কৰি অন্তিম পৰিসমাপ্তিলৈকে কালচোৱাই হল বৃদ্ধাৱস্থা।
-
ম'য়াম'য়া ৰোগ
ম'য়াম'য়া ৰোগ মগজুৰ কিছুমান ধমনী সংকুচিত হোৱা ৰোগ। তেজৰ সোঁত সংকোচন আৰু তেজ গোট মৰাৰ ফলত (থ্ৰম্ব'ছিছ) বন্ধ হৈ পৰে। বন্ধ হৈ যোৱা ধমনীবোৰৰ চাৰিওফালে বন্ধ হোৱাৰ ক্ষতি পূৰাবলৈ এটা সমান্তৰাল সংবহন গঢ় লৈ উঠে, কিন্তু এই নতুন ধমনীবোৰ সৰু, দুৰ্বল হোৱাৰ লগতে ৰক্তক্ষৰণ, এনিউৰিজম আৰু থ্ৰম্ব’ছিছৰ প্ৰৱণতা থাকে।
-
মাইগ্ৰেণ
মনত ৰাখিব, ৱিকিপিডিয়াই কোনো চিকিৎসাৰ পৰামৰ্শ নিদিয়ে। 'মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱাৰ যেনে চকলেট, আঙুৰৰ ৰস, পনিৰ ইত্যাদিৰ প্ৰভাৱত পুনৰ নতুনকৈ ভয়ঙ্কৰ মূৰৰ বিষ…
-
মানৱ সংক্ৰামক
মানৱ সংক্ৰামক (ইংৰাজী: Human pathogens) হ'ল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, প্ৰ'টজৱা হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে।
-
লেৰিংজাইটিছ
মানুহৰ দেহৰ ডিঙিৰ ভিতৰত যিডাল নলীৰ মাজেৰে বতাহ চলাচকৰে তাৰ একেবাৰে আগভাগৰ অংশকে স্বৰযন্ত্ৰ বা লেৰিংছ বোলে। আমাৰ ডিঙিৰ ভিতৰত একেবাৰে ওচৰা ওচৰীকৈ দুডাল নলী আছে-এডালৰ মাজেৰে খাদ্য বস্তু আৰু আনডালৰ মাজেৰে বতাহ চলাচল কৰে।
-
শ্ৰোণিৰ প্ৰদাহ ৰোগ
শ্ৰোণীৰ প্ৰদাহ ৰোগ বা পি আই ডি (Pelvic Inflammatory Disease) হ'ল পেলভিক ইনফ্লেমেটৰি ডিজিজ। সাধাৰণতে জৰায়ু, ডিম্বনলী আৰু আন প্ৰজনন অংগৰ সংক্ৰামণক এই ৰোগ বোলা হয়। এইৰোগ কেৱল মহিলাসকলৰ ক্ষেত্ৰত হোৱা দেখা যায়।
-
হাড়ৰ জায়েণ্ট-চেল টিউমাৰ
হাড়ৰ জায়েণ্ট-চেল টিউমাৰ (Giant-cell tumor of the bone, সংক্ষেপে GCTOB) হৈছে তুলনামূলকভাৱে অগতানুগতিক এবিধ হাড়ৰ টিউমাৰ। ইয়াক মাল্টিনিউক্লিয়েটেড জায়েণ্ট-চেলৰ (অষ্টিঅ’ক্লাষ্ট সদৃশ কোষ) উপস্থিতিৰ দ্বাৰা চৰিত্ৰাংকণ কৰা হয়।