অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান

গুনুং হালিমুন ছালাক ৰাষ্ট্ৰীয় উদ্যান (Mount Halimun Salak National Park) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ পশ্চিম জাভা প্ৰদেশৰ ৪০০ বৰ্গকিলোমিটাৰৰ এক সংৰক্ষণ এলেকা। ১৯৯২ চনত স্থাপিত এই উদ্যানখনত ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বনাঞ্চলৰ কৰিডৰৰ সৈতে মাউণ্ট ছালাক আৰু মাউণ্ট হালিমুন নামৰ দুটা পৰ্বত আছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গুনুং হালিমুন ছালাক ৰাষ্ট্ৰীয় উদ্যান (Mount Halimun Salak National Park) ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ পশ্চিম জাভা প্ৰদেশৰ ৪০০ বৰ্গকিলোমিটাৰৰ এক সংৰক্ষণ এলেকা। ১৯৯২ চনত স্থাপিত এই উদ্যানখনত ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বনাঞ্চলৰ কৰিডৰৰ সৈতে মাউণ্ট ছালাক আৰু মাউণ্ট হালিমুন নামৰ দুটা পৰ্বত আছে।১২ ই মাউণ্ট গেডে পাংগ্ৰাংগো ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত অৱস্থিত, কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনলৈ চুকাবুমিৰ পৰা প্ৰশাসন চকীলৈ ২ ঘণ্টাৰ ড্ৰাইভ আৰু তাৰ পিছত পুনৰ ২ ঘণ্টাৰ ড্ৰাইভ (৩০ কিলোমিটাৰ)কৰি চিকানিকী পোষ্ট গেটলৈ যাব লাগে।

উদ্যানখনত নগৰীয়া জনসংখ্যাৰ পৰা ৰক্ষা কৰা জলাশয় আৰু উত্তৰ দিশৰ কৃষি অঞ্চলৰ,৩ লগতে কেইবাটাও বিপন্ন প্ৰাণী আৰু বিৰল চৰাই আছে।৪

ভৌগলিক বিৱৰণ

ইয়াৰ পৰ্বতৰ শিখৰবোৰ ১৯২৯ মিটাৰ পৰ্যন্ত হয় আৰু প্ৰায়ে কুঁৱলীৰে আবৃত হয়; আনহাতে ইয়াৰ উপত্যকাসমূহত অনাৱিষ্কৃত বহু কথা লুকাই আছে বুলি ধাৰণা কৰা হয়।৩ মাউণ্ট ছালাক অতিপাত বৰষুণৰ বাবে এটা সৃষ্টি হোৱা এটা জলাশয় অঞ্চল।৫ এই উদ্যানখন হালিমুন আৰু মাউণ্ট ছালাকৰ দুটা গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ সংমিশ্ৰণ, যিবোৰ ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বন কৰিডৰৰ দ্বাৰা সংযুক্ত।৬

উদ্যানখনত থকা সম্প্ৰদায়সমূহ

কেছেপুহান পৰম্পৰাগত সম্প্ৰদায়টো হৈছে উদ্যানখনৰ দক্ষিণ অংশত বাস কৰা প্ৰায় ৫৩০০ লোকৰ এটা গোট। তেওঁলোকৰ মূল গাঁও চিপটেজেলাৰ।৭

পৰিৱেশ বিজ্ঞান

মাউণ্ট হালিমুন এন পি জাভান লুটুঙৰ অৱশিষ্ট সুৰক্ষিত বাসস্থানৰ ভিতৰত অন্যতম
মাউণ্ট হালিমুন এন পি জাভান লুটুঙৰ অৱশিষ্ট সুৰক্ষিত বাসস্থানৰ ভিতৰত অন্যতমছবি: CC BY-SA 3.0

তলৰ অঞ্চলত বিপন্ন পশ্চিম জাভাৰ গিবন (Hylobates moloch moloch) - ৰূপালী গিবনৰ এটা উপ-প্ৰজাতিৰ সুৰক্ষিত সংখ্যা আছে। মাউণ্ট হালিমুন ইয়াৰ আটাইতকৈ সুৰক্ষিত বাসস্থান, কিন্তু ইয়াৰ পৰিসৰ উদ্যানখনৰ চাৰিওফালে এটা পাতল ঘেৰত সীমাবদ্ধ কাৰণ এই প্ৰজাতিটো ১২০০ মিটাৰৰ ওপৰত পোৱা নাযায়।৩ জাভান লুটুং (Trachypithecus auratus), আৰু অন্যান্য স্থানীয় প্ৰজাতিসমূহ স্পষ্ট; ইয়াৰ ১৪৫টা চৰাই প্ৰজাতিৰ প্ৰায় আধা জাভাৰ অন্য ঠাইত খুব কমেইহে দেখা যায়।৩

১০,০০০ হেক্টৰ ভূতাপীয় ৰেহাই থকা চেভ্ৰন পেচিফিক ইণ্ডোনেছিয়াই নিজৰ শক্তি কেন্দ্ৰৰ সুবিধাৰ বাবে ৩ শতাংশ অঞ্চল ব্যৱহাৰ কৰি কিছুমান সংৰক্ষণ কাৰ্য্যকলাপ যেনে কেমেৰা ফান্দ স্থাপন কৰা আদি কামত জড়িত হৈ আছে।২৮

প্ৰজনন

ইয়াত ৩ বিধ প্ৰাণীৰ প্ৰজনন জনা যায়:২

  • ২০০৮ চনত ৫৪ৰ পৰা ২০১৩ চনত ৬১লৈ বৃদ্ধি পাইছে ৰূপালী গিবন.
  • ২০০৮ চনত জাভান হক ঈগলৰ সংখ্যা ১০ৰ পৰা ২০১১ চনত ১৬টালৈ বৃদ্ধি পাইছিল যদিও ২০১৩ চনত ১১টালৈ হ্ৰাস পাইছিল.
  • জাভান নাহৰফুটুকীৰ সংখ্যা ২০০৮ চনত ৬ৰ পৰা ২০১৪ চনৰ মাজভাগত ১৮টালৈ যথেষ্ট বৃদ্ধি পায়.

তথ্যসূত্ৰ

  1. ↑ Whitten, Anthony J.; Whitten, Tony; Soeriaatmadja, Roehayat Emon. (1997-07-15). The ecology of Java and Bali. Oxford University Press. পৃ. 213. ISBN 978-962-593-072-5
  2. ↑ Hans David Tampubolon. (July 8, 2013). Hidden cameras capture endangered species
  3. ↑ Whitten, Tony and Jane. (1992). Wild Indonesia: The Wildlife and Scenery of the Indonesian Archipelago. New Holland. পৃ. 128–131. ISBN 1-85368-128-8
  4. ↑ Taman Nasional Gunung Halimun Salak (TNGHS). Gunung Halimun Salak National Park Management Project
  5. ↑ Foundation, Raptor Research. (2003-01-01). The Journal of raptor research. Allen Press
  6. ↑ Ika Krismantari, 'Saving "THE CORRIDOR" ', The Jakarta Post, 8 May 2012
  7. ↑ J. Adiguna, 'Living in harmony with the nature', The Jakarta Post, 11 August 2008
  8. ↑ CSR Outreach: Chevron restores ecology in Mt. Halimun Salak, 24 July 2012, The Jakarta Post

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানৰাষ্ট্ৰীয় উদ্যান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬৩০৮৮৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।